🔹 মুখ্যমন্ত্রী ড০ শর্মাৰ কটাক্ষ
বিশেষ বার্তা, ১৪ অক্টোবৰ : অমৃত কলহক কেন্দ্র কৰি বিৰোধীয়ে সৃষ্টি কৰা বিতর্কক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি কংগ্রেছক কটাক্ষ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ যোৰহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীৰ মন্তব্য– আমি অমৃত কলহ কৰিম আৰু তেওঁলোকে অন্ত:কলহ কৰিব৷ এনেদৰে অসমখন চলি গৈ থাকিব৷ এফালে, ইতিবাচক আৰু আনফালে নেতিবাচক৷ মুখ্যমন্ত্রীগৰাকীয়ে ইয়াকো কয়– মোৰ সমগ্র কামৰাজি হ’ল ভাল কথা চিন্তা কৰা, ভাল কথা ভাবি ৰাতি টোপনি যোৱা, পুৱা ভাল কথা ভাবি বিছনাৰ পৰা উঠা, তেনে ইতিবাচক মানুহক মই একত্রিত কৰিম৷ আনহাতে, যিমান বেয়া কথা চিন্তা কৰা মানুহ আছে, তেওঁলোক সেইফালে যোগদান কৰক৷ বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্রীৰ মন্তব্য– তেওঁলোক ওপৰে ওপৰে যায় নে কোনফালে যায়, সেয়া মোৰ দৃষ্টিৰ নহয়৷ মোৰ কথা হ’ল– মানুহৰ হূদয় জয় কৰিব লাগে৷ যোৱা দুটা দিনত আমি ৭ লাখ ৫০ হাজাৰ মানুহৰ হূদয় জয় কৰিলোঁ৷ আজি নৱম শ্রেণীত পঢ়ি থকা চাৰি লাখ ছাত্র–ছাত্রীৰ হূদয় জয় কৰা যাত্রা আৰম্ভ কৰিলোঁ৷ আনহাতে, বিৰোধীক সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়– অসমত মই বিৰোধী দেখাই নাই, ক’ত আছে বিৰোধী, বিৰোধীৰ কথা ক’লে মই নার্ভাছ হৈ যাওঁ৷ অসমত বিৰোধী আছে নেকি বুলিও সাংবাদিকক প্রশ্ণ কৰে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীৰ মন্তব্য– সন্মুখত কোনো গ’লকীপাৰ নাই৷ গতিকে গ’ল দি থাকিলে হ’ল৷ অসমত আন্দোলন বর্জিত পৰিৱেশহে সকলোৱে বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয়– আন্দোলন কৰিলে পিছুৱাই যাব লাগিব৷ আলোচনা হ’লেহে সকলো হ’ব৷ শিক্ষাসেতু এপৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাসেতু এপৰ বাবে অসমৰ শিক্ষামন্ত্রী ৰণোজ পেগুক ইতিহাসে সদায় কৃতজ্ঞতাৰে সুঁৱৰিব৷ মুখ্যমন্ত্রীয়ে ৰাজ্যৰ শিক্ষকসকলক শিক্ষাসেতু এপৰ এই কার্যসূচীত সহযোগিতা কৰিবলৈ আহ্বান জনায়৷