নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেইইত অৱতীর্ণ হোৱা ভাৰাতীয়া পৰীক্ষার্থী প্রদীপ কুমাৰক দিল্লীত গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ অৱশেষত গ্রেপ্তাৰ হ’ল অভিযান্ত্রিক পাঠ্যক্রমৰ গুৱাহাটীত অনুষ্ঠিত সর্বভাৰতীয় প্রৱেশ পৰীক্ষাত (জে ই ই) ধনৰ বিনিময়ত অৱতীর্ণ হোৱা ভাৰাতীয়া পৰীক্ষার্থীজন৷ ধৃত ভুৱা পৰীক্ষার্থীজন নতুন দিল্লীৰ বে–চৰাইৰ প্রদীপ কুমাৰ৷ পশ্চিম গুৱাহাটী আৰক্ষীৰ অতিৰিক্ত উপ–আৰক্ষী আয়ুক্ত সুপ্রতীভ বৰুৱাৰ নেতৃত্বত যোৱা তিনিজনীয়া এটা আৰক্ষীৰ দলে প্রদীপ কুমাৰক বে–চৰাইৰ পৰা গ্রেপ্তাৰ কৰে৷ জে ই ইৰ অনলাইন পৰীক্ষাত ধনৰ বিনিময়ত ভাৰাতীয়া পৰীক্ষার্থী অৱতীর্ণ হোৱা ঘটনা সংক্রান্তত মহানগৰীৰ আজাৰা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(খ)/৪১৯/৪২০/৪০৬ আৰু তথ্য–প্রযুক্তি আইনৰ আৰ ডব্লিউ ৬৬ (গ) ধাৰাৰ অধীনত ৰুজু কৰা ৬২৪/২০২০ নম্বৰ গোচৰটোত প্রদীপ কুমাৰক গ্রেপ্তাৰ কৰা হয়৷

 প্রদীপ কুমাৰক গ্রেপ্তাৰ কৰাৰ পাছতে নতুন দিল্লীত স্থানীয় আদালতত হাজিৰ কৰা হয়৷ আৰক্ষীৰ দলটোৱে আদালতৰ পৰা ট্রেনজিট ৰিমাণ্ডত প্রদীপ কুমাৰক লৈ বিমানেৰে আজি সন্ধিয়াৰ ভাগত গুৱাহাটীত উপস্থিত হয়৷ ধৃত ভাৰাতীয়া পৰীক্ষার্থীজনক আজি আৰক্ষীয়ে কামৰূপ (মহানগৰ) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচাৰিব৷

গুৱাহাটী আৰক্ষীৰ আয়ুক্ত মুন্না প্রসাদ গুপ্তাই সাংবাদিকক জনোৱা মতে, জে ই ইত ভুৱা পৰীক্ষার্থী অৱতীর্ণ হোৱা সংক্রান্তত আজাৰা থানাত ৰুজু কৰা গোচৰটোৰ তদন্ত কৰি তদন্তকাৰী আৰক্ষীয়ে ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰক চিনাক্ত কৰে৷ ইয়াৰ পাছতে ভুৱা পৰীক্ষার্থীজনৰ নতুন দিল্লাস্থিত ঠিকনা লাভ কৰে৷ পৰৱর্তী সময়ত আৰক্ষীৰ দলটো নতুন দিল্লীলৈ ৰাওনা হয় আৰু আজি ভাৰাতীয়া পৰীক্ষার্থীজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষী আয়ুক্ত গুপ্তাই লগতে জনোৱা মতে, জে ই ই কেলেংকাৰিত ইতিমধ্যে গ্রেপ্তাৰ হোৱা অভিযুক্তসকলৰ সহযোগত প্রদীপ কুমাৰে মহানগৰীৰ বৰঝাৰস্থিত আই কম টাৱাৰত থকা টাটা কনছালটেঞ্চী ছার্ভিচেছ লিমিটেডৰ (টি চি এছ) আই অ’ন ডিজিটেল জ’নত যোৱা ৫ ছেপ্ঢেম্বৰত অনুষ্ঠিত জে ই ইৰ অনলাইন পৰীক্ষাত অৱতীর্ণ হৈছিল৷

