নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ যোৱাকালি ধুবুৰী আৰক্ষীৰ এটি দলৰ অভিযানত দুজনকৈ মটৰ চাইকেল চোৰ কৰায়ত্ত হোৱাৰ বিপৰীতে চাৰিটাকৈ চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কালি ধুবুৰী সদৰ থানাৰ চহৰ উপ-পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ বাইকাৰ্চ দলে এজন চোৰক মটৰ চাইকেল চুৰি কৰাৰ সময়ত হাতে-লোটে কৰায়ত্ত কৰে। ধৃত সেই চোৰজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন এজন চোৰ কৰায়ত্ত কৰাৰ উপৰি চাৰিখনকৈ চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰে। ধৃত চাদ্দাম হুছেইন আৰু ৰিয়াজুল হুছেইন নামৰ চোৰ দুজন সম্পৰ্কত ভায়েক-ককায়েক।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী