নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৃজনগ্ৰামত নিৰ্মাণৰত অৱস্থাতে হাওলি পৰিল জল জীৱন মিছনৰ ৱাল

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে জল জীৱন মিছন আঁচনিৰ অধীনত কোটি কোটি টকা ব্যয়ৰে গাঁৱে গাঁৱে বিশুদ্ধ খোৱা পানী যোগান আঁচনি নিৰ্মাণৰ কাম হাতত লৈছে যদিও একাংশ বিভাগীয় বিষয়া-ঠিকাদাৰৰ দুৰ্নীতিৰ ফলত বহু আঁচনি প্ৰহসনত পৰিণত হোৱাৰ উপক্ৰম ঘটা বুলি অভিযোগ উঠিছে৷ উত্থাপিত অভিযোগ মতে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম পঞ্চায়তৰ অন্তৰ্গত কাঁহিবাৰী দ্বিতীয় খণ্ডৰ জল জীৱন মিছনৰ অধীনত নিৰ্মাণ চলি থকা আঁচনিখনৰ কামকাজ অতি নিম্ন মানৰ ৷ মাত্ৰ ২৫% কাম হোৱা আঁচনিখন নিৰ্মাণৰত অৱস্থাতে বেৰ খহি পৰাৰ লগতে বিভিন্ন ঠাইত ফাট মেলিছে ৷ ৰাইজে ১০ ইঞ্চিৰ বেৰ গাঁথনি দিয়াৰ বাবে ঠিকাদাৰক কোৱাৰ পাচতো কোনো গুৰুত্ব নিদি ৫ ইঞ্চিৰ গাঁথনি দিয়াৰ ফলত বেৰবোৰ খহি,হাউলি পৰিবলৈ লৈছে৷ চৰকাৰে জল জীৱন মিছনৰ আঁচনি সমূহ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত শেষ কৰাৰ নিৰ্দেশ দিছিল যদিও অভিযোগ মতে চৰম ভেঁকোভাওনাৰে চলিছে উক্ত জল জীৱন মিছন আঁচনিৰ কাম। নিৰ্মাণৰ এমাহ নৌহওঁতে চৌদিশৰ বেৰ ভাঙিবলৈ আৰম্ভ কৰাত আঁচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ আশংকা কৰিছে ৰাইজে। ৰাইজৰ অভিযোগ ঠিকাদাৰ হিৰন ৰায় আৰু বিভাগীয় অভিযন্তাই গোপন বুজাবুজিৰে সিংহভাগ ধন আত্মসাত কৰাৰ বাবে অতি নিম্নমানৰ কামেৰে সম্পন্ন কৰিব বিচাৰিছে আঁচনিখনৰ নিৰ্মাণ। ইপিনে স্থানীয় সংগঠন আৰু ৰাইজে এই নিম্নমানৰ কাম কৰাৰ অভিযোগ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে। এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ।

প্ৰেৰক অপূৰ্ব কুমাৰ দাস

You might also like