নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক হৈয়ে অখিল গগৈৰ দাবীঃ ৰাজ্যৰ প্রতিজন ব্যক্তিক দিয়ক বিনামূলীয়া ক’ভিড ভেকচিন

নিয়মীয়া বাৰ্তা ৪ মেঃ কাৰাগাৰৰ বন্ধ কুঠৰিৰ পৰা বিধায়ক হিচাপে নির্বাচিত হোৱাৰ পাছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নতুনকৈ গঠন হ’বলগীয়া চৰকাৰক উদ্দেশ্যি এখন পত্র প্রেৰণ কৰিছে৷ এই পত্রৰ জৰিয়তে তেওঁ অসমৰ প্রতিজন ব্যক্তিক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্রদানৰ দাবী জনাইছে৷

পত্রখনত তেওঁ এইদৰে উল্লেখ কৰে– অসম বিধানসভাৰ নির্বাচনত বিধায়ক ৰূপে জয়ী হৈ প্রথম অনুৰোধ, আহ্বান আৰু দাবী হ’ল নতুন চৰকাৰখনে সর্বপ্রথমে অসমৰ প্রতিজন নাগৰিকক ক’ভিড–১৯ৰ ভেকচিন বিনামূলীয়াকৈ প্রদান কৰক৷ অহা তিনি মাহৰ ভিতৰত অসমৰ ৩ কোটি ৩০ লাখ নাগৰিকৰ প্রতিজনকে ক’ভিড ভেকচিন প্রদান কৰক৷ দুপালিকৈ ক’ভিড ভেকচিন বিনামূলীয়াকৈ প্রতিজন নাগৰিকক প্রদান কৰাটোৱে হওক নতুন চৰকাৰখনৰ প্রথম আৰু প্রধান কাম৷ কেৱল ক’ভিড ভেকচিন প্রদান কৰাটোৱে নহয়, ৰাজ্যখনত ক’ভিড ৰোগ অধিক বিয়পি যোৱাৰ বিৰুদ্ধে যুদ্ধ ক্ষিপ্রতাৰে প্রতিৰোধমূলক আৰু প্রতিকাৰমূলক কামসমূহ সমাপন কৰাটো হওক চৰকাৰখনৰ অগ্রাধিকাৰভিত্তিক কর্মসূচী৷ যেতিয়ালৈকে ভেকচিন দিয়া শেষ নহ’ব আৰু অসমবাসী নিৰাপদ নহ’ব, সেই দিনালৈকে এই কামক সংগঠিত আৰু আটাইতকৈ গুৰুত্বপূর্ণ কাম ৰূপে গ্রহণ কৰা হওক৷ ক’ভিড–১৯ৰ ভেকচিন প্রদান শেষ নোহোৱা পর্যন্ত মই বিধায়ক ৰূপে একেলেথাৰিয়ে এই দাবী কৰি যাম৷ অহা তিনি মাহ এই কামতে মই মনোনিৱেশ কৰিম৷

একেখন পত্রতে তেওঁ ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নির্বাচিত কৰাৰ বাবে শিৱসাগৰবাসী ৰাইজৰ লগতে সমূহ অসমবাসীক ধন্যবাদ জনাইছে৷ সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন গগৈয়ে দুগৰাকী বিশিষ্ট নাগৰিক হাইদৰ হুছেইন আৰু নেকিবুৰ জামানৰ লগতে সকলো জাতীয়–জনগোষ্ঠীয় সংগঠনৰ নেতা–কর্মী, ৰাইজৰ দলৰ লগত জড়িত ৭০ সংগঠনৰ নেতা–কর্মী তথা বীৰ লাচিত সেনাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ বিৰোধী পক্ষৰ বিধায়ক হিচাপে বিধানসভাত অসমবাসীৰ মুখপাত্রৰ ভূমিকা পালন কৰাৰ লগতে চৰকাৰৰ প্রতিটো জনগণবিৰোধী, জাতিবিৰোধী আৰু অসমবিৰোধী কামৰ বিৰুদ্ধে সাহসেৰে থিয় দিব বুলিও তেওঁ প্রতিশ্রুতি দিয়ে৷

ইফালে, সোমবাৰে এখন সংবাদ মেলত ৰাইজৰ দলৰ কার্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই বিজেপিৰ বিজয় আৰু বিৰোধীৰ পৰাজয় সন্দর্ভত মন্তব্য আগবঢ়াই কয়– ‘বিকল্পহীনতাৰ বাবে অসমত পুনৰ বিজেপি শাসনলৈ আহিল৷ ৰাইজে বিজেপিৰ বিকল্প ৰূপে কংগ্রেছক গ্রহণ নকৰিলে৷ কংগ্রেছৰ হঠকাৰিতা আৰু ভুল নীতি হ’ল বিজেপিৰ বিজয়ৰ প্রধান কাৰণ৷ যি সাম্প্রদায়িক শক্তিৰ বিৰুদ্ধে জনতাই যুঁজিব খুজিছিল, কংগ্রেছে সেই ধৰণৰ অন্য এক সাম্প্রদায়িক শক্তিক বন্ধু ৰূপে আঁকোৱালি ল’লে৷ তদুপৰি নৱগঠিত আঞ্চলিক দলসমূহেও দৃঢ়তা আৰু ভৱিষ্যদৃষ্টি দেখুওৱাত ব্যর্থ হ’লোঁ৷’ উল্লেখ্য যে ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিজয়ী হোৱাৰ পাছতে সোমবাৰে অখিল গগৈৰ একাংশ সমর্থকে তেজপুৰৰ প্রাক্তন বিধায়ক বৃন্দাবন গোস্বামীৰ আৱাসটো নিজৰ নেতাগৰাকীৰ বাবে নির্বাচন কৰে৷ ৫৩নং বিধায়ক আৱাসৰ সন্মুখত ‘১০৮ নং শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ’ লিখা এখন পোষ্টাৰো আঁৰি দিয়ে৷

You might also like