নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ “দুৰ্নীতি মুক্ত ভাৰত–বিকশিত ভাৰত” আধাৰত অইল ইণ্ডিয়া লিমিটেডে বিগত বৰ্ষৰ দৰে এইবাৰো বিভাগীয় কাৰ্যালয়সমূহত সত্যনিষ্ঠাৰ শপত লৈ ৩১ অক্টোবৰ পৰা ৬ নৱেম্বৰলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে সতৰ্কতা সজাগতা সপ্তাহ ২০২২-ৰ শুভ উদ্বোধন কৰে। আজি দুলীয়াজান ক্লাৱ প্ৰেক্ষাগৃহত উক্ত সপ্তাহজোৰা সতৰ্কতা সজাগতা সপ্তাহ ২০২২-ৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে। এই অনুষ্ঠানত অইলৰ বিষয়াসকলৰ লগতে সতৰ্কতা বিভাগৰ বিষয়াসকল উপস্থিত থাকি সত্যনিষ্ঠাৰ শপত গ্ৰহণ কৰে। অইলৰ আৱাসিক মুখ্য বিষয়া প্ৰশান্ত বৰকাকতিয়ে তেখেতৰ উদ্বোধনী ভাষণত প্ৰতিজন অইল ইণ্ডিয়ানক সজাগ হৈ থাকিবলৈ আৰু সতৰ্কতা বিভাগে নিৰ্ধাৰণ কৰা পদ্ধতি, নিয়মাৱলী সম্বলিত হাতপুথি আৰু অনুপালনৰ বিষয়ে অৱগত হৈ থাকিবলৈ আহ্বান জনায়। ইয়াৰ ফলত ব্যৱস্থাসমূহ শক্তিশালী হ’ব আৰু কৰ্মক্ষেত্ৰত প্ৰক্ৰিয়াসমূহ উন্নত হ’ব বুলি তেখেতে কয়। অইলৰ মহা প্ৰৱন্ধক (সতৰ্কতা) অখিল কুমাৰ ডেকাই তেখেতৰ আদৰণি ভাষণত সতকৰ্তাৰ সন্দৰ্ভত বক্তব্য ৰাখে। ইয়াৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টি আৰু জীৱনৰ প্ৰতিটো দিশতে সততা আৰু সত্যনিষ্ঠা প্ৰসাৰিত কৰাৰ উদ্দেশ্যে এক চাইকেল ৰেলী বাহিৰ কৰা হয় । অইলৰ আৱাসিক মুখ্য বিষয়াই এই ৰেলী উদ্বোধন কৰে । অইল টাউনশ্বিপ, দুলীয়াজান আৰু ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ৰ ফিল্ড ইনষ্টলেচনসমূহ, ডিব্ৰুগড় বিমানবন্দৰ আদি মুখ্য স্থানসমূহত জনসাধাৰণক ই-সত্যনিষ্ঠাৰ শপত লোৱাৰ সুবিধাৰ্থে এইবাৰৰ সতৰ্কতা সজাগতা সপ্তাহৰ মূলমন্ত্ৰ আৰু কিউ আৰ ক’ড উল্লেখ থকা বেনাৰ আৰু হৰ্ডিং প্ৰদৰ্শনৰ জৰিয়তেও অইলে জনসচেতনতা অভিযান হাতত লয়। তদুপৰি অল ইণ্ডিয়া ৰেডিঅ’, ডিব্ৰুগড়ৰ জৰিয়তে ইয়াৰ প্ৰচাৰ চলোৱা হয়। অইলে সপ্তাহজোৰা অভিযানৰ লগত সংগতি ৰাখি দুলীয়াজান, মৰাণ আৰু ডিগবৈৰ বিভিন্ন মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনলাইন কুইজ, তৰ্ক আৰু ছবি অঁকা প্ৰতিযোগিতা, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত ৰচনা লিখা প্ৰতিযোগিতা, দুলীয়াজান আৰু ইয়াৰ আশে-পাশে থকা গাওঁ সভা আৰু ৰাজহুৱা স্থানসমূহত বাটৰ নাটৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। অইল ইণ্ডিয়ানসকলৰ মাজত অনলাইন ৱাল পেপাৰ ডিজাইন প্ৰতিযোগিতা, অনলাইন কুইজ আৰু ৰচনা লিখা প্ৰতিযোগিতাও আয়োজন কৰা হৈছে ।
প্ৰেৰক কৃষ্ণা গগৈ