🔹 বানপানী অসমৰ দুর্যোগ : মন্ত্রী পীয়ূষৰ ঘোষণা
🔹 আইআইটি গুৱাহাটীৰ সৈতে জলসম্পদ বিভাগৰ বুজাবুজি চুক্তি সম্পন্ন
বিশেষ বাৰ্তা, ২৩ মে’ : ৰাজ্যত বানে সৃষ্টি কৰা প্রলয় ৰোধৰ বাবে চলিত বর্ষত ২৫০ কিঃমিঃ মথাউৰি নির্মাণ কৰা হৈছে৷ এই কথা সদৰী কৰে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, মথাউৰি যাতে বাৰিষাৰ বানে ভাঙি পেলাব নোৱাৰে তাৰ বাবে বিভাগে অত্যাধুনিক পদক্ষেপ গ্রহণ কৰিছে৷ নতুনকৈ নির্মাণ কৰা মথাউৰিসমূহৰ তলভাগত এটাকৈ জিঅ’ মেগা টিউব বহুওৱা হৈছে৷ এই মেগা টিউব নদীৰ পানীয়ে সোনকালে উটুৱাই লৈ যাব নোৱাৰে৷ বানে মেগা টিউবৰ ওপৰত থকা মাটিৰ কিছু অংশ খহাই নিলেও মেগা টিউবে মথাউৰি ভাগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব৷ এনেদৰে মেগা টিউবে ৰোধ কৰা মথাউৰি বিভাগে সোনকালে মেৰামতি কৰিব পাৰিব৷ পূর্বে বানপানীৰ সময়ত মথাউৰি ভাগিলে মেৰামতিৰ বাবে ছমাহ অপেক্ষা কৰিবলগীয়া হৈছিল৷ বাৰিষাৰ সময়ছোৱাত মথাউৰি মেৰামতি কৰা সম্ভৱ নাছিল, যাৰ বাবে খোলা অংশৰে যিকোনো সময়তে পানী সোমোৱাৰ সম্ভাৱনা আছিল৷ কিন্তু জিঅ’ মেগা টিউবৰ জৰিয়তে এতিয়া ভৰবাৰিষা মথাউৰিৰ ক্ষতিসাধন হ’লেও ১৫–২০ দিনত মেৰামতি কৰিব পৰা যাব৷ মন্ত্রীগৰাকীয়ে কয় যে যোৱা চাৰিটা বর্ষত জলসম্পদ বিভাগে বান প্রতিৰোধৰ বাবে যথেষ্ট কাম কৰিছে৷ যাৰ বাবে এতিয়া ধেমাজি, লখিমপুৰ, মৰিগাঁও, মাজুলী, নলবাৰী, বিটিআৰৰ জিলাসমূহ আৰু বৰাক ভেলীৰ জিলাসমূহত বানে বিশেষ ক্ষতিসাধন কৰিব পৰা নাই৷ কার্যতঃ বিভাগে সমগ্র ৰাজ্যতে ৬০–৭০ শতাংশ বান প্রতিৰোধ কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছ চৰকাৰৰ দিনত মথাউৰি ভাগিলে নতুনকৈ নির্মাণ কৰিবলৈ খৰালি সময়ছোৱালৈ অপেক্ষা কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া অত্যাধুনিক প্রযুক্তিৰে মথাউৰি বানৰ পৰা সুৰক্ষিত কৰি ৰখায়েই নহয়, ভগা অংশও বাৰিষাৰ মাজতে নির্মাণ কৰিব পাৰি৷ তেওঁ ইয়াকো উল্লেখ কৰে যে অহা সময়ছোৱাত ৰাজ্যৰ ৪,৫০০ কিলোমিটাৰ মথাউৰিৰ কাষে কাষে একোটাকৈ জিঅ’ মেগা টিউব বহুৱাই মথাউৰিসমূহ সম্পূর্ণৰূপে সুৰক্ষিত আৰু শক্তিশালী কৰা হ’ব৷ উল্লেখ্য যে কালি জলসম্পদ বিভাগ আৰু আইআইটি গুৱাহাটীৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়৷ আইআইটি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক সুকুমাৰ নন্দী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শর্মাৰ মাজত স্বাক্ষৰিত হয় এই বুজাবুজি চুক্তি৷ ৰাজ্যত বান আৰু খহনীয়া নিয়ন্ত্রণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আইআইটি গুৱাহাটী আৰু জলসম্পদ বিভাগৰ মাজত সম্পন্ন হোৱা এই বুজাবুজি চুক্তিৰ জৰিয়তে জলসম্পদ বিভাগৰ ২০গৰাকী অভিযন্তাই প্রতিবছৰে আইআইটি গুৱাহাটীত জলসম্পদ বিষয়ক অনলাইন এমটেক পাঠ্যক্রমত নামভর্তিৰ সুবিধা লাভ কৰিব৷ বিশ্ব বেংকৰ সহযোগত চলিত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণৰ এক বিস্তৃত প্রকল্পৰ অংশ হিচাপে গ্রহণ কৰা এই পদক্ষেপৰ জৰিয়তে পৰৱর্তী ১০ বছৰত জলসম্পদ বিভাগৰ প্রায় ২০০গৰাকী অভিযন্তাই উন্নত প্রযুক্তিগত জ্ঞান লাভৰ সুবিধা পাব৷ এই পাঠ্যক্রমৰ জৰিয়তে বিভাগটোক আধুনিক প্রযুক্তি ব্যৱহাৰৰ দিশত অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য ৰখা হৈছে৷ এই অনুষ্ঠানতে মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে জলসম্পদৰ দৰে সংবেদনশীল বিষয়ৰ সৈতে জড়িত অভিযন্তাসকল আধুনিক প্রযুক্তিৰ বিষয়ে সদায় অৱগত থকাটো প্রয়োজন৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত জলসম্পদ বিভাগে প্রতিবছৰে প্রায় ২ হাজাৰ কোটি টকাৰ বাজেটৰ জৰিয়তে কাম কৰি আছে আৰু বান প্রতিৰোধত যথেষ্ট সক্ষম হৈছে৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে ৰাজ্যত প্রায় ৪,৫০০ কিলোমিটাৰ দৈর্ঘ্যৰ মথাউৰি আছে৷ যাৰ বহু অংশ আধুনিক প্রযুক্তিৰ সহায়েৰে পুনৰ সংস্কাৰ কৰাৰ প্রয়োজন আছে৷ এইক্ষেত্রত বুজাবুজি চুক্তিখনে উল্লেখযোগ্য ভূমিকা পালন কৰিব৷ এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত জলসম্পদ বিভাগৰ সচিব পৱিত্র ৰাম খাউণ্ড আৰু আইআইটি গুৱাহাটীৰ সঞ্চালক, অধ্যাপক সুকুমাৰ নন্দীয়েও ভাষণ দিয়ে৷ অনুষ্ঠানত বিশ্ব বেংকৰ গ্ল’বেল লীড গ্রেগ ব্রাউডাৰ, জলসম্পদ বিভাগৰ অধীনস্থ অভিযন্তা আৰু আইআইটি গুৱাহাটী সংস্থাপনাৰ কেইবাজনো অধ্যাপকে অংশগ্রহণ কৰে৷