নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসমৰ সমস্যা সমাধান কৰিব পৰা ডাইনেমিক লীডাৰক মুখ্যমন্ত্রীৰূপে বিচাৰোঁ’

নিয়মীয়া বাৰ্তা ৪ মেঃ ৰাজ্যৰ শেহতীয়া নির্বাচনত বড়োভূমিত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফক একপ্রকাৰ বিপর্যয়ৰ মুখলৈ ঠেলি দিলে ইউ পি পি এলে৷ প্রমোদ বড়ো নেতৃত্বাধীন দলটোৱে এইবাৰৰ নির্বাচনত ৬খন আসনত জয়লাভ কৰাৰ লগতে তিনিগৰাকী প্রভাৱশালী মন্ত্রীকো পৰাজয়ৰ মুখলৈ ঠেলি দিলে৷ পূব কোকৰাঝাৰত বি পি এফৰ প্রমীলাৰাণী ব্রহ্মক পৰাজিত কৰি ইউ পি পি এলৰ লৰেঞ্চ ইছলাৰী বিধানসভালৈ নির্বাচিত হয়৷ একেদৰে চিদলীত জয়ন্ত বসুমতাৰীয়ে চন্দন ব্রহ্মক আৰু ওদালগুৰিত গোবিন্দ বসুমতাৰীয়ে ৰিহণ দৈমাৰীক পৰাজিত কৰে৷ ইউ পি পি এলৰ আন তিনিগৰাকী প্রার্থী উর্খাও গৌৰা ব্রহ্ম চাপাগুৰিৰ, লেহোৰাম বড়ো তামুলপুৰৰ আৰু ভূপেন বড়ো বৰমাৰ বিধায়ক হিচাপে নির্বাচিত হয়৷

এই গুৰুত্বপূর্ণ বিজয়ৰ পাছত সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত ইউ পি পি এলৰ বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় দলটোৰ সভাপতি প্রমোদ বড়ো৷ বৈঠকৰ শেষত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে আজি নৱনির্বাচিত বিধায়কসকলক অভিনন্দন জনোৱা হয়৷ নতুন চৰকাৰত ইউ পি পি এলে নিশ্চয় মন্ত্রিত্ব বিচাৰিব, কিন্তু কিমানজনক মন্ত্রিত্ব দিবলৈ দাবী জনোৱা হ’ব, সেই বিষয়ে আজি আলোচনা কৰা হোৱা নাই৷ পিছে ইউ পি পি এলৰ নির্ভৰযোগ্য এক সূত্রই সদৰী কৰা মতে, বি টি আৰ অঞ্চলৰ পৰা তিনিগৰাকী প্রতিনিধিক মন্ত্রীসভাত অন্তর্ভুক্ত কৰাটো দলৰ মূল দাবী হ’ব৷

যিহেতু ন–বিজেপি বিশ্বজিৎ দৈমাৰীও এইবাৰ বিধায়ক হিচাপে নির্বাচিত হৈছে, গতিকে ইউ পি পি এলৰ দুজন বিধায়কক প্রথমাৱস্থাত মন্ত্রিত্ব দিলেও কোনো অসন্তুষ্টি নাথাকিব৷ ইফালে, মুখ্যমন্ত্রিত্বৰ প্রসংগত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে কয় যে এই সন্দর্ভত মিত্রজোঁটৰ বিগ ব্রাদাৰ দল বিজেপিয়ে সিদ্ধান্ত ল’ব৷ যিহেতু বিজেপি এটা ৰাষ্ট্রীয় দল, গতিকে এইক্ষেত্রত তেওঁলোকৰ হাইকমাণ্ডৰ নিশ্চয় ইয়াত ভূমিকা থাকিব৷ ব্যক্তিগতভাৱে ইউ পি পি এলৰ সভাপতিগৰাকীয়ে অসমৰ সমস্যা সমাধান কৰিব পৰা এজন ডাইনেমিক লীডাৰক মুখ্যমন্ত্রী হিচাপে বিচাৰে বুলি মন্তব্য কৰে৷ উল্লেখ্য যে আজি প্রমোদ বড়োৱে অগপৰ সভাপতি অতুল বৰাৰ লগতো এক আলোচনাত মিলিত হয়৷

You might also like