🔹 বঙাইগাঁৱৰ বৰঝৰাত পৈশাচিক কাণ্ড
🔹 ভুক্তভোগী যুৱতীক ধর্ষণ : জঘন্য কার্যত লিপ্ত ৫ নৰাধমক গ্রেপ্তাৰ
বিশেষ বার্তা, ২০ মে’ : বঙাহগাঁৱৰ পঞ্চপুৰৰ নিকটৱর্তী কাচুৱাগাঁৱৰ বৰঝৰাত এহাল যুৱক–যুৱতীক নির্যাতন আৰু ব্লেকমেইলিঙৰ ঘটনাৰে জড়িত পাঁচজন যুৱকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ভূমেশ্বৰ পাহাৰৰ নামনিত থকা এটা নিজৰাৰ কাষত অকলশৰীয়া যুৱক–যুৱতীক উলংগ কৰাই যৌন নির্যাতন চলাই সমগ্র দৃশ্য ম’বাইলত ৰেকর্ডিং কৰি ভাইৰেল কৰি দিয়াৰ পিছত ঘটনাৰে জড়িত থকা পাঁচজনীয়া যুৱকৰ দলটো আৰক্ষীৰ জালত পৰে৷ ধৃত পাঁচজন যুৱক ক্রমে কাচুৱাগাঁৱৰ প্রয়াত বিমল ৰাভাৰ পুত্র বিৰাজ ৰাভা ওৰফে বিল্টু (৩২), পৰেশ চন্দ্র ৰাভাৰ পুত্র চানিত চন্দ্র ৰাভা ওৰফে চামিত (৩০), মহেশ সৰকাৰৰ পুত্র চেবো সৰকাৰ (২৯), লহিত বর্মনৰ পুত্র ডালিম বর্মন (২৮) আৰু মামুগাঁৱৰ খাদাৰাম সৰকাৰৰ পুত্র জিৰেন সৰকাৰ (৩০)৷ জানিব পৰা মতে, বৰঝৰালৈ অহা ভুক্তভোগী যুৱক–যুৱতীহালক উদণ্ড যুৱকৰ দলে অকলশৰীয়া অৱস্থাত প্রত্যক্ষ কৰি আগচি ধৰে৷ দলটোৱে দুয়োকে অকলশৰীয়াকৈ থকাৰ বাবে ধমকি আৰু ভয়–ভাবুকি দিয়ে৷ যুৱকৰ দলটোৱে হাতে হাতে লাঠী লৈ গাড়ীৰ চাবি আদি কাঢ়ি লোৱাৰ লগতে ডাবি–ধমকিৰে দুয়োৰে গাত থকা কাপোৰ পর্যন্ত খুলি উলংগ হ’বলৈ বাধ্য কৰায়৷ ইয়াতে ক্ষান্ত নাথাকি পাষণ্ড যুৱকৰ দলটোৱে দুই যুৱক–যুৱতীক অকথ্য যৌন নির্যাতন চলোৱাৰ লগতে অশ্লীল কার্যত লিপ্ত হ’বলৈ বাধ্য কৰায়৷ যুৱক–যুৱতীদ্বয়ে হাতযোৰ কৰি এৰি দিয়াৰ বাবে আবেদন–নিবেদন জনায় যদিও তেওঁলোকৰ নির্দেশ নামানিলে পৰিণাম বেয়া হ’ব বুলি ভাবুকি দিয়ে৷ ইয়াৰ মাজতে একাংশই এই অশ্লীল দৃশ্য ম’বাইলত ৰেকর্ডিং কৰি ৰাখে৷ পিছত ম’বাইলত বন্দী ভিডিঅ’ ভাইৰেল কৰাৰ ভয় দেখুৱাই দুই যুৱক–যুৱতীক ব্লেকমেইলিঙৰ ভাবুকি দি টকা নিদিলে ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে৷ যুৱকজনৰ লগত ধন নথকাত যুৱতীগৰাকীক তাত এৰি এটিএম বিচাৰি তাৰ পৰা গুচি আহে৷ এইবাৰ যুৱতীগৰাকীক অকলশৰীয়া অৱস্থাত পাই দুর্বৃত্তৰ দলটোৱে দলবদ্ধভাৱে যৌন নির্যাতন চলায়৷ পিছত যুৱকজনে আহি দলটোৰ হাতত প্রায় পাঁচ হাজাৰ টকা আদায় দিয়াৰ পিছত তেওঁলোকক মুকলি কৰি দিয়ে৷ সমগ্র ঘটনা গোপনে আছিল যদিও সামাজিক মাধ্যমত দুষ্ট চক্রটোৱে এই অশ্লীল ভিডিঅ’ ভাইৰেল কৰি দিয়াত ঘটনাটো পোহৰলৈ আহিছে৷ ঘটনাৰ বিষয়ে সামাজিক মাধ্যমৰ জৰিয়তে আৰক্ষী অৱগত হোৱাৰ লগে লগে জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে অভিযান চলাই আটাইকেইজনকে নিজ নিজ ঘৰৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ আটাহকেইজনৰে ঘৰ বৰঝৰাৰ গাতে লাগি থকা কাষৰীয়া গাঁৱত৷ এওঁলোক ট্ৰেক্টৰচালক বা হাজিৰা কৰি ফুৰা বুলি জানিব পৰা গৈছে৷ বৰঝৰালৈ অহা পর্যটকক এই দুষ্টচক্রটোৱে সুবিধা পালে ধন দাবী বা বিভিন্নধৰণে হাৰাশাস্তি কৰি আহিছিল বুলি অভিযোগ পোৱা গৈছে৷ আৰক্ষীয়ে এই যুৱক–যুৱতীহালক নির্যাতন চলোৱা পাঁচজনৰ সৈতে আন কোনো লোক জড়িত আছে নেকি তাকে লৈ সোধা–পোছা চলাই আছে৷ ঘটনাৰ বলি যুৱক–যুৱতীহালৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছে যদিও বর্তমানলৈ সক্ষম হোৱা নাই৷ ইফালে, বৰঝৰাত এনে অমানৱীয় আৰু লজ্জাজনক কাণ্ড সংঘটিত কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী তুলিছে স্থানীয় ৰাইজে৷ আনহাতে দুই–এক অপৰাধী চৰিত্রৰ ব্যক্তিয়ে কু–কাণ্ড সংঘটিত কৰিলেও বৰঝৰালৈ অহা পর্যটকসকলক সুৰক্ষা আৰু নিৰাপত্তা প্রদান কৰাৰ বাবে স্থানীয় ৰাইজ দায়বদ্ধ বুলি দোহাৰে৷ উল্লেখ্য যে ভূমেশ্বৰ পাহাৰৰ নামনিত থকা এই নিজৰাত গৰমৰ দিনত দৈনিক শ শ লোকৰ সমাগম হয়৷ বৰঝৰাৰ প্রাকৃতিক সৌন্দর্য উপভোগ কৰাৰ লগতে পাহাৰৰ পৰা নামি অহা শীতল পানীত গা ধুবলৈ বঙাহগাঁৱৰ উপৰি নামনি অসমৰ বিভিন্ন জিলাৰ পৰা অসংখ্য লোকৰ সমাগম হয়৷
প্ৰেৰক উপানন্দ শৰ্মা