নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহালয়াৰ তাৎপর্য

🔹 মৃণালিনী দেৱী

পৃথিৱীৰ বুকুলৈ শৰত কাল নামি অহাৰ লগে লগে মহালয়াৰ আগমন ঘটা আমি দেখি আহিছোঁ৷ গতিকে এই মহালয়াৰ আগমন ঘটাৰ লগে লগে আমাৰ সনাতন ধর্মীয় লোক তথা অনুগামীসকলৰ মনত আপোনা–আপুনি এক স্বয়ংক্রিয় আনন্দ তথা আলোড়নৰ সৃষ্টি হোৱা দেখা যায়৷ এই আলোড়নৰ পিছতেই শাৰদীয় নৱৰাত্রি তথা আই আদ্যশক্তি–মহামায়া দেৱী দুর্গা নৱদুর্গা ৰূপ ধৰি ধৰাৰ বুকুলৈ নৰ–মনিচৰ পূজা–সেৱা ল’বলৈ নামি আহে৷ অনাদি কালৰ পৰা এইদৰে দেৱী দুর্গাই পৃথিৱীৰ বুকুত সঞ্চাৰ ঘটাই আছে৷ অর্থাৎ পিতৃপক্ষৰ অৱসানে মাতৃপক্ষৰ সঞ্চাৰ ঘটে৷ গতিকে এই মহালয়া কি? অথবা ইয়াৰ গুৰুত্ব বা তাৎপর্যনো কি? এই কথাখিনি সনাতন ধর্ম অনুগামী লোক–সমাজত প্রায়ে চর্চা হৈ থাকে৷
সেয়ে এই বিষয়ে আমিও মনৰ এক কৌতূহলী খূ–দুৱনি অন্ত কৰিবৰ বাবে এক সূক্ষ্ম আলোচনা দাঙি ধৰিব খুজিছোঁ৷ সদাশয় পাঠক সমাজে বা কিদৰে গ্রহণ কৰে আমি নাজানো৷ আশা কৰোঁ ভুল বুলি ভাবিলে তাৰ শুধৰণিও নিশ্চয় আছে৷
আহিন মাহৰ কৃষ্ণপক্ষটোৰ শেষ তিথি অর্থাৎ অমাৱস্যাৰ দিনটোক মহালয়া বুলি কোৱা হয়৷ এই মহালয়া তথা অমাৱস্যা তিথিৰ শেষত আৰম্ভ হয় দেৱীপক্ষ অথবা শুক্লপক্ষ৷ গতিকে আহিন মাহৰ শুক্লপক্ষ বা দেৱী পক্ষৰ ভিতৰতে আই দুর্গা দেৱীৰ অকালবোধন শাৰদীয় পূজাভাগৰ আয়োজন কৰা হয় অতি জাকজমকভাৱে ধৰাৰ বুকুত৷ পুনৰ এই দেৱী পক্ষটোৰে পূর্ণিমা তিথিত দেৱী লক্ষ্মী মাতাৰ পূজাভাগৰ পিছতে দেৱী পক্ষৰ সামৰণি ঘটে৷ অৱশ্যে এই পূজাভাগ কেতিয়াবা কেতিয়াবা আহিন–কাতি মাহতো কৰা দেখা যায় তিথিৰ সময়সীমাৰ ব্যতিক্রম অনুসাৰে৷ সাধাৰণতে যিহেতু এই দুর্গাপূজা শাৰদীয় আহিন মাহতে সম্পন্ন হ’ব লাগে বুলি বিবেচিত হৈ আছে৷ তথাপি এই পূজা কাতি মাহৰ দহ তাৰিখৰ পিছলৈ নাযায়৷ প্রতি তিনি বছৰৰ মূৰে মূৰে এই