নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানুভৱতা : দুৰ্ঘটনাগ্ৰস্তক কনভয়ৰ গাড়ীৰে চিকিৎসালয়লৈ প্ৰেৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ আজি মৰিগাঁৱত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাৰ ব্যস্ততাৰ মাজতে চহৰখনত এটা পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন বাহনৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। কাৰ্য্যনিৰ্বাহক সভাত ব্যস্ত থকাৰ মাজতো দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ আহতসকলৰ খবৰ লয় মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী হাজৰীকাৰ তৎপৰতাত ততাতৈয়াকৈ দুৰ্ঘটনাগ্ৰস্ত লোকসকলক তেওঁৰ ব্যক্তিগত বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ব্যস্ততাৰ মাজতো উক্ত স্থানত নিজে উপস্থিত হৈ দুৰ্গতজনক সকলো প্ৰকাৰে সহায় কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই। তেওঁৰ এই তাৎক্ষণিক তৎপৰতাৰ শলাগ লৈছে উক্ত স্থানত উপস্থিত বহুজনে।

You might also like