নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ষীয়ান ৰাজনীতিবিদ শৰৎ বৰকটকীৰ দেহাৱসান

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : বৰ্ষীয়ান ৰাজনীতিবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী আৰু নাই ৷ ৮৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে শৰৎ বৰকটকীয়ে। বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীয়ে জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ১৬ অক্টোবৰৰ পৰা জি এম চি এইচত চিকিৎসাধীন হৈ আছিল শিক্ষাবিদগৰাকী। ১৯৩৫ চনত সোণাৰিৰ মথুৰাপুৰত জন্মগ্ৰহণ কৰিছিল শৰৎ বৰকটকীয়ে। শিক্ষাবিদগৰাকীৰ দেহাৱসানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বৰকটকীৰ অগণন গুণমুগ্ধই শোক প্ৰকাশ কৰে। বৰ্ষীয়ান ৰাজনীতিবিদ, অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কাইলৈ অন্ত্যেষ্টিক্ৰিয়া সম্পাদন কৰা হ’ব৷

You might also like