নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্বলা জুইত ঘিউ ঢালিলে ৱাজেদ আলী চৌধুৰীৰ মন্তব্যই, মিঞা ৰাজনীতিক লৈ কংগ্রেছত উলম্ব বিভাজন

নিয়মীয়া বাৰ্তা,  ১৮ নৱেম্বৰঃ মিঞা ৰাজনীতিয়ে সাংঘাতিক ধৰণে জোকাৰণিৰ সৃষ্টি কৰিছে ৰাজ্যৰ কংগ্রেছ দলত৷ সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে মিত্রতাক কেন্দ্র কৰি দলটোৰ ভিতৰচ’ৰাত তীব্র বাদানুবাদ, ক্ষোভ, অসন্তুষ্টি চলি থকাৰ সময়তে মিঞা মিউজিয়ামৰ প্রসংগ উত্থাপন কৰি বিধায়ক শ্বেৰমান আলী আহমেদ আৰু এআইইউডিএফৰে মিত্রতাৰ পোষকতা কৰিবলৈ গৈ পাকে–প্রকাৰে উজনি অসমৰ ভোট নালাগে বুলি কোৱা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মন্তব্যই যেন জ্বলা জুইত ঘিউহে ঢালিলে৷

দলটোৰ দুই সংখ্যালঘু সম্প্রদায়ৰ বিধায়কৰ বিতর্কিত মন্তব্যই দলটোত একপ্রকাৰ উলম্ব বিভাজন ঘটালে৷ তেওঁলোকৰ মন্তব্যৰ বিৰুদ্ধে ইতিমধ্যে উজনি অসমৰ কংগ্রেছ নেতা, বিধায়কসকল জাঙুৰ খাই উঠিছে৷ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মন্তব্যক দুর্ভাগ্যজনক আখ্যা দি বিৰোধী দলপতি দেৱব্রত শইকীয়াই ইতিমধ্যে সেই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতিয়ে ব্যৱস্থা গ্রহণ কৰিব বুলি আশা প্রকাশ কৰিছে৷

সেইদৰে প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রাক্তন মন্ত্রী মহিবুল হকে কালি নিখিল ভাৰত কংগ্রেছ কমিটীৰ সভানেত্রী ছোনিয়া গান্ধী, কংগ্রেছ নেতা ৰাহুল গান্ধী, প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিং, সভাপতি ৰিপুণ বৰাক পত্রযোগে দলৰ শৃংখলা ভংগৰ অভিযোগত ৱাজেদ আলী চৌধুৰীক দলৰ পৰা নিলম্বিত কৰাৰ দাবী উত্থাপন কৰে৷

আজি প্রাক্তন কংগ্রেছ বিধায়ক ৰাজু চাহুৱে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ৱাজেদ আলী চৌধুৰীৰ তেনে মন্তব্য চৰম দুর্ভাগ্যজনক৷ চৌধুৰীৰ সেই মন্তব্যই দলৰ ক্ষতি কৰিব৷ ৱাজেদৰ বিৰুদ্ধে দলীয়ভাৱে বিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে৷ সেইদৰে কংগ্রেছ বিধায়ক দুর্গা ভূমিজে কয় যে ৱাজেদ আলী চৌধুৰীৰ কথাক আমি কেয়াৰ নকৰোঁ৷

তেওঁ ভাল কথা কোৱা নাই৷ উজনিৰ মানুহৰ কথা তেওঁ হয়তো নাজানে৷ তেওঁৰ জ্ঞানৰ অভাৱ হৈছে৷ ইপিনে, প্রাক্তন মন্ত্রী এতোৱা মুণ্ডাই বিষয়টো সম্পর্কত কয় যে কোনো কংগ্রেছ কর্মীয়ে তেনে মন্তব্য নকৰে৷ যদি কৈছে, তেওঁৰ কথাৰ মন্তব্য দিবলৈ নাযাওঁ৷ কাৰণ কোনো কংগ্রেছ কর্মীয়ে তেনে কথা নকয়৷ মুঠতে বিধায়ক ৱাজেদ আলী চৌধুৰীৰ মন্তব্যক লৈ কংগ্রেছৰ ভিতৰচ’ৰা উত্তপ্ত হৈ পৰিছে৷

পিছে ইমানৰ পিছতো সম্পূর্ণ নির্বিকাৰ হৈ আছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা৷ অত্যন্ত স্পর্শকাতৰ এই বিষয়টোক লৈ গা এৰা মনোভাব প্রদর্শন কৰিছে সভাপতিগৰাকীয়ে৷ সংবাদ মাধ্যমে এই সম্পর্কত সভাপতি বৰাৰ প্রতিক্রিয়া জানিব বিচৰাত তেওঁ কয় যে সকলো কথাৰে তেওঁ উত্তৰ নিদিয়ে৷ সেয়ে তেওঁ মন্তব্য নিদিয়ে৷

You might also like