নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগালেণ্ডৰ পৰা কৰ ফাঁকিৰে অসমৰ মাজেৰে সৰৱৰাহ হৈছে মূল্যবান চেগুন কাঠ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ আৰক্ষী আৰু সংশ্লিষ্ট প্ৰশাসন বন বিভাগৰ চকুত ধুলি দি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ক’ৰোনাতংকৰ মাজতো অব্যাহত হৈ আছে মূল্যবান চেগুণ কাঠৰ চোৰাং সৰৱৰাহ ৷ কালি ৰাতি বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীয়ে নগালেণ্ডৰ ডিমাপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীলৈ আহি থকা RJ18GA 3453 নম্বৰৰ এখন এনে চেগুণ কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰি থানালৈ অনাৰ পাছতে উন্মোচিত হৈছে মূল্যবান চেগুণ কাঠৰ সৰৱৰাহৰ আঁৰত থকা চোৰাং ছিণ্ডিকেট চক্ৰৰ বিভিন্ন কৌশল ৷ এই ছিণ্ডিকেট চক্ৰটো নিয়ন্ত্ৰণ কৰে নাগালেণ্ড টিম্বাৰছ এছচিয়েচনে ৷ প্ৰাৰম্ভিক অৱস্থাত এনে ট্ৰাক সমূহৰ নথি পত্ৰ সঠিক যেন লাগিলেও সকলো নথিপত্ৰ আসোৱাঁহপূৰ্ণ ৷

উল্লেখ্য যে জব্দ কৰা উক্ত ট্ৰাকখনত নথিপত্ৰত দেখুৱাইছে ১৫০টা চেগুণৰ বাটাম যাৰ হিচাব ৭১১ ছেফটি ৷ কিন্তু গাড়ীখনত প্ৰকৃততে ১০০০ টাৰো অধিক বাটাম আছে যাৰ হিচাৱ প্ৰায় ১৪০০ ছেফটি ৷ এনদৰেই বৃহৎ কৰ ফাঁকিৰে বিভিন্ন পক্ষক মেনেজ কৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে দৈনিক ট্ৰাকে ট্ৰাকে এনে অবৈধ মূল্যবান কাঠ সৰৱৰাহ কৰি আহিছে ছিণ্ডিকেট চক্ৰটোৱে ৷ আনহাতে নথিপত্ৰ মতে প্ৰতি কেবি মূল্যবান চেগুন কাঠৰ মূল্য নিৰ্ধাৰণ কৰিছে ৫০০ টকা য’ত ট্ৰাকখনত থকা ৭১১ ছেফটি কাঠৰ মূল্য হয়গৈ ৩৫৫৮৬২ টকা যাৰ বিনিময়ত ১৮ শতাংশ জি এছ টি পৰিশোধ কৰা হৈছে ৬৪০৫৫টকা ৷

প্ৰকৃততে আজিৰ তাৰিখত নগালেণ্ডৰ চেগুণ কাঠৰ বজাৰ মূল্য প্ৰতি ছেফটিত ১০০০ টকা ৷যদি গাড়ীখনত মজুত থকা বৈধ অবৈধ ১৪০০ছেফটিৰ চেগুন কাঠৰ মূল্য হয় চৈধ্য লাখ টকা যাৰ জিএছটি মূল্য হয় ২৫২০০০ টকা ৷ গতিকে প্ৰতিখন ট্ৰাকে উক্ত হিচাৱত প্ৰায় দুই লাখ টকা জি এছ টি ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷ আৰক্ষীয়ে চালক হেণ্ডিমেন সহ তিনিজনক সোধা পোছা অব্যাহত ৰখিছে।ধৃত ব্যক্তি কেইজন হৈছে ক্ৰমে চালক ওমৰ ফাৰুক, যাদৱ কলিতা আৰু হেণ্ডিমেন নুৰুদ্দিন আলি।

  আনহাতে আৰক্ষীয়ে চোৰাং কাঠ ভৰ্ত্তি ট্ৰাকখন বন বিভাগক হস্তান্তৰ কৰাৰ পাছত বন বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ছিণ্ডিকেট চক্ৰৰ লগত মিতিৰালি কৰি অনাগত দিনত এনে চোৰাং ব্যৱসায়ত সাৰ পানী যোগাব সেইয়া সময়ত গম পোৱা যাব।

You might also like