নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্র তিনি মাহতে প্রতিকিলো আলু ৩০, পিঁয়াজ ৪০, মিঠাতেল ২৮ দাইলৰ মূল্য বাঢ়িল ১৫ টকা পর্যন্ত

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ লকডাউন আৰু ক’ৰোনাকেন্দ্রিক পৰিৱেশে আর্থিক দিশলৈ নমাই অনা সংকটৰ পৰা মূৰ তুলিব নোৱাৰা জনসাধাৰণক এইবাৰ খাদ্য–সামগ্রীৰ চৰা দামে ভয়ংকৰ পৰিস্থিতিলৈ ঠেলি দিছে৷ লকডাউনৰ ফলত ৰাজ্যৰ ব্যৱসায় মন্দাৱস্থালৈ গতি কৰিছিল যদিও শেহতীয়াকৈ কিছু সুস্থিৰতা লাভ কৰাৰ বিপৰীতে কিন্তু মূল্যবৃদ্ধিয়ে দৰিদ্র, নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত লোকলৈ নমাই আনিছে চৰম অনিশ্চয়তা৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে নিম্ন আয়ৰ সাধাৰণ পৰিয়ালৰ বাবে এসাঁজ ভাত খোৱাটো কঠিন হৈ পৰিছে৷ পৰিতাপৰ বিষয়টো হ’ল যে ভয়ংকৰ মূল্যবৃদ্ধিয়ে প্রতিটো দৰিদ্র–মধ্যবিত্ত পৰিয়ালক মাধমাৰ শোধোৱাৰ পাছতো মূল্য নিয়ন্ত্রণৰ ক্ষেত্রত তিলমাত্রও সকাহ দিবলৈ সক্ষম হোৱা নাই চৰকাৰখনে৷ কার্যতঃ অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ চৰকাৰৰ নিয়ন্ত্রণৰ বাহিৰলৈ গৈছে৷ ফলত প্রতিবিধ খাদ্য–সামগ্রীৰ মূল্য প্রায় ডেৰ গুণগৈ বৃদ্ধি হৈছে যোৱা তিনি মাহত৷ আলু আৰু পিঁয়াজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক ত্রাহি মধুসূদন সোঁৱৰোৱাৰ সময়ত বৃদ্ধি পাইছে দাইল, মিঠাতেল আৰু আন খাদ্য–সামগ্রীৰ মূল্য৷

মন কৰিবলগীয়া যে লকডাউনৰ সময়ছোৱাতো সামগ্রীৰ মূল্য কিছু নিয়ন্ত্রণত আছিল যদিও লকডাউন প্রত্যাহাৰৰ পাছত খুচুৰা বজাৰেই নহয়, পাইকাৰী বজাৰতো ঊর্ধ্বগামী হ’বলৈ লৈছে খাদ্য–সামগ্রীৰ মূল্য৷ সাধাৰণ ৰাইজক মাধমাৰ শোধাই প্রতি লিটাৰ মিঠাতেলৰ দাম ৩৫ টকাকৈ বৃদ্ধি পাইছে৷ একেদৰে মচুৰ দাইলৰ দাম ১৫ৰ পৰা ২০ টকাকৈ, সাধাৰণ আইজং চাউলৰ মূল্য প্রতি কিলোত ১০ টকাকৈ বৃদ্ধি পাইছে৷ উল্লেখ্য যে বিগত সময়ছোৱাত ইন্ধনজাত সামগ্রীৰ মূল্যবৃদ্ধি তথা লকডাউনৰ ফলত খাদ্য–সামগ্রী কঢ়িওৱাত উদ্ভৱ হোৱা সমস্যা তথা শ্রমিকৰ অভাৱৰ বাবে পাইকাৰী ব্যৱসায়ীসকলে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্য বৃদ্ধি হোৱাৰ অজুহাত দেখুৱাইছিল৷ কিন্তু লকডাউন প্রত্যাহাৰৰ পাছত পৰিৱেশ স্বাভাৱিক হোৱাৰ সময়তে সামগ্রীৰ মূল্যবৃদ্ধিৰ কাৰণ কি, সেয়া সাধাৰণ ৰাইজৰ বাবে সাঁথৰ হৈ পৰিছে৷

