নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহাৰঘাটত সাংসদ দিলীপ শইকীয়াৰ নিৰ্দেশৰ পিছতে তৎপৰ জলসম্পদ বিভাগ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ আজি ৰাতিপুৱা জলসম্পদ বিভাগৰ নলবাৰী উপ-সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা নিকুঞ্জ শৰ্মাই জলসম্পদ বিভাগৰ মুকালমুৱা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা নুৰ ইছলাম, সহকাৰী অভিযন্তা তপন কলিতাসহ বিভাগীয় কৰ্মচাৰী আৰু একাংশ সচেতন লোকৰ লগত চমুখাৰ পৰা ভৰালটোলালৈ যোৱা মথাউৰিটোৰ পানী নিগৰা আৰু খহনীয়া হোৱা ঠাইসমুহ পৰিদৰ্শন কৰে৷ উল্লেখ্য যে যোৱা শুকুৰবাৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই খহনীয়া ঠাই পৰিদৰ্শন কৰি খহনীয়াস্থলীৰ পৰা ফোনযোগে বিষয়াগৰাকীক পৰ্য্যবেক্ষণ কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল ৷ সাংসদগৰাকীৰ নিৰ্দেশৰ পিছতে আজি কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে খহনীয়াস্থলীত উপস্থিত হৈ তন্নতন্নকৈ পৰিদৰ্শন কৰে ৷ পানী নিগৰা ঠাই পৰিদৰ্শন কৰি ইয়াৰ শীঘ্ৰে কাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে নলবাৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাগৰাকীয়। উল্লেখ্য  যে বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যৰ অন্যান্য নৈসমূহৰ লগতে কামৰূপ আৰু নলবাৰী জিলা সংযোগী বৰলীয়া নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল৷ ইমানে নহয়, নৈখনে পূব আৰু পশ্চিম দিশৰ দুয়োটা মথাউৰিতে ঠায়ে ঠায়ে পানী নিগৰি ৰাইজক সন্ত্ৰসিত কৰি তুলিছিল৷ স্থানীয় একাংশ লোক আৰু জলসম্পদ বিভাগৰ কৰ্মচাৰীৰ অশেষ কষ্টৰ ফলত অঞ্চলটোৰ ৰাইজ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিছিল৷ এই কথা সাংসদগৰাকীৰ কাণত পৰাত তেওঁ ততাতৈয়াকৈ খহনীয়াস্থলী পৰিদৰ্শন কৰি সেই ঠাইৰ পৰা জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তাক ফোনযোগে পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল৷

 

প্ৰেৰক বীৰেন কলিতা 

You might also like