নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ অৰুণাচললৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে

৩৮সংখ্যক অৰুণাচল প্ৰতিষ্ঠা দিৱসত লব ভাগ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দুদিনীয়া অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বাবে কাইলৈ ইটানগৰত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ।
চৰকাৰী সূত্ৰই জনোৱা মতে, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰৰ ইন্দিৰা গান্ধী পাৰ্কত অনুষ্ঠিত হ’বলগীয়া ৩৮সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনত অংশগ্ৰহণ কৰাৰ উপৰি অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২১ ফেব্ৰুৱাৰীত ৰাজভৱনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানতো অংশ ল’ব ধনখৰে। ইফালে, ইটানগৰ ৰাজধানী অঞ্চলৰ উপ আয়ুক্ত টালো পটমে কাৰ্যবাহী আদেশত শনিবাৰৰ পৰা ৰাজভৱনৰ চাৰিওফালে ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ১৪৪টা চি আৰ পি চি জাৰি কৰিছে। ইটানগৰত উপ-ৰাষ্ট্ৰপতি থকাৰ অৱস্থাত চাৰিজনতকৈ অধিক লোকৰ সমাগম বা গোট খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ দ্বাৰা অৱশ্যে চৰকাৰী বিষয়া, নিৰাপত্তা বাহিনী আৰু উক্ত কাৰ্যসূচীলৈ আমন্ত্ৰিতসকলক ৰেহাই দিয়া হব। এই নিষেধ্যাজ্ঞা ২১ ফেব্ৰুৱাৰীলৈকে বলৱৎ থাকিব বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক মুকুল ভূঞা

You might also like