নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোপাধৰা : ডিব্ৰুগড়ত আতংক নিবিয়পাবলৈ আহবান আৰক্ষী অধীক্ষকৰ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ উৰাবাতৰিত আতংকিত নহবলৈ আহ্বান জনাইছে ডিব্ৰুগড় আৰক্ষী অধীক্ষকে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোপাধৰা বা ভুৱা অপহৰণৰ বাতৰিয়ে জনসাধাৰণৰ মাজত এক আতংকময় পৰিস্থিতি কৰাত আজি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে এক সংবাদমেলৰ জৰিয়তে জনসাধাৰণক এনে অপপ্ৰচাৰত বিচলিত নহবলৈ আহবান জনাই।ডিব্ৰুগড়ৰ চহৰৰ লগতে জিলাখনৰ গাৱে ভূৱে বিয়পিছে এনে কিছুমান সোপাধৰাৰ আতংক।সেয়ে এনে সোপাধৰাৰ উৰাবাতৰি ৰাইজক বিস্বাস নকৰিবলৈ কোৱাৰ লগতে ডিব্ৰুগড় আৰক্ষীৰ ৱাটছ এপত বিয়পি পৰা সোপাধৰাৰ ভিডিঅ’ বোৰৰ কোনো ভিত্তি নাই বুলি প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰই।যদিহে জনতাই তেনে কোনো ঘটনাৰ খবৰ পাই তেন্তে আইন হাতত নলৈ আৰক্ষীক জনাবলৈ আহ্বান জনাই আৰক্ষীৰ অধীক্ষক গৰাকীয়ে।ইয়াৰ বাবে আৰক্ষীৰ কন্ট্ৰল ৰুম 6026901302 নম্বৰত ফোন কৰি জনোৱাৰ আহ্বান জনাইছে অধীক্ষক গৰাকীয়ে।লগতে সোপাধৰাৰ এনে উৰাবাতৰিত বিশ্বাস কৰি কোনো অভিভাৱকে ভয় খাব নালাগে বুলিও স্পষ্ট কৰি দিছে আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰই। ইফালে, চহৰখনৰ গ্ৰেহেমবজাৰ এলেকাত এটি শিশুক অপহৰণৰ বাতৰি প্ৰচাৰ হোৱা সন্দৰ্ভত কোনো সত্যতা নাই বুলি প্ৰকাশ কৰাৰ লগতে এই উৰাবাতৰিৰ সন্দৰ্ভত তদন্ত অভিযান চলোৱা হৈছে বুলি অৱগত অধীক্ষক স্বেতাংগ মিশ্ৰই।

প্ৰেৰক বিভাস দুৱৰা

You might also like