নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন গ্ৰন্থ একোজন মানুহৰ আত্মাস্বৰূপ হব লাগেঃ মৰিগাঁৱত গ্ৰন্থ উন্মোচনী সভাত সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী

বার্তা বুৰো, ৪ আগষ্টঃ মৰিগাঁও জিলাৰ এক অগ্ৰণী প্ৰকাশন গোষ্ঠী সৃষ্টি প্ৰকাশৰ উদ্যোগত প্ৰকাশিত হোৱা মৰিগাঁৱৰ এগৰাকী বিশিষ্ট নাগৰিক, শিক্ষাবিদ সাহিত্যিক নৰেন্দ্ৰ নাথ কেউটৰ শাৰদ ইন্দু পৰকাশিৰ শুভ উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক ডঃ নন্দ সিং বৰকলাই। অনুষ্ঠান ত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱী। গ্ৰন্থ উন্মোচন সভাত মানৱ জীৱনৰ নৈতিকতা, বেদৰ জ্ঞান ,অধ্যাত্মিকতা আৰু ভক্তি ভাবৰ প্রয়োজনীয়তাৰ ওপৰত এক তত্ত্ব গধুৰ ভাষণ প্ৰদান কৰে মৃণালিনী দেৱীয়ে। এখন গ্ৰন্থ একোজন মানুহৰ আত্মা স্বৰূপ হব লাগে বুলিও তেওঁ কয়। মৌলিক গ্ৰন্থৰাজীক সমাজৰ অন্তৰাত্মা বুলি অভিহিত কৰে বিশিষ্টা লেখিকাগৰাকীয়ে। সভাত ভাষণ প্ৰদান কৰি বিশিষ্ট কবি ডঃ নন্দ সিং বৰকলাই কয় যে অসমীয়া জীৱনী সাহিত্যত এক নতুন সংযোজন হৈছে নৰেন্দ্ৰ নাথ কেউটৰ শাৰদ ইন্দু পৰকাশি। জীৱনৰ বিভিন্ন দিশক সামৰি লোৱা এই গ্ৰন্থ খনে জীৱনৰ এক মূল্যবান অধ্যায় দি গৈছে। লেখকৰ সংস্কাৰে সুন্দৰ সংসাৰ গঢ়িব পাৰে বুলি ডঃ নন্দ সিং বৰকলাই কয়। এই গ্ৰন্থখন লেখকৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ বুলি কয় তেওঁ।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like