ভোটযুদ্ধ
মই এই পৃথিৱীত বহু বছৰ আছোঁ, আৰু দেশ স্বাধীন হোৱাৰ আগৰে পৰাই বহুতো নির্বাচন দেখাৰ সৌভাগ্য মোৰ হৈছে৷ স্বাধীন ভাৰতৰ প্রথমটো নির্বাচন আছিল ১৯৫২ চনৰ সাধাৰণ নির্বাচন৷ তেতিয়া দেশৰ বেছিভাগ মানুহেই নিৰক্ষৰ৷ সেই সময়ত ৰাষ্ট্রসংঘৰ সভানেত্রী আছিল বিজয়লক্ষ্মী পণ্ডিত৷ এজন বিদেশী ৰাষ্ট্রনেতাই তেওঁক সুধিছিল– ‘মাডাম পণ্ডিত, এই বিশাল দেশখনৰ কোটি কোটি নিৰক্ষৰ মানুহক লৈ সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাটো এক চৰম দুঃসাহসৰ কাম নহয়নে? আপোনালোক এই কামত সফল হ’ব পাৰিবনে?’ বিজয়লক্ষ্মী পণ্ডিতে উত্তৰ দিছিল– ‘ভাৰতৰ মানুহ নিৰক্ষৰ এই অর্থত যে তেওঁলোকে লিখিব আৰু পঢ়িব নাজানে৷ কিন্তু আপোনালোকে বুজা অর্থত তেওঁলোক অজ্ঞানী আৰু অশিক্ষিত নহয়৷ তেওঁলোকে উত্তৰাধিকাৰ সূত্রে লাভ কৰিছে এই প্রাচীন দেশৰ ৫০০০ বছৰীয়া সভ্যতা–সংস্কৃতি৷ এই উত্তৰাধিকাৰেই তেওঁলোকক প্রকৃত অর্থত জ্ঞানী আৰু শিক্ষিত কৰি ৰাখিছে৷ এই তথাকথিত নিৰক্ষৰ মানুহবোৰে গণতান্ত্রিক নির্বাচনক কেনেকৈ কৃতকার্য কৰি তোলে সেই কথা আপোনালোকে চাই থাকক৷’
দাসত্ব বন্ধনৰ পৰা সদ্যমুক্ত ভাৰতৰ নিৰক্ষৰ মানুবোৰে এটাৰ পিছত এটাকৈ শান্তিপূর্ণ নির্বাচন অনুষ্ঠিত কৰি সমগ্র বিশ্বক চমক লগাই দিলে৷ গণতন্ত্র আৰু ধর্মনিৰপেক্ষতা– এই দুটা হ’ল আধুনিক ভাৰতৰ প্রধান গৌৰৱ৷ ইয়াৰ সমস্ত কৃতিত্ব ভাৰতৰ সাধাৰণ মানুহৰ প্রাপ্য৷
বছৰবোৰ বাগৰাৰ লগে লগে ভাৰতত নিৰক্ষৰতা দ্রুত গতিৰে হ্রাস পাবলৈ ধৰিলে সেই অনুপাতে বাঢ়িবলৈ ধৰিলে শিক্ষিতৰ সংখ্যা৷ এতিয়াৰ ৰাজনীতিৰ পথাৰত নমা প্রায় ১০০ শতাংশ মানুহেই উচ্চ শিক্ষিত৷ ভোটাৰসকলৰ মাজতো নিৰক্ষৰ মানুহ প্রায় নাই বুলিয়েই ক’ব পাৰি৷ থাকিলেও অতীতৰ তুলনাত অতি কম৷ অথচ কি আচৰিত কথা যে নির্বাচনবোৰে তর্কযুদ্ধৰ পৰিৱর্তে বেছিকৈ গদাযুদ্ধৰ ৰূপ ল’বলৈ আৰম্ভ কৰিছে– যাৰ ফলত আজি বহুত মানুহৰ দৃষ্টিত ৰাজনীতি পৰিণত হৈছে এটা অশ্রদ্ধেয় বৃত্তিত৷ মাত্র সৌ সিদিনা