দুর্গাপূজা কাতি মাহৰ দহ তাৰিখৰ ভিতৰত সম্পন্ন হোৱা দেখা যায়৷ এতিয়া আমি আহিছোঁ তথাকথিত এই ‘মহালয়া’ শব্দটোৰ ব্যুৎপত্তিগত অর্থনো কি, এই সম্বন্ধে আমি বিভিন্ন শাস্ত্রত বিভিন্ন ৰূপে পাই আহিছোঁ৷ তথাপি আমি সৰুকালিৰে পৰা দেখি অহা অথবা আমাৰ ককা–আইতাহঁতৰ মুখৰ পৰা সাধুকথা ৰূপে শুনি অহা বিভিন্ন শাস্ত্রৰ মতে মহালয়াৰ তাৎপর্যখিনি অতি লক্ষণীয় অথবা অতি অর্থপূর্ণ বিষয়৷
সংস্কৃত ভাষাত ‘মহালয়ঃ’ শব্দৰ পৰা স্ত্রী লিংগ ‘মহালয়া’ শব্দৰ উদ্ভৱ হোৱা বুলি বহু পণ্ডিতে মত প্রকাশ কৰা দেখা যায়৷ আভিধানিক শব্দ ‘কল্পদ্রুম’ মতেও ‘মহালয়া’ শব্দৰ অর্থ এইদৰে কৰিছে যে ‘মহালয়া’ৰ অর্থ হৈছে মহান আত্মাসমূহৰ য’ত লয় প্রাপ্তি ঘটে, অর্থাৎ মোক্ষ লাভ কৰে, সেয়ে হ’ল ‘মহালয়া’ অর্থাৎ পৰমাত্মা ভগৱান৷ অর্থাৎ এই ‘মহালয়া’ তিথিটোক পৰমাত্মা–ভগৱান বুলি বিশ্বাস কৰা হয়৷ কাৰণ এই তিথিটোতে পিতৃ–পিতামহ–প্রপিতৃ, মাতৃ–মাতামহ–মাতুল বংশকে ধৰি কর্তাৰ বংশ পৰিয়ালৰ পূর্বজ মহান আত্মাসমূহক আনকি যিবিলাক আকস্মিক মৃত্যুত পতিত অসংখ্য প্রেতাত্মাসমূহকো পৰম ব্রহ্ম পৰমাত্মা–ভগৱানত বিলীন হোৱাৰ বাবে অথবা মোক্ষ পদ পোৱাৰ বাবে প্রার্থনা কৰি শ্রাদ্ধ–পিণ্ডদান কৰি মৃতকসকলৰ আত্মাক শান্তি প্রদানেৰে সন্তুষ্ট কৰা হয়৷ বৈদিক সনাতনীয় ধর্ম মতে ই এক বাৎসৰিক প্রক্রিয়া বুলি ধৰা হয়৷
সেই অনুসাৰে আমাৰ কোনো কোনো লোকে শ্রাদ্ধ–পিণ্ডাদি অর্পণ নকৰিলেও সাধ্যানুসৰি পৰম্পৰা মতে বা বংশানুক্রমে ‘ভোজনী’ দান কৰা নিয়মো প্রচলিত আছে৷ আমি সৰু থাকোঁতে এই সকলোবোৰ নিয়ম দেখি আহিছোঁ৷ কিছুমানৰ ঘৰত আকৌ সেই তিথিত চাৰিখন থালতে শ্রাদ্ধ সজাই থালি পাৰি শ্রাদ্ধ কৰি জলাশয় আদিত পিণ্ডদান কৰাও দেখা যায়৷
