নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবীণ শিল্পী ৰাজু শইকীয়ালৈ ‘ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান’

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : অসমৰ এগৰাকী প্ৰবীণ শিল্পীয়ে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান। সুদীৰ্ঘ ৩০টা বছৰে লোক-সংস্কৃতিৰ সাধনা কৰা নগাঁৱৰ পুৰণিগুদাম জলাহগাঁৱৰ শিল্পী ৰাজু শইকীয়ালৈ অৱশেষত আহিল ভাল খবৰ। ৩০টা বছৰে প্ৰচাৰবিমুখভাৱে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ৰামাঞ্চলত নৱপ্ৰজন্মৰ মাজত লোক-সংস্কৃতিৰ জ্ঞান বিলাই ফুৰা ঢোলৰ ওজা সোমনাথ বৰাৰ শিষ্য ৰাজু শইকীয়াক ওড়িশাৰ ত্ৰিবেণী কলাকেন্দ্ৰই ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰী ক্ষেত্ৰ সন্মান প্ৰদান কৰিলে। লোক-সংস্কৃতিৰ জ্ঞান বিলোৱা শিল্পী ৰাজু শইকীয়াক ত্ৰিবেণী কলাকেন্দ্ৰই আয়োজন কৰা ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত লোক-সংস্কৃতিৰ গুৰু হিচাপে প্ৰদান কৰিলে এই সন্মান। এই সন্মানত শিল্পীগৰাকীলৈ ত্ৰিবেণী কলাকেন্দ্ৰই এখন গামোচা, চেলেং, স্মাৰক আৰু এখন সম্বৰ্ধনা-পত্ৰ আগবঢ়ায়। যাক লৈ এতিয়া শিল্পীগৰাকীৰ লগতে এতিয়া অঞ্চলবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

 

প্ৰেৰক তপন কটকী

You might also like