টেলিভিছনৰ পর্দাত দেখা গ’ল যে বিজেপিৰ ৰাজ্যিক সভাপতিজনে কংগ্রেছৰ ৰাজ্যিক সভাপতিক প্রত্যাহ্বান জনাবলৈ ব্যৱহাৰ কৰিছে এখন হেংদান বা তৰোৱাল৷ এই কথাটোৱেই প্রতীকী অর্থত বহুত কথা কৈ নিদিয়েনে? তাহানিখনেই নেপোলিয়নে কৈ যোৱা তৰোৱালতকৈ কলমৰ শক্তি বেছি বুলি কথাষাৰ বর্তমান যুগৰ অসমৰ ৰাজনীতিকসকলে বোধহয় বিশ্বাস নকৰে৷
দেৱকান্ত বৰুৱা যেতিয়া কংগ্রেছৰ সভাপতি আছিল, তেতিয়া তেওঁ এষাৰ অতি তাৎপর্যপূর্ণ কথা কৈছিল৷ তেওঁ কৈছিল যে গণতন্ত্রৰ বহুতো সংজ্ঞাৰ ভিতৰত যিটো সংজ্ঞা তেওঁৰ আটাইতকৈ ভাল লাগে সেইটো হ’লSovereignty of discussion, অর্থাৎ আলোচনাৰ সার্বভৌমত্ব৷ ইয়াৰ অর্থ হ’ল এইটো যে এখন প্রকৃত গণতান্ত্রিক সমাজত প্রতিটো বাদ–বিসম্বাদৰ মীমাংসা হ’ব লাগিব আলোচনাৰ যোগেদি ক্ষমতাও দখল কৰিব লাগিব আলোচনাৰ যোগেদি৷ যেতিয়া দুটা মতৰ মাজত সংঘর্ষ হয়, তেতিয়া আলোচনাই তর্ক তথা তর্কযুদ্ধৰ ৰূপ লয়৷ সেই কাৰণেই ব্রিটিছ পার্লিয়ামেণ্টক কোৱা হয়greatest debating culb of the world৷ প্রতিখন গণতান্ত্রিক দেশত প্রতিখন সংসদ বা বিধানসভাই একো একোটা ডিবেটিং ক্লাব৷ সংসদ বা বিধানসভাত প্রৱেশ কৰাৰ পথটোও হ’ল তর্কযুদ্ধৰ পথ৷ নির্বাচন যুদ্ধত জয়ী হ’বলৈ হ’লে প্রথমতে জয়ী হ’ব লাগিব নির্বাচনী প্রচাৰ অভিযানৰ সময়ত হোৱা তর্কযুদ্ধবোৰত৷ গণতান্ত্রিক নির্বাচনৰ পৰিপ্রেক্ষিতত এই তর্কযুদ্ধবোৰৰ গুৰুত্ব অপৰিসীম৷ বিভিন্ন প্রার্থীৰ মাজত হোৱা এই তর্কযুদ্ধবোৰেহে ভোটাৰসকলক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তোলে আৰু কাৰ পক্ষত তেওঁলোকে ভোটটো দিব, সেই কথা ঠিক কৰিবলৈ তেওঁলোকক সহায় কৰে৷ ইয়াৰ অর্থ এইটোৱেই যে বিভিন্ন দলৰ নেতাসকলৰ মাজত হোৱা তর্কযুদ্ধত তেওঁলোকৰ মুখৰ পৰা এনেকুৱা কথা ওলাব লাগিব– যিবোৰ কথা শুনি ভোটদাতাসকলে কিছু চিন্তাৰ খোৰাক পাব পাৰে৷
