নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছু–এনডিএফবিৰ ভয় দেখুৱাই ভোট লৈ অহা হাগ্রামাৰ দাদাগিৰি এইবাৰ নচলে

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসনকালত বিটিচি উন্নয়নৰ বাবে কেন্দ্রই পঠিওৱা পুঁজিৰ সদ্ব্যৱহাৰ নহ’ল, সদ্ব্যৱহাৰ হোৱাহেঁতেন বিটিচিৰ প্রতিখন জিলাই একোখন জাকতজিলিকা জিলা হিচাপে পৰিগণিত হ’লহেঁতেন৷ ১৫টা বছৰে বিপিএফে ৰাইজক শাসন কৰাৰ নামত কেৱল শোষণহে কৰিলে৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী ফটিক কছাৰীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি ডিমাকুছি ক্রীডা ষ্টেডিয়ামত অনুষ্ঠিত এখন বিশাল সভাত মন্ত্রী ড০ শর্মাই কয় যে হাগ্রামা মহিলাৰী ৰাইজৰ কল্যাণকামী আঁচনিসমূহ ৰূপায়ণত সম্পূর্ণৰূপে ব্যর্থ হৈছে৷ আঁচনিৰ সা–সুবিধাৰ পৰা ৰাইজক বঞ্চনা কৰি কেৱল ভয়–ভাবুকি আৰু দমন নীতিৰে শাসন চলালে৷ অজনজাতীয় লোকৰ মাটিৰ কিনা–বেচাৰ অধিকাৰ খর্ব কৰিছে৷ বিজেপিয়ে বিটিচিত উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা কৰাৰ সংকল্প লৈছে বুলি মন্তব্য কৰি প্রভাৱশালী মন্ত্রীগৰাকীয়ে লগতে কয় যে বিজেপিয়ে বিটিচিত ভিচিডিচি ব্যৱস্থা বন্ধ কৰি পঞ্চায়তীৰাজ ব্যৱস্থা প্রৱর্তন কৰিব যাতে সকলো শ্রেণীৰ লোকে সমান সা–সুবিধা ভোগ কৰিবলৈ পায়৷ ১৫ ডিচেম্বৰত শপত গ্রহণত হাগ্রামা মহিলাৰীক নামাতো বুলি কটাক্ষ কৰি তেওঁ কয় যে বিটিচিখন হাগ্রামাৰ পৈতৃক সম্পত্তি নহয়, ইয়াত সোমোৱাৰ অধিকাৰ সকলোৰে আছে৷ অসমীয়া আৰু বডো– এই দুয়োটা ভাষাৰে বিটিচিত ৰাজ্যিক ভাষা হিচাপে সমানে মর্যাদা থাকিব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই আৰু কয় যে প্রতিটো জাতি–জনগোষ্ঠীৰ লোকে প্রতিনিধিত্ব কৰিব পৰাকৈ বিটিচিত ৪০টাৰ পৰা ৬০টালৈ পৰিষদীয় সমষ্টি বৃদ্ধি কৰাৰ বাবে বিজেপিয়ে শীঘ্রে কার্যকৰী ব্যৱস্থা গ্রহণ কৰিব৷ বিটিচিত বিজেপিৰ চৰকাৰ প্রতিষ্ঠা হোৱাৰ পিছত প্রথমটো কার্যকালতে প্রতিটো পৰিষদীয় সমষ্টিত ১০০ কিলোমিটাৰ পথ পকীকৰণৰ পদক্ষেপ হাতত লোৱা হ’ব বুলি ৰাইজক প্রতিশ্রুতি দি মন্ত্রী ড০ শর্মাই বিপিএফৰ অপশাসনৰ পৰা মুক্তি পাবলৈ বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷

ওদালগুৰি জিলা বিজেপিৰ সম্পাদক বিষ্ণুজ্যোতি ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত জনাকীর্ণ সভাখনত বিপিএফত্যাগী বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে প্রাক্তন বিটিচিপ্রধান তথা একালৰ সতীর্থ হাগ্রামা মহিলাৰীক সমালোচনা কৰি কয় যে মহিলাৰীয়ে আন জাতি–জনগোষ্ঠীৰ কথা চিন্তা নকৰি কেৱল বডোসকলৰ সমস্যাৰ কথা কৈ কৈয়েই ১৫টা বছৰ পাৰ কৰিলে৷ বিটিচিৰ পৰিৱর্তনৰ কাৰণে ৰাইজে হাগ্রামাক উৎখাত কৰিব লাগিব বুলি মন্তব্য কৰি দৈমাৰীয়ে কয় যে প্রতিটো জাতি–জনগোষ্ঠীৰ সম–উন্নয়ন, সম–ধিকাৰ, সম–মর্যাদা প্রতিষ্ঠা কৰি বিটিচিবাসীক ন্যায় দিবলৈ বিজেপি আগবাঢ়ি আহিছে৷ সেয়ে বিটিচিৰ পৰিৱর্তনৰ কাৰণে ৰাইজো পৰিৱর্তন হ’ব লাগিব৷ সাংসদ দিলীপ শইকীয়াই বিপিএফক ভ্রষ্টাচাৰী, ব্যভিচাৰী, অত্যাচাৰী আখ্যা দি কয় যে ওদালগুৰিৰ পৰা কোকৰাঝাৰলৈ সমগ্র বিটিচি এলেকাত বিজেপিৰ সপক্ষে বতাহ বলিছে আৰু এইবাৰ বিটিচিত ভাৰতীয় জনতা পার্টীৰ চৰকাৰ হোৱাটো নিশ্চিত৷ শপত লোৱাৰ দিনাই হাগ্রামাৰ ভিচিডিচিসমূহ ভংগ কৰি দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে৷

You might also like