নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো নৈৰ খহনীয়া পৰ্যবেক্ষণ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা, ৭ জুন : কামৰূপ জিলাৰ বকোত আজি বিয়লি হঠাৎ বকো নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় ৰাজ্যৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীয়ুষ হাজৰীকা। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি দুধনৈৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথত বিভাগীয় অভিযন্তাই বকো নৈৰ বান্ধ ভাঙি খেতি পথাৰ ক্ষতি কৰা বুলি জনোৱাত তেওঁ হঠাৎ বকোত উপস্থিত হৈ বকো নৈৰ খহনীয়া স্থান পৰিদৰ্শন কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে নৈৰ চিগি যোৱা বান্ধ পৰিদৰ্শন অতি সোনকালে ছিগি যোৱা বান্ধ মেৰামতি কৰাৰ আশ্বাস দিয়ে লগতে বিভাগীয় অভিযন্তাক অতি কম সময়ৰ ভিতৰত ছিগি যোৱা বান্ধৰ সবিশেষ তথ্য তেওঁক জমা দিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়া, অভিযন্তা, বকো ৰাজহ চক্ৰৰ বিষয়ববীয়া, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী স্থানীয় লোক উপস্থিত থাকে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like