আগন্তুক নির্বাচনলৈ প্রায় ৭–৮ মাহ থকাৰ সময়ত অসমত প্রধান ৰাজনৈতিক দল দুটাৰ প্রচাৰ অভিযান আৰম্ভ হৈছে৷ হঠাৎ আৰম্ভ হৈছে তর্কযুদ্ধ৷ কিন্তু ৰাজনৈতিক তর্কযুদ্ধৰ নামত তেওঁলোকৰ পৰা ভোটদাতাই কি কথা শুনিবলৈ পাইছে? দুয়োটা প্রধান দলৰ সভাপতি দুজনৰ মুখত শুনা গৈছে প্রধানকৈ এটা মাত্র বাক্য ঃ ‘আমি ১০০খন আসন পাম’ ‘নহয়, আমিহে ১০০খন আসন পাম৷’ এই এটা মাত্র বাক্য ক’বলৈকে নির্বাচনী তর্কযুদ্ধখন পৰিণত কৰা হৈছে ভাওনাৰ ভীম–বকাসুৰৰ যুদ্ধত৷ দুটা জলাধাৰৰ কথা কল্পনা কৰক৷ এটা জলাধাৰত আছে পৰিষ্কাৰ নির্মল পানী আনটো জলাধাৰত আছে গুৱাহাটী পৌৰসভাৰ পানী যোগান বিভাগে যোগান ধৰা বোকা মিহলি অপেয় পানী৷ এতিয়া দুয়োটা পাত্রৰ পাইপ খুলি দিলে পাত্র দুটাত যেনেকুৱা পানী আছে, যেনেধৰণৰ পানী আছে, ঠিক তেনেধৰণৰ পানীহে পাইপৰ মুখেদি ওলাব৷ ঠিক তেনেকৈ মানুহৰ মগজত যেনেকুৱা কথা থাকে, ঠিক তেনে কথাহে তেওঁৰ মুখেদি ওলাব৷ অসমৰ ৰাজনৈতিক নেতাসকলে নিজেই এবাৰ চিন্তা কৰি চোৱা উচিত– তেওঁলোকৰ মগজত কি কথা আছে আৰু তেওঁলোকৰ মুখেদি কি কথা ওলাইছে৷ এই কথা ধ্রুৱ সত্য যে যাৰ মগজত যেনেকুৱা কথা আছে, ঠিক তেনেকুৱা কথাহে তেওঁলোকৰ মুখেদি ওলাব৷ এইবাৰৰ নির্বাচনী প্রচাৰত এতিয়ালৈকে দুয়োটা দলৰ কোনো এজন নেতাৰ মুখতেই শুনিবলৈ পোৱা নাই এটা মাত্র এনেকুৱা শব্দ– যিটো শব্দই শ্রোতাৰ মনত খন্তেকলৈ হ’লেও চিন্তাৰ শিহৰণ জগাব পাৰে বা তেওঁলোকৰ মনলৈ কিবা নতুন আশাৰ বতৰা সঞ্চাৰিত কৰিব পাৰে৷ এতিয়ালৈকে শুনিবলৈ পোৱা গৈছে মাত্র ‘মই তোক বধিম’ ‘নহয়, মইহে তোক বধিম’ জাতীয় ভাওনাৰ ভীম–বকাসুৰৰ আস্ফালন৷
মানুহৰ মুখৰ পৰা ওলোৱা কথাই তেওঁলোকৰ বৌদ্ধিক আৰু সাংস্কৃতিক মান নিৰূপণ কৰে৷ কাৰ মগজত কেনেধৰণৰ চিন্তা বা কথা ঠাহ খাই আছে, সেই কথাৰো আভাস দিয়ে তেওঁলোকৰ মুখৰ পৰা ওলোৱা কথাই৷ এই সকলো কথা চিন্তা কৰি অসমৰ ৰাজনৈতিক তর্কযুদ্ধৰ মান উন্নত কৰাৰ সময় উপস্থিত হৈছে৷ ৰাজনৈতিক তর্কযুদ্ধ কেৱল নির্বাচনত জয়লাভ কৰাৰ উপায় মাত্র নহয় ই হ’ল এখন সমাজৰ বৌদ্ধিক আৰু সাংস্কৃতিক মানো উন্নত কৰাৰ এটা প্রধান উপায়৷