মহানগৰীৰ ডাউন টাউনৰ সমীপৱর্তী অঞ্চলৰ বাসিন্দা ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসৰ হৈ প্রদীপ কুমাৰে ২০ লাখ টকাৰ বিনিময়ত উক্ত কেন্দ্রটোত পৰীক্ষাত বহিছিল৷ মহানগৰীৰ আমবাৰীস্থিত মাণ্ডভী এপার্টমেণ্টত থকা গ্লোবেল এডু লাইটৰ স্বত্বাধিকাৰী ভার্গৱ ডেকাই ডাঃ জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসৰ হৈ প্রদীপ কুমাৰক ২০ লাখ টকাৰ বিনিময়ত জে ই ই অনলাইন পৰীক্ষা দিয়াৰ বাবে বন্দৱস্ত কৰিছিল৷ সেইমর্মে ৫ ছেপ্ঢেম্বৰত নীল নক্ষত্রই দিয়া পৰীক্ষা কেন্দ্রটোতে তেওঁৰ হৈ প্রদীপ কুমাৰে ধনৰ বিনিময়ত পৰীক্ষা দিয়ে৷ পৰৱর্তী সময়ত নীল নক্ষত্রই এজন বন্ধুৰ সৈতে ফোনযোগে হোৱা বার্তালাপত এই চাঞ্চল্যকৰ তথ্য সদৰী কৰে আৰু অডি’ ক্লিপটো ভাইৰেল হৈ পৰে৷ ধনৰ বিনিময়ত জে ই ইত ভাৰাতীয়া পৰীক্ষার্থী বহাৰ তথ্য ভাইৰেল হোৱাৰ পাছতে ডাউন টাউনৰ সমীপৱর্তী অঞ্চলৰ মিত্রদেৱ শর্মা নামৰ এজন সমাজকর্মীয়ে উক্ত পৰীক্ষা কেলেংকাৰিৰ তদন্ত বিচাৰি যোৱা ২৩ অক্টোবৰত আজাৰা থানাত এজাহাৰ দাখিল কৰে৷

ইয়াৰ পাছতে ৬২৪/২০২০ নম্বৰৰ গোচৰটো আজাৰা থানাত ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আজাৰা আৰক্ষীয়ে অডিঅ’ ক্লিপটোৰ ভিত্তিত পৰীক্ষার্থী তথা মথুৰা নগৰৰ নীল নক্ষত্র দাস আৰু চিকিৎসক পিতৃ জ্যোতির্ময় দাসক জেৰা কৰে৷ আৰক্ষীৰ জেৰাত নীল নক্ষত্র দাসে ধনৰ বিনিময়ত পিতৃয়ে বন্দৱস্ত কৰি দিয়া ভাৰাতীয়া পৰীক্ষার্থীয়ে তেওঁৰ হৈ জে ই ইৰ অনলাইন পৰীক্ষা দিয়াৰ কথা স্বীকাৰ কৰে৷ এই স্বীকাৰোক্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে ডাঃ জ্যোতির্ময় দাস আৰু নীল নক্ষত্র দাসক গ্রেপ্তাৰ কৰে৷ ইয়াৰ পাছতে আজাৰা আৰক্ষীয়ে নীল নক্ষত্রই পৰীক্ষাত বহা বৰঝাৰস্থিত আই অ’ন ডিজিটেল জ’নত পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্বত থকা টি চি এছৰ হেমেন্দ্র নাথ শর্মাসহ আন দুই কর্মচাৰী ক্রমে প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক গ্রেপ্তাৰ কৰে৷ এই পাঁচ অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে পৰৱর্তী সময়ত গ্লোবেল এডু লাইট নামৰ কনছালটেঞ্চী চেণ্টাৰটোৰ কাউঞ্চিলৰ কাকলি বুজৰবৰুৱাক গ্রেপ্তাৰ কৰে৷ কাকলি বুজৰবৰুৱাক গ্রেপ্তাৰ কৰাৰ কিছুদিন পাছতে পলাতক হৈ থকা গ্লোবেল এডু লাইটৰ স্বত্বাধিকাৰ ভার্গৱ ডেকাক নাটকীয়ভাৱে আজাৰা আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা গ্রেপ্তাৰ কৰে৷ ভার্গৱ ডেকাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে অৱশেষত ভুৱা পৰীক্ষার্থী প্রদীপ কুমাৰক নতুন দিল্লীত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ প্রদীপ কুমাৰক লৈ আজাৰা আৰক্ষীয়ে বর্তমানলৈকে জে ই ই কেলেংকাৰিত জড়িত ৮জন অভিযুক্তক গ্রেপ্তাৰ কৰিলে৷ ইফালে, ধৃত প্রদীপ কুমাৰৰ অসমৰ লগতে নহয়, দেশৰ বহু শিক্ষা প্রতিষ্ঠানৰ সৈতে সম্পর্ক থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ তদন্তত এই সংক্রান্তীয় বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷

You might also like