নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ : ১০-১৫ দিনত অ’পিডি মুকলিৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কৰি এটি বৃহৎ ঘোষণা আগবঢ়ায়৷ নলবাৰীৰ বড়িগাঁওস্থিত (দক্ষিণগাঁও)ত নিৰ্মীয়মাণ মেডিকেল কলেজ পৰিদৰ্শন কৰি সাংবাদিকৰে হোৱা আলোচনাত অহা দহ-পোন্ধৰ দিনৰ ভিতৰত সম্পূৰ্ণ অ’পিডি মুকলি হব বুলি ঘোষণা কৰে৷ আনহাতে চলিত বৰ্ষৰে অক্টোৱৰ মাহত মেডিকেল কলেজৰ পাঠদান আৰম্ভ হব বুলি সদৰী কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইয়াৰ যাৱতীয় কাম কাজ আগবাঢ়ি থাকিব আৰু অ’পিডি নিজে নিজে আৰম্ভ হৈ যাব৷ ইতিমধ্যে কালিৰ পৰা অ’পিডি আৰম্ভ হৈছে আৰু দহ বা পোন্ধৰ দিনৰ ভিতৰত সম্পূৰ্ণ অ’পিডি চলিব ৷
আনহাতে এই বছৰ তিনিখন মেডিকেল কলেজৰ নেচনেল মেডিকেল কাউন্সিলৰ দ্বাৰা পৰিদৰ্শনৰ পঞ্জীয়ণ কৰিছে৷ ৰাজ্যৰ নিৰ্মীয়মাণ তিনিখন মেডিকেল কলেজৰ ভিতৰত কোকৰাঝাৰ মেডিকেল কলেজত নেচনেল মেডিকেল কাউন্সিলৰ দ্বাৰা পৰিদৰ্শন হৈ গ’ল৷ নগাঁও আৰু নলবাৰী মেডিকেল কলেজৰ নেচনেল মেডিকেল কাউন্সিলৰ দ্বাৰা অতি কম দিনৰ ভিতৰত পৰিদৰ্শন কৰিব৷ মেডিকেল কলেজৰ পাঠ আৰম্ভ হয় অক্টোবৰ মাহত৷ সেইহে নলবাৰী মেডিকেল কলেজৰ পাঠদান কাৰ্য চলিত বৰ্ষৰ অক্টোবৰ মাহত আৰম্ভ কৰিব পৰা যাব বুলি কয়৷ মেডিকেল কলেজৰ পাঠদান কাৰ্য আৰম্ভ হোৱাৰ পূৰ্বে ইয়াক আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হব৷ তদুপৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজত সংলগ্ন হোৱাৰ বিষয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নলবাৰীত এখন মেডিকেল কলেজ আৰু এখন চিভিল হাস্পতাল একেলগে নচলে৷ চিভিল হাস্পতালখনক অন্য ধৰণে উন্নয়ন কৰাৰ চিন্তা চৰ্চা চলি আছে বুলি জানিবলৈ দিয়ে৷ আজি নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মেডিকেল শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা, নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত ফিৰ্দুছ আলম, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষা কলিতা, নলবাৰী জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰে৷ তদুপৰি নলবাৰী মেডিকেল কলেজত উপস্থিত থাকে লোকনিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল।

প্ৰেৰক শ্বাহ আলম আহমেদ