বিশাল-এ কুৱালালামপুৰত চুমিৰ বাবে কিনিছিল ১৫ লাখৰ সামগ্রী
🔹 নাচনী বায়েকলৈ ধুৰন্ধৰ ভায়েকৰ আদৰ দেখি হতভম্ব তদন্তকাৰী দল
বিশেষ বাৰ্তা, ৪ মে’ : আকৌ বিশাল-চুমি অধ্যায়। অনলাইন ট্রেডিঙৰ মাধ্যমেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ অলীক স্বপ্ণ দেখুৱাই ৰাইজৰ পৰা প্রৱঞ্চনাৰে সৰকাই অনা কোটি কোটি টকাৰে নাচনী বায়েক চুমি বৰাক সন্তুষ্ট কৰি ৰাখিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল পাতি লোৱা ভায়েক বিশাল ফুকনে৷ দীর্ঘদিনীয়া কাৰাবন্দিত্বৰ অন্তত জামিনত কালি মুকলি আকাশৰ তললৈ বিশাল ফুকনে ওলাই অহাৰ সময়তে চিবিআইৰ প্রতিবেদনত প্রকাশ পোৱা বিশাল–চুমিৰ সাধুকথাৰ দৰে লগা বিলাসী জীৱন যাত্রাৰ কাহিনীয়ে পুনৰ ৰাজ্যজুৰি ৰাইজৰ মাজত চর্চা লাভ কৰিছে৷ নাচনী বায়েকৰ প্রতি পাতি লোৱা চেনেহৰ ভায়েকৰ অহেতুক দৰদ চিবিআইৰ প্রতিবেদনৰ পাতে পাতে উন্মোচিত হৈ পৰিছে৷ ধুৰন্ধৰ বিশাল ফুকনে ৰাণীৰ দৰে ৰাখিছিল চুমি বৰাক৷ আনৰ ধনেৰে নিশাটোৰ ভিতৰতে অভিজাত লোক হৈ পৰা চুমি–বিশালে নিজৰ প্রয়োজনীয় সামগ্রী দিল্লী, মুম্বাই নহয়, বিদেশৰ বজাৰতহে ক্রয় কৰিছিল৷ কিয়নো উচ্চাকাংক্ষী চুমি বৰাই দেশীয় বজাৰ নহয়, ডুবাই–ইটালী, কুৱালালামপুৰৰ দৰে বিলাসী ঠাইত বজাৰ কৰাটোহে পছন্দ কৰিছিল৷ মৰমৰ বায়েকৰ এই আব্দাৰ নিঃশব্দে মানি লৈছিল পাতি লোৱা ভায়েক বিশালে৷ ২০২৩ চনৰ ২৬ জুলাইত কুৱালালামপুৰৰ পৰা বিশালে চেনেহৰ বায়েক চুমিলৈ ক্রয় কৰিছিল বিলাসী ব্রেণ্ড গুচ্চিৰ (Gucci) ২,১০,৩৫১ টকা মূল্যৰ বেগ৷ তাৰ তিনি দিন পাছতে পুনৰ ২৯ জুলাইত একেটা কোম্পানীৰে ৪৪,১১৭ টকা মূল্যৰ আন এটা বেগ ক্রয় কৰিছিল বিশালে৷ দুয়োটা বেগ মৰমৰ বায়েকক উপহাৰ হিচাপে দিছিল বিশালে৷ তদুপৰি ইটালিয়ান ব্রেণ্ডৰ পৰা ৪৭ হাজাৰ টকাৰ বিভিন্ন সামগ্রী ক্রয় কৰা বিশালে বায়েক চুমিক সন্তুষ্ট ৰাখিবলৈ বিখ্যাত টিফানিয়ান কোম্পানীৰ পৰা ক্রয় কৰিছিল ১,৮৮,৯৪০ টকা মূল্যৰ সোণৰ গহনা৷ ইমানৰ পাছতো আব্দাৰ নেৰা নাচনী বায়েক চুমিক সন্তুষ্ট কৰিবলৈ বিশালে পুনৰ খৰচ কৰিছিল মোটা অংকৰ ধন৷ কুৱালালামপুৰৰ পৰা এইবাৰ পোনে পোনে ডুবাই যোৱা বিশালে ডুবাইৰ পর্দা ফেশ্বনৰ পৰা চুমিৰ বাবে ক্রয় কৰিছিল এযোৰ বিলাসী কাপোৰ৷ যিযোৰ কাপোৰৰ দাম ভাৰতীয় টকাৰ মূল্যত আছিল ২,৪২,২২২ টকা৷ অর্থাৎ যিকোনো প্রকাৰে হ’লেও চুমিক সন্তুষ্ট ৰাখিবলৈ সদায়ে যত্নপৰ আছিল বিশাল৷ অকল দামী দামী উপহাৰ দিয়াতেই ক্ষান্ত নথকা বিশালে সঘনে চুমিৰ বেংক একাউণ্টলৈ প্রেৰণ কৰিছিল লাখ লাখ টকা৷ ২০২৩ চনৰ পৰা বৃহৎ পৰিমাণৰ ধনৰাশি সঘনাই চুমি বৰাৰ একাউণ্টলৈ প্রেৰণ কৰিছিল বিশাল ফুকনে৷ এবাৰত সর্বাধিক ৯ লাখ টকালৈকে চুমি বৰাৰ একাউণ্টলৈ প্রেৰণ কৰিছিল বিশাল ফুকনে৷ চেনেহৰ বায়েকৰ প্রতি পাতি লোৱা ভায়েকৰ এনে মৰমে সর্বসাধাৰণ ৰাইজকেই নহয়, চিবিআইৰ তদন্তকাৰী বিষয়াকো হতভম্ব কৰি তুলিছে৷ অকল এয়াই নহয়, চুমি–বিশালৰ প্রৱঞ্চনাৰ জালখনত ৰাজ্যৰ দুগৰাকী গায়িকাও সোমাই পৰাৰ কথা চিবিআইৰ প্রতিবেদনত পোহৰলৈ আহিছে৷ উক্ত গায়িকা দুগৰাকী হৈছে নীলাক্ষি নেওগ আৰু নীতা চেতিয়া৷ ২০২১ চনত চুমি বৰাৰ সৈতে সাক্ষাৎ ঘটে নীলাক্ষি নেওগৰ! ‘লছপচি’ আৰু ‘গোলাপ এসোপা’ শীর্ষক গীত দুটা কৰিঅ’গ্রাফী কৰিছিল চুমি বৰাই৷ তেতিয়াৰ পৰাই চুমিৰ বৰাৰ সৈতে এটা ভাল সম্পর্ক গঢ় লৈ উঠিছিল নীলাক্ষি নেওগৰ৷ সম্পর্ক অক্ষুণ্ণ ৰাখি নীলাক্ষি নেওগক এদিনাখন চুমি বৰাই চিনাকি কৰি দিছিল ভায়েক বিশাল ফুকনৰ সৈতে৷ তাৰ পিছত যোৰহাটত চুমি বৰাৰ বিয়াৰ অভ্যর্থনা অনুষ্ঠান আৰু দ্বিতীয়বাৰ বিশাল ফুকনৰ ফার্মা কোম্পানী পার্চেলিয়াৰ উন্মোচনী অনুষ্ঠানত বিশাল ফুকনৰ সৈতে সাক্ষাৎ হৈছিল নীলাক্ষি নেওগৰ৷ ২০২৪ চনৰ ৪ আগষ্টত বেংক ট্রেন্সফাৰৰ জৰিয়তে বিশালৰ পার্চেলিয়া কনছালটেন্সীৰ একাউণ্টত মুঠ ৫ লাখ টকা বিনিয়োগ কৰিছিল নীলাক্ষি নেওগে৷ বিশালে হোৱাটছএপৰ মাধ্যমেৰে বেংকৰ তথ্য প্রেৰণ কৰিছিল নীলাক্ষি নেওগক৷ কিন্তু ধন বিনিয়োগৰ পাছতো কোনোধৰণৰ চুক্তিপত্র নীলাক্ষি নেওগক প্রদান কৰা নাছিল বিশাল ফুকনে৷ একেদৰে আন এগৰাকী গায়িকা নীতা চেতিয়াক ২০২৩ চনত এটা গীতৰ শ্বুটিঙৰ সময়ত লগ পাইছিল চুমি–বিশালে৷ তাৰ পিছৰে পৰাই গায়িকাগৰাকীৰ সৈতে এটা আন্তৰিকতাপূর্ণ সম্পর্ক গঢ়ি তোলা চুমিয়ে পূর্বৰ দৰেই ভাল ৰিটার্ন দিয়াৰ প্রতিশ্রুতিত গায়িকাগৰাকীক বিশালৰ কোম্পানীত বিনিয়োগ কৰাৰ পৰামর্শ দিছিল৷ কম সময়তে অধিক লাভৰ আশাত নীতা চেতিয়াই ২০২৪ চনৰ ৫ ফেব্রুৱাৰীত বিশাল ফুকনৰ কোম্পানীত ৩ লাখ টকা বিনিয়োগ কৰাৰ পাছতে পুনৰ ১ এপ্রিলত ১ লাখ টকা বিনিয়োগ কৰে৷ একেদৰে পুনৰ ১৭ মে’ত পার্চেলিয়া কোম্পানীত ৩ লাখ টকা বিনিয়োগ কৰে নীতা চেতিয়াই৷ সকলো তথ্য পোহৰলৈ অহাৰ পিছতে চিবিআইৰ জেৰাত এই সকলো কথা স্বীকাৰ কৰিছে দুয়োগৰাকী গায়িকাই৷ সম্প্রতি কেন্দ্রীয় তদন্তকাৰী সংস্থা চিবিআইৰ প্রতিবেদনখন প্রকাশ পোৱাৰ পিছতে চুমি–বিশালৰ প্রৱঞ্চনাৰ এই নতুন অধ্যায়বোৰ উন্মোচিত হৈছে৷ প্রশ্ণ হৈছে- দীর্ঘদিনীয়া কাৰাবন্দিত্বৰ অন্তত ধুৰন্ধৰ বিশাল ফুকনে কালি জামিনত মুকলি আকাশৰ তললৈ ওলাই অহাৰ দৰেই এদিনাখন প্রৱঞ্চক চুমি বৰাও হয়তো কাৰাগাৰৰ পৰা মুকলি হ’ব৷ কিন্তু ৰাইজে বিনিয়োগ কৰা কষ্টোপার্জিত ধনখিনি পুনৰ ওভতাই পাবলৈ সক্ষম হ’বনে ?