এইক্ষেত্রত ৰাজ্য চৰকাৰৰ যোগান বিভাগৰ নির্বিকাৰ স্থিতিয়ে ব্যৱসায়ীসকলক সামগ্রীৰ মূল্যবৃদ্ধি ঘটোৱাত দুগুণ উৎসাহ দিছে৷ কার্যতঃ ৰাজ্যৰ ব্যৱসায়িক কেন্দ্রস্থল ফাঁচীবজাৰ যোগান বিভাগৰ যে নিয়ন্ত্রণত নাই, সেয়াও স্পষ্ট হৈ পৰিছে৷ আনকি অনাগত দিনত দাইল, আলু, পিঁয়াজ, মিঠাতেল আৰু আটাৰ মূল্য ক্রমাৎ বৃদ্ধি হৈ থাকিব বুলিও পাইকাৰী ব্যৱসায়ীসকলে ঘোষণা কৰিছে৷ অভাৱনীয় এনে মূল্যবৃদ্ধিক লৈ সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ পৰিপ্রেক্ষিতত যোৱা সময়ছোৱাত যোগান বিভাগে চেম্বার্ছ অৱ কমার্চৰ লগতে কেইবাটাও ব্যৱসায়িক সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছিল৷ উক্ত বৈঠকত মূল্য নিয়ন্ত্রণৰ ক্ষেত্রত চৰকাৰৰ কঠোৰ স্থিতি স্পষ্ট কৰাত ব্যৱসায়ীসকলে দুই–তিনি দিন সামগ্রীৰ মূল্য কিছু স্বাভাৱিক কৰিছিল যদিও নৱেম্বৰ মাহৰ মাজভাগৰ পৰাই পুনৰ অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ লৈছে খাদ্য–সামগ্রীৰ মূল্য৷

লক্ষণীয় যে যোৱা ছেপ্ঢেম্বৰ মাহৰ প্রথম ভাগত প্রতি কিলো সৰু মচুৰ দাইলৰ মূল্য ৮৬–৯০ টকা আছিল৷ কিন্তু আজিৰ দিনটোত সৰু মচুৰ দাইলৰ মূল্য ৯৬–১০০ টকা৷ তিনি মাহতে সৰু মচুৰৰ মূল্য ১০ টকা বৃদ্ধি হোৱাৰ বিপৰীতে ডাঙৰ মচুৰ দাইলৰ দাম ১৬ টকালৈ বৃদ্ধি পাইছে৷ ছেপ্ঢেম্বৰ মাহত ডাঙৰ মচুৰ দাইলৰ দাম আছিল ৭০ টকা৷ বর্তমান দাম ৮৬ টকা৷ একেদৰে মগু দাইলৰ দাম ২০ টকালৈ বৃদ্ধি পাইছে৷ তিনি মাহ পূর্বে প্রতি কিলো মগু দাইলৰ দাম ১০০ টকা আছিল৷ ইয়াৰ বিপৰীতে বর্তমানৰ মূল্য হ’ল ১২০ টকা৷ প্রতি কিলো বুট দাইলৰ দাম তিনি মাহ পূর্বে আছিল ৭২ টকা৷ বর্তমান প্রতি কিলো বুট দাইল বিক্রী হৈছে ৮২ টকাকৈ৷ সবাতোকৈ বেছি মূল্যবৃদ্ধি ঘটিছে মিঠাতেলৰ৷ ছেপ্ঢেম্বৰ মাহৰ প্রথম ভাগত প্রতি লিটাৰ মিঠাতেলৰ পেকেটৰ দাম ১০৮ টকা আছিল৷ এই মূল্য এতিয়া ১৩৫ টকালৈ বৃদ্ধি পাইছে৷ আনহাতে, আলু আৰু পিঁয়াজ সাধাৰণ ৰাইজে ক্রয় কৰাটো একপ্রকাৰ দুৰূহ হৈ পৰিছে৷ ছেপ্ঢেম্বৰ মাহৰ প্রথম ভাগত ৩০–৪০ টকা প্রতি কিলোত আলু বিক্রী হোৱাৰ বিপৰীতে বর্তমান প্রতি কিলো আলুৰ মূল্য ৫০ টকা৷ আনকি পাইকাৰী বজাৰতো প্রতি কুইণ্টল আলু বিক্রী হৈছে ৪,৩০০ টকাকৈ৷ একেদৰে নিয়ন্ত্রণহীন হৈ পৰা পিঁয়াজৰ মূল্য ৮০ টকাকৈ এতিয়াও বিক্রী হৈ আছে৷ ছেপ্ঢেম্বৰ মাহত প্রতি কিলো পিঁয়াজ বিক্রী হৈছিল ৪০ টকাকৈ৷ খাদ্য–সামগ্রীৰ সমান্তৰালকৈ পাচলিৰ বজাৰতো এতিয়া জুই–ছাই দাম৷ প্রতিবিধ পাচলি ৫০–৮০ টকাকৈ বিক্রী হৈছে৷ ইফালে তিনি মাহ পূর্বে ৩০টা কণীৰ দাম আছিল ১২০ টকা৷ বর্তমান ৩০টা কণীৰ মূল্য হৈছে ১৮০ টকা৷ সেয়াই নহয়, ব্রইলাৰ মুর্গীৰ প্রতি কিলোৰ দাম ১৮০ টকাৰ পৰা ২৪০ টকালৈ বৃদ্ধি হৈছে৷ ছাগলীৰ মাংস ৬০০ টকাৰ পৰা ৭০০ টকালৈ বৃদ্ধি হৈছে৷

You might also like