নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বতকৈ যথেষ্ট উন্নত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য পূৰ্বতকৈ যথেষ্ট উন্নত হৈছে। হুইল ছেয়াৰত বহি কথা-বতৰা পাতিছে গগৈয়ে।

গগৈৰ ৰক্তচাপ আৰু পালছ ৰেট সম্পূৰ্ণ সুস্থ। দৈনিক ২ লিটাৰকৈ অক্সিজেন দিয়া হৈছে গগৈক।

বিগত প্ৰায় ২০ কৈ আইচিইউত থকা গগৈক শীঘ্ৰে কেবিনলৈ স্থানান্তৰ কৰা হ’ব। এই কথা অৱগত কৰিলে জিএমচিএইছৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

লগতে পঢ়কঃ মার্কিন ৰাষ্ট্রপতি হিচাপে কি কি সুবিধা পাব জ’ বাইডেনে, জানেনে?

You might also like