নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যু দিৱসত জন্মস্থান ধুবুৰীতেই এলাগী হৈ ৰ’ল অভিনেতা বিজয় চাক্সেনা ওৰফে মিন্টু পাল

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ বলীউডৰ হিন্দী ছবি জগতত নায়কৰ ৰূপে খোঁজ পেলোৱা অসমৰ এগৰাকী শিল্পীৰ আজিৰ মৃত্যৰ দিনটোতে তেখেতৰ জন্মস্থান ধুবুৰীতেই এলাগী হৈ ৰ’ল। কাৰো সময় নহ’ল বলিষ্ঠ সেই অভিনেতাগৰাকীৰ স্মৃতি ৰোমন্থন কৰাৰ। ১৯৯৪ চনৰ আজিৰ ২৪ জুনৰ দিনটোতে মুম্বাইত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল অভিনেতাগৰাকীৰ।

বলীউডৰ ছবি জগতত বিজয় চাক্সেনা নামেৰে পৰিচিত প্ৰয়াত সেই শিল্পীগৰাকীৰ প্ৰকৃত নাম আছিল মিন্টু পাল। ধুবুৰীৰ শান্তিনগৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সেই যুৱকজনে কেৱল নিজৰ অধ্যৱ্যৱসায় আৰু পৰিশ্ৰমেৰে হিন্দী চিনেমাৰ ‘স্পট বয়’ৰ পৰা কেইবাখনো হিন্দী চিনেমাত নায়কৰ চৰিত্ৰত অভিনয় কৰি দেশজুৰি সুখ্যাতি কঢ়িয়াবলৈ সক্ষম হৈছিল।

১৯৬৮ চনৰ ১ জানুৱাৰীৰ দিনা ধুবুৰীত জন্ম লভা প্ৰয়াত মিন্টু পালৰ পিতৃ অপূৰ্ব কৃষ্ণ পালৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে তেখেতৰ মাতৃ সৰস্বতী পাল বৰ্তমানে নিজৰ সৰু পুত্ৰসহ ক’লকাতাত বসবাস কৰি থকা বুলি পালৰ ধুবুৰীৰ নিকট আত্মীয়বৰ্গৰ পৰা জানিব পৰা গৈছে। আৰ্থিক দৈন্যতাৰ বাবে ১৯৯০ চনত মুম্বাইলৈ যোৱা মিন্টু পালে প্ৰথম ফালে হিন্দী চিনেমাৰ স্পট বয়ৰূপে কাম কৰিছিল। কিন্তু বলীউডৰ প্ৰখ্যাত অভিনেতা ‘বিগ বি’ খ্যাত অমিতাভ বচ্চনৰ সৈতে সাইলাখ চেহেৰাৰ বাবে পালে দৃষ্টি আকৰ্ষণ কৰিছিল কেইবাগৰাকী হিন্দী ছবি পৰিচালকৰ।

তাৰ ফলস্বৰূপে ১৯৯১ চনত বলিউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী অভিনীত ‘‘সৰগ ইঁহা নৰক ইঁহা’ হিন্দী চিনেমাখনেৰে পোনপ্ৰথম বাৰৰ বাবে ডাঙৰ পৰ্দাত ভুমুকি মাৰিছিল প্ৰয়াত মিন্টু পালে। চিনেমাখনত কৰা অভিনয় আৰু অমিতাভ বচ্চনৰ সৈতে থকা সাদৃশ্যৰ বাবে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছিল তেওঁ। তাৰেই ফলশ্ৰুতিত ১৯৯১ চনতেই প্ৰখ্যাত হিন্দী চিনেমা ‘‘শ্বোলে’’ৰ আৰ্হিত নিৰ্মিত হোৱা ব্যাংগাত্মক চিনেমা ‘‘ৰামগৰ কা শ্বোলে’’ নামৰ আন এখন ছবিৰ মূল চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল তেওঁ। ১৯৯১ চনৰ ২১ জুনৰ দিনা মুক্তি পোৱা সেই চিনেমাখনেও দৰ্শকৰ বিপুল সঁহাৰি ল’ভাৰ পিছত বলীউডৰ চিনেমা জগতত দৃঢ়ভাৱে খোপনি পুতিবলৈ সক্ষম হৈছিল বিজয় চাক্সেনা ওৰফে মিন্টু পালে।

১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈ অকাল মৃত্যুক সাৱটিবলগীয়া হোৱাৰ পূৰ্বে ‘‘দিল কা কচুৰ’’, ‘বাসন্তি টাংগেৱালী’’, ‘‘গংগা বনি শ্বোলা’’, ‘‘বাঘানি চুলতানা’’, ‘‘আখৰী চেতাৱানি’’, ‘‘ফুলন হাচিনা ৰামকালি’’, ‘‘গংগাপুৰ কি গীতা’’ নামৰ কেইবাখনো হিন্দী চিনেমাৰ মূল চৰিত্ৰত অভিনয় কৰিছিল তেওঁ। মাথো ২৬ বছৰ বয়সতেই অকাল মৃত্যুক সাৱটা মিন্টু পালে মৃত্যুৰ আগে আগে বলিউডৰ কেইবাগৰাকী আগশাৰীৰ পৰিচালকৰ চিনেমাত অভিনয় কৰাৰ বাবেও চুক্তিবদ্ধও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে ধুবুৰীৰ এক সাধাৰণ পৰিয়ালৰ পৰা বলিউডৰ চিনেমা জগতত নায়কৰূপে খোঁজ পেলাবলৈ সক্ষম হোৱা প্ৰয়াত সেই অভিনেতাজনক আজিৰ মৃত্যুৰ দিনটোতো স্মৃতি ৰোমন্থন কৰাৰ বাবে আহৰি নেপালে তেখেতৰ জন্মস্থান ধুবুৰীৰ কোনোৱে।

প্ৰতিবেদকঃ অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী,

You might also like