নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অশ্লীল মন্তব্য দি বিপদত ভিক্টৰ

নিয়মীয়া বাৰ্তা, ২৩ অগষ্ট : ফেচবুক, ইনষ্টাগ্ৰাম তথা সামাজিক মাধ্যমযোগে ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰীকা, মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰী, ব্যক্তিগত সচিব তথা বিজেপি কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে অতি অশ্লীল ভাষাৰে কটু মন্তব্যৰে অপমানিত কৰা ভিক্টৰ দাস নামৰ যুৱক গৰাকীৰ কৰ্মকাণ্ডক লৈ মুখ্যমন্ত্ৰী তথা বিজেপি অনুগামীসকলৰ উপৰি বিভিন্ন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰোবাৰ প্ৰতি ক্ষোভ বা খং থকাটো স্বাভাৱিক কথা যদিও তাৰ আলমত সামাজিক মাধ্যমত এনে নিৰ্লজ্জ, জঘন্য বাক্যৰে মুখ্যমন্ত্ৰী আৰু তিনি সন্মানীয় ব্যক্তিৰ বিৰুদ্ধে কৰা অপমানক মন্তব্যক কোনোৱে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। ভিক্টৰ দাসৰ ক্ষমাবিহীন এই কাণ্ড সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে সভ্য সমাজ। আজি তাৰেই প্ৰতিফল হিচাপে থানাই থানাই ভিক্টৰ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে বিভিন্নজনে। একেদৰে চাংসাৰি থানাতো দাখিল কৰা হৈছে দুখনকৈ এজাহাৰ। চাংসাৰি-ধোপাতাৰীৰ বহুকেইগৰাকী মুখ্যমন্ত্ৰীৰ অনুগামী তথা চাংসাৰি-ধোপাতাৰী যুব শক্তিয়ে আজি চাংসাৰি থানাত ভিক্টৰ দাসৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি আইনী প্ৰক্ৰিয়াৰে কঠোৰতম শাস্তি দিবলৈ দাবী জনায়। তদুপৰি বিয়লি শ শ ৰাইজৰ উপস্থিতিত তথা নাগৰিক সমাজৰহৈ ভাস্কৰজ্যোতি কলিতা আৰু নিৰঞ্জন বৰুৱাই এখন পৃথকৈ এজাহাৰ দাখিল কৰে চাংসাৰি থানাত। তেওঁলোকে ভিক্টৰ দাসক উচিত শাস্তি প্ৰদানৰ দাবী জনায়। উত্তৰ গুৱাহাটী থানাটো মুখ্যমন্ত্ৰীৰ অনুগামীসকলে এজাহাৰ দাখিল কৰে। উল্লেখ্য যে প্ৰায়ে ফেচবুক তথা সামাজিক মাধ্যমত অসামাজিক কটু কথাৰে বিতৰ্কত থাকি সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ মন মেলা এইগৰাকী ভিক্টৰ দাস যিকোনো মুহুৰ্তত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
প্ৰেৰক অনুভৱ কুমাৰ
You might also like