নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমগ্ৰ শিক্ষা  কামৰূপৰ উদ্যোগত শিংৰা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত সামুহিক উৎসৱ ও ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন 

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী – ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আঁচনিৰ ; সমগ্ৰ শিক্ষা – কামৰূপৰ উদ্যোগত আৰু শিংৰা মণ্ডল সমল কেন্দ্ৰৰ সহযোগত আজি দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰে সামুহিক উৎসৱ ও ৰাষ্ট্ৰীয় কন্যা দিৱস। মণ্ডল সমল কেন্দ্ৰৰ অধিনৰ বিদ্যালয় বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়ে জনোৱা মতে ; কেন্দ্ৰৰ মুঠ ১২ খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও শিক্ষক গোটে শিংৰা পালাহপাৰা প্ৰাথমিক বিদ্যালয়ত অংশগ্ৰহণ কৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেণ পাঠকে ; গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ কুমাৰ ৰয়ে ; সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সিদ্ধেশ্বৰ ৰাভাই। অনুস্থানত ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালি তথা নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰা হয়। দিনৰ ভাগত অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত জিলা শিক্ষা বিভাগৰ পৰা দুগৰাকী জ্যেষ্ঠ্য সমাজ কৰ্মী ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক তথা পালাহপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি গোবিন্দ ডেকা আৰু বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ অতি শুভাকাংশী আই পদুমী ৰাভাক সম্বোৰ্ধনা জনোৱা হয়। অনুস্থানটোৰ মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ পৰেশ বৈশ্য ; ড: গণেশ্বৰ চহৰীয়া ; গোপাল থান হাইস্কুলৰ প্ৰধান শিক্ষক বিজয় ডেকা ; জিলা আচনি বিষয়া চুইটি বেজবৰুৱা ; ফুলপাহী নাথৰ উপৰিও বহু সংখ্যক বিশিষ্ট অতিথি। কাৰ্য্যসুচীত ছাত্ৰ ছাত্ৰীৰ মাজত বৌদ্ধিক জ্ঞানৰ লগতে কৌশলী প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে কন্যা শিশুৰ শিক্ষাকে ধৰি মৌলিক অধিকাৰৰ ওপৰত আলোকপাত কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like