নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবীণ অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান, শোকৰ ছাঁ

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২২ ডিচেম্বৰ : অসমীয়া ছবি জগতৰ ৬০-৭০ দশকৰ মোহময়ী অভিনেত্ৰী, নৃত্য পটীয়সী ৰঞ্জনা শৰ্মা বৰদলৈ আৰু নাই। দীৰ্ঘদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ থকা বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে কালি নিশা প্ৰায় ৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে। এইগৰাকী বিশিষ্ট অভিনেত্ৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে। ডিব্ৰুগড় মহানগৰৰ চিৰিং চাপৰিৰ দুৰ্গা দাস সিং পথৰ বাসগৃহত অগণন গুণমুগ্ধই ৰঞ্জনা শৰ্মা বৰদলৈৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জনায়। ডিব্ৰুগড় মহানগৰৰ জে জে এম হাস্পতালত কেইবাদিন ধৰি চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেত্ৰীগৰাকী। অৱশেষত মৃত্যুৰ সৈতে হাৰ মানিলে প্ৰথিতযশা অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ১৯৪৫ চনত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰা ৰঞ্জনা শৰ্মা বৰদলৈয়ে ১৯৬২ চনত ‘মণিৰাম দেৱান’ বোলছবিত ‘সেউতী’ চৰিত্ৰত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰাৰ পাছত ৬০-৭০ দশকৰ অতি জনপ্ৰিয় অসমীয়া ছবি ডাঃ বেজবৰুৱা, ককাদেউতা নাতি আৰু হাতী, প্ৰতিধ্বনি, ৰতনলাল, সোণমা, সোণতৰা, ৰতনলাল, পথাৰ আৰু জীৱন, মধুচন্দ্ৰা আদি ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ৰঞ্জনা শৰ্মা বৰদলৈয়ে ৰতনলাল আৰু মধুছন্দা ছবিত নৃত্য নিৰ্দেশনাও কৰিছিল।

অসমীয়া বোলছবিৰ ৬০-৭০ দশকৰ মোহময়ী অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈয়ে অসমীয়া ছোৱালীয়ে অভিনয় কৰিবলৈ কুণ্ঠাবোধ কৰা সময়তে অসমীয়া ছবি জগতত নিজৰ প্ৰতিভাৰ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। ৰঞ্জনা বৰদলৈৰ বিয়োগত ডিব্ৰুগড়ৰ বিধায়ক তথা মন্ত্ৰী প্ৰশান্ত ফুকন, অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড সাহিত্য সভা, গণনাট্য সংঘৰ ৰাজ্যিক সমিতিৰ শৰত চন্দ্ৰ নেওগ, ডিব্ৰুগড় জিলাৰ সভাপতি আৰিফা বেগম আৰু সম্পাদক দিগন্ত ফুকন, জেউতি মৰল সংঘ, মিলন জ্যোতি সংঘকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে। আজি ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ ৰাজহুৱা শ্মশানত অনেক গুণমুগ্ধ আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত অভিনেত্ৰীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

You might also like