নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ বিদ্যাপুৰত পথাৰত উদ্ধাৰ ভাতৃ-ভগ্নীৰ মৃতদেহ : হত্যাৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ বিদ্যাপুৰৰ এখন পথাৰত অচিনাক্ত দুৰ্বৃত্তই দুগৰাকী ভাতৃ-ভগ্নীক হত্যা কৰি পেলাই থৈ যোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে জিলাখনৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰী গাঁৱৰ এখন পথাৰত আজি পুৱা উদ্ধাৰ হৈছে এই ভাতৃ-ভগ্নী হালৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহ দুটা গাঁওখনৰ আব্দুল বাতেনৰ পুত্ৰ আচমত আলী (১৫) আৰু তেওঁৰে বিবাহিতা কন্যা ফিৰোজা খাতুন (১৭) বুলি চিনাক্ত কৰা হৈছে। অসুস্থ হৈ থকা পিতৃৰ সৈতে দুয়ো গৰাকী ভাতৃ-ভগ্নী নিশা ভাত-পানী খাই শোৱাপাটীলৈ যোৱাৰ পিচত কোনে দুয়ো গৰাকী ভাতৃ-ভগ্নীকে নৃশংসভাৱে হত্যা কৰি পথাৰত পেলাই থলে সেয়া ৰহস্যজনক হৈ পৰিছে। আজি পুৱা স্থানীয় লোকে ভাতৃ-ভগ্নী দুয়োগৰাকীৰে মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে ঘটনাস্থলীত বহু লোক সমবেত হয়। আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি পুৱা ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে। ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। উল্লেখ্য যে, আব্দুল বাতেনৰ কন্যা ফিৰোজা খাতুনে কেইবছৰ মান পূৰ্বে ধুবুৰী জিলাৰ চাপৰ থানা এলেকাৰ হাতীপোতা গাঁৱৰ লোক এজনৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল। দুদিনমান পূৰ্বে ফিৰোজাই পিতৃগৃহলৈ আহিছিল। কিন্তু যোৱানিশা ফিৰোজা আৰু তেওঁৰ ভাতৃক এনেদৰে দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায়। ইফালে ফিৰোজাৰ পিতৃ পূৰ্বৰে পৰা বাৰ্ধক্যজনিত ৰোগত ভূগি থকা বাবে ঘটনা সন্দৰ্ভত আৰক্ষীক সঠিক তথ্য দিব পৰা নাই। কেউকিছু নথকা পৰিয়ালটোৰ ভাতৃ-ভগ্নী হালক কোনে কি কাৰনত হত্যা কৰিব পাৰে সেয়া অৱশ্যে আৰক্ষীৰ অনুসন্ধানতহে স্পষ্ট হৈ পৰিব।

প্ৰেৰক ৰুবুল কান্তি দাস

You might also like