বাংলাদেশত হিংসা : ধুবুৰীত লোক জাগৰণ মঞ্চৰ প্ৰতিবাদী সভা
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা সাম্প্ৰদায়িক হিংসা আৰু অত্যাচাৰ বন্ধ কৰাৰ দাবীত আজি ধুবুৰীত এক বিশাল প্ৰতিবাদী সভা আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয়। লোক জাগৰণ মঞ্চৰ ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত সেই কাৰ্যসূচীত প্ৰখৰ ৰ’দকো নেওচি হাতে হাতে বিভিন্ন প্লে-কাৰ্ডলৈ প্ৰতিবাদকাৰীসকলে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ দাবী জনায়। কাৰ্যসূচীৰ সমান্তৰালকৈ আয়োজিত প্ৰতিবাদী সভাখনত বিভিন্ন বক্তাই বাংলাদেশত সনাতনীসকলৰ ওপৰত চলি থকা অত্যাচাৰ বন্ধ কৰাৰ ব্যৱস্থা লোৱাৰ বাবে ভাৰত চৰকাৰক অনুৰোধ জনায়। অন্তত বাংলাদেশত হিন্দু তথা অন্যান্য সংখ্যালঘু সম্প্রদায়ৰ ওপৰত চলি থকা গভীৰ অসন্তুষ্টি প্রকাশ কৰি লোক জাগৰণ মঞ্চৰ ধুবুৰী জিলাৰ তৰফৰ পৰা ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ অন্তবর্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখনত বাংলাদেশত চলি থকা অত্যাচাৰৰ বিরুদ্ধে বাংলাদেশ চৰকাৰে ক্ষিপ্ৰ ব্যৱস্থা গ্রহণ কৰাৰ দাবী জনোৱাৰ সমান্তৰালকৈ ইস্কনৰ সন্যাসী চিন্ময় কৃষ্ণ দাসক গণতন্ত্র ৰক্ষাৰ স্বাৰ্থত অনতিপলমে মুকলি কৰি দিয়াৰ আহ্বান জনোৱা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী