নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক কমলাক্ষৰ ভাতৃ–ভাইবোৱাৰীক তলব ভিজিলেঞ্চৰ

🔹 চাহ বাগিচা ক্রয় কেলেংকাৰি
🔹 ৩ অক্টোবৰত হাজিৰ হোৱাৰ নির্দেশ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২ অক্টোবৰ : কৰিমগঞ্জৰ চাহ বাগিচা ক্রয় কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে অব্যাহত ৰাখিছে তদন্ত৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে এইবাৰ তলব কৰিছে কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ভাতৃ কল্যাণ দে’ পুৰকায়স্থ আৰু ভাইবোৱাৰী মিতালী দে’ পুৰকায়স্থক৷ ৩ অক্টোবৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ গুৱাহাটীৰ উলুবাৰীৰ ৰূপনগৰত অৱস্থিত মুখ্য কার্যালয়ত দুয়োজনক হাজিৰ হোৱাৰ নির্দেশ জাৰি কৰা হৈছে৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, কৰিমগঞ্জৰ প্রমোদ নগৰ চাহ বাগিচা ক্রয় কৰা সময়ত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই বৃহৎ অংকৰ ধন ভাইবোৱাৰী মিতালী দে’ পুৰকায়স্থৰ পৰা লোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ এই সন্দর্ভতে মিতালী দে’ পুৰকায়স্থৰ লগতে বিধায়কগৰাকীৰ ভাতৃ কল্যাণ দে’ পুৰকায়স্থকো জেৰা চলাব মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ উল্লেখ্য যে ৩ অক্টোবৰৰ পাছত ৪ অক্টোবৰত বিধায়কজনৰ আন চাৰি সহযোগীকো তদাৰকী কোষে জেৰাৰ বাবে তলব কৰিছে বুলি জানিব পৰা গৈছে৷ লক্ষণীয় যে কৰিমগঞ্জৰ এগৰাকী ব্যক্তিয়ে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই আন চাৰিজন লোকৰ সৈতে লগ লাগি নীতিবহির্ভূতভাৱে ভূমি কেলেংকাৰি কৰা বুলি মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষত অভিযোগ দাখিল কৰিছিল৷ উক্ত অভিযোগৰ ভিত্তিতে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে বিধায়ক কমলাক্ষ দে’সহ আন চাৰি অভিযুক্তৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে৷ কিছুদিন পূর্বে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ এটা দহজনীয়া দলে বিধায়কজনৰ কৰিমগঞ্জৰ প্রমোদ নগৰ চাহ বাগিচাৰ কার্যালয়ত তদন্ত চলাই কেইবাগৰাকীও কর্মচাৰীক সোধা–পোছা কৰে৷ তদন্তকাৰী দলটোৱে বাগিচাখনৰ বিভিন্ন নথি–পত্রও পৰীক্ষা কৰিছিল৷ অৱশ্যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ এই তদন্তৰ বিপৰীতে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ভূমি কেলেংকাৰিৰ অভিযোগক নস্যাৎ কৰিছে৷ কোনোধৰণৰ কেলেংকাৰি বাগিচাখন ক্রয়ৰ ক্ষেত্রত হোৱা নাই বুলি তেওঁ দাবী কৰিছে৷

You might also like