নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল ভিডিঅ ভাইৰেলঃ ধূপধৰাত বেংক মিত্ৰৰ বিৰুদ্ধে লোন দিয়াৰ নামত ধৰ্ষণৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২২ ছেপ্টেম্বৰঃ  অসম গ্ৰামীণ বিকাশ বেংকৰ ক্ষুদ্ৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বেঙ্ক মিত্ৰ এজনৰ অন্য মহিলাৰ সতে অনৈতিক কাৰ্য্যৰ অশ্লীল ভিডিঅ ভাইৰেল হোৱা ঘটনাক কেন্দ্ৰ কৰি গোৱালপাৰা জিলাৰ ধূপধৰাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। অসম গ্ৰামীণ বিকাশ বেংকৰ ধূপধৰা কোঠাকুঠিত থকা ক্ষুদ্ৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ বেঙ্ক মিত্ৰ এলেন কছাৰী আৰু আন এগৰাকী মহিলাৰ সমাজৰ শাৰীৰিক সম্পৰ্কৰ ভিডিঅ হোৱাটছ এপে হোৱাটছ এপে ভাইৰেল হোৱাৰ পিছতে এলেন কছাৰী আৰু মহিলাগৰাকীৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰে স্থানীয় মহল। ইয়াৰ পিছতে বুধবাৰে ধনুভাঙা আৰু ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ লগতে স্থানীয় লোকে এলেন কছাৰীৰ গ্ৰাহক সেৱা কেন্দ্ৰত উপস্থিত হৈ অশ্লীল ভিডিঅটিৰ সম্পৰ্ক এলেন কছাৰীক সোধ পোছ কৰে। ৰাইজৰ আগত এলেন কছাৰীয়ে স্বীকাৰ কৰি কয় যে ভিডিঅটিত থকা দৃশ্য সমুহ সত্য আৰু সেয়া তিনি মাহ পূৰ্বৰ ঘটনা। এলেন কছাৰীৰ কেন্দ্ৰৰ ভিতৰতে এই অনৈতিক কাৰ্য্য কৰা বুলি নিজমুখে স্বীকাৰ কৰে লম্পত এলেনে। এই সমগ্ৰ দৃশ্য বন্দী হৈছিল কেন্দ্ৰটোৰ ভিতৰত থকা চিচি টিভি কেমেৰাত। কিন্ত তিনি মাহৰ পিছত শেহতীয়াকৈ কোনো লোকে চিচি টিভিৰ পৰা সেই ভিডিঅটি মোবাইল ফোনত ৰেকৰ্ড কৰি ভাইৰেল কৰাৰ পিছত পোহৰলৈ আহে এলেন কছাৰীৰ কুকৃত্যৰ ঘটনা।পিছত একাংশ উত্তেজিত লোকে এলেন কছাৰীক উত্তম মাধ্যম সোধাই ধূপধৰা আৰক্ষীক গোটাই দিয়ে। আনহাতে ৰাভা সংগঠন কেইটাই এলেন কছাৰীৰ বিৰুদ্ধে এক লিখিত অভিযোগ দি এলেন কছাৰীৰ বিৰুদ্ধে আইনগতভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আৰক্ষীক। আনফালে এই ঘটনাই নতুন ৰূপ লৈ যেতিয়া ভিডিঅত থকা মহিলা গৰাকীক আৰক্ষীয়ে মোতায়েন কৰি থানালৈ অনাৰ পিছত। আৰক্ষী থানাত উপস্থিত হৈ মহিলা গৰাকীয়ে এলেন কছাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে, এলেন কছাৰীয়ে মহিলাগৰাকীক বেঙ্কৰ  পৰা ঋণ পোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়াৰ আস্বাস প্ৰদান কৰি মহিলাগৰাকীৰ অনিচ্ছাসত্তেও ধৰ্ষণ কৰে। কেৱল এয়াই নহয়, এলেন কছাৰীয়ে ৠণ প্ৰদানৰ নামত মহিলা গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ তুলি ধূপধৰা থানাত এজাহাৰ দাখিল কৰে। মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ধূপধৰা থানাত ৮২/২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত গোচৰ ৰুজু কৰি আজি গোৱালপাৰা জেল হাজোতলৈ প্ৰেৰণ কৰে এলেন কছাৰীক। ইফালে এলেন কছাৰীয়ে বেঙ্কৰ গ্ৰাহক সকলক প্ৰায় দুৰ্ব্যৱহাৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন গ্ৰাহক সকলক উলিয়াই দিয়াৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।আনহাতে বকোৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম প্ৰান্তৰ উক্ত মহিলাগৰাকীৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। অৱশ্যে কি কাৰণে দুয়ো এনেদৰে গ্ৰাহক সেৱা কেন্দ্ৰত অনৈতিক কাৰ্য্যত লিপ্ত হৈছিল সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।
প্ৰেৰক পংকজ মাহাতো
You might also like