🔹 শিৱসাগৰত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ
বিশেষ বাৰ্তা, ৬ এপ্ৰিল : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কিবা এটা কয় সকলোৱে বিশ্বাস কৰে৷ তেওঁ যদি কয় যে এইটো কাম মই কৰিম, তেওঁ কৰি দিবই৷ তেওঁৰ প্ৰতি মানুহৰ বিশ্বাস আছে৷- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ শিৱসাগৰ বিধানসভা সমষ্টিৰ কোঁৱৰপুৰ মণ্ডলৰ অফলা মুৰংঘৰ প্ৰাংগণত আজি এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি এইদৰে মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ভাষণত তেওঁ অহা ডেৰ বছৰত অসমত যিমান মানুহৰ ৰেচন কাৰ্ড আছে, সকলো মানুহকে অৰুণোদয় দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ সূতা-কম্বলৰ পাৰ্টী বুলি কংগ্ৰেছক আজি পুনৰ আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সূতা-কম্বলৰ পাৰ্টী কংগ্ৰেছে এইবিলাক একো দিয়া নাছিল৷ গতিকে সূতা-কম্বলৰ পাৰ্টীক ভোট দিলে ভোট নষ্ট হ’ব বুলি তেওঁ কয়৷ তেওঁ কয় যে অসমত আমি বিগত দুবছৰত ১১০০ কিলোমিটাৰ মথাউৰি পকী কৰিলোঁ, ৰাস্তা-ঘাট উন্নত কৰিলোঁ৷ কংগ্ৰেছ চৰকাৰৰ দিনত এনেকুৱা কাম হৈছিল নেকি বুলি তেওঁ উপস্থিত ৰাইজক প্ৰশ্ন কৰে৷ তেওঁ আৰু কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰাস্তা-ঘাটৰ অৱস্থা তথৈবচ আছিল৷ ১০ বছৰ পূৰ্বে মাজুলীলৈ যাওঁতে সময় লাগিছিল ১০ ঘণ্টা, এতিয়া সময় লাগে ৩-৪ ঘণ্টা৷ কিয়নো এতিয়া ৰাস্তা-ঘাট উন্নত৷ মথাউৰিও পকী হ’ল৷ এই সকলোবোৰ কৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ সেয়ে মন্ত্ৰীগৰাকীয়ে ভোট যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দিবলৈ আহ্বান জনায়৷ ভাষণত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত লাভ কৰা ঘৰবিলাক এটা ৰুমৰ ঘৰ আছিল বুলি কয়। এতিয়া সেই ঘৰবিলাক ডাঙৰ ডাঙৰ হ’ল বুলি তেওঁ কয়৷ মন্ত্ৰীগৰাকীয়ে কয়- কংগ্ৰেছৰ দিনত টকা দিহে চাকৰি লাভ কৰিছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত অসমৰ নিবনুৱা যুৱক-যুৱতীয়ে এটকা নিদিয়াকৈ চাকৰি লাভ কৰিবলৈ সক্ষম হ’ল৷ তেওঁ কয় যে এয়া সম্ভৱ কৰি তুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, এয়া সম্ভৱ তুলিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰীগৰাকীয়ে ভাষণত বিশেষকৈ ছাত্ৰীৰ শিক্ষাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ লগতে চৰকাৰৰ বিভিন্ন কল্যাণমুখী আঁচনিৰ কথা উল্লেখ কৰে৷ মন্ত্ৰীগৰাকীয়ে আজি শিৱসাগৰৰ ভিন্ন প্ৰান্তত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।