কোনো কোনোৰ মতে, ‘মহালয়া’ৰ অর্থ এইদৰে কৰিছে যে ‘মহ’ শব্দৰ অর্থ স্বর্গমুখী আত্মাসমূহ৷ ‘আলয়’ শব্দৰ অর্থই বুজাইছে আশ্রয়৷ অর্থাৎ ‘মহালয়া’ৰ দিনাখন স্বর্গমুখী প্রেতাত্মা অথবা প্রেত লোক অর্থাৎ পূর্বজসকলৰ সৈতে পিতৃপুৰুষসকলৰ অশৰীৰী চিন্ময় আত্মাসমূহ অদৃশ্য ৰূপত প্রিয়জনৰ দর্শন আৰু পিণ্ড খোৱাৰ অর্থে অথবা পুনৰ পৃথিৱীৰ প্রকৃতিৰ পৰিমণ্ডলত আশ্রয় গ্রহণ কৰিবলৈ ইচ্ছা কৰে৷ গতিকে সেই সময়খিনিকে ‘মহালয়া’ বুলি কোৱা হয়৷ ব্রহ্মবৈৱর্ত্ত পুৰাণ অনুসৰি যিটো ক্ষণত পৰম ব্রহ্ম–পৰমাত্মাৰ লগত আত্মাৰ লয় প্রাপ্তি ঘটে, তেতিয়া পৃথিৱীত ‘কম্পন’ সৃষ্টি হয় আৰু চন্দ্রলোকত আন্ধাৰ শৈলী সৃষ্টি হয়৷ ঠিক সেই বিশেষ সময়খিনিতে স্বর্গগামী পিতৃগণ অথবা পূর্বজৰ আত্মাসমূহে পৃথিৱীত নিজৰ প্রিয়জনৰ বুজ ল’বলৈ আহি একপক্ষ বা ১৫ দিন মহাপ্রলয় অথবা মহাআলয়ৰ সৃষ্টি কৰে৷ সেয়াই হৈছে মহাআলয় তথা মহালয়া৷
সেয়ে পিতৃ বা প্রেত পক্ষৰ অন্তিম ক্ষণ আৰু দেৱী পক্ষৰ আৰম্ভ তথা সংযোগ বা সন্ধিক্ষণত পূর্ণচন্দ্রৰ স্নিগ্ধ অৱস্থাপ্রাপ্তৰ সময়খিনিয়েই ‘মহালয়া’ ৰূপে পৰিচিত হৈছে৷ বিশেষ তাৎপর্য অথবা গুৰুত্বপূর্ণ কথা এইখিনিয়ে যে সূর্য উদয় হোৱাৰ পূর্বৰ পৰা সূর্য উদয়পর্যন্ত প্রায় দুই ঘণ্টাৰ সময়খিনিকে ব্রহ্মমুহূর্ত বুলি কোৱা হয়৷ ‘মহালয়া’ বুলি অভিহিত কৰিব খুজিলে এই সময়খিনিকে অতি গুৰুত্বপূর্ণ অথবা তাৎপর্যপূর্ণ সময় ৰূপে আমি মান্যতা প্রদান কৰোঁ৷ ইয়াৰ প্রকৃত অর্থ নজনাৰ বাবেই ‘মহালয়া’ৰ দিনটোত বহুতে শান্ত পৰিৱেশখিনিত অর্থাৎ ব্রহ্মমুহূর্তখিনিত অকাৰণ বহুতো অর্থহীন কর্মত লিপ্ত হোৱা দেখা যায়৷ ইয়াৰ ফলত পৃথিৱীত অর্থাৎ মৃত্যুলোকত আশ্রয় লোৱা অশৰীৰী চিন্ময় আত্মাবোৰে বহু কষ্ট পায় আৰু আত্মাসমূহ ক্রোধান্বিত হৈ পৰে৷ সেই আত্মাবোৰ মৃত্যুলোকৰ প্রকৃতি পৰিমণ্ডলত থাকি নিজ পৰিজনৰ বুজ ল’বলৈ অসুবিধা পাই মহাআলয়ৰ সৃষ্টি কৰে৷ মহালয়াৰ ‘আলয়’ শব্দটোৰ অর্থ ‘আলাই–আথানি’ বুলি কোৱা হৈছে৷ মানুহে প্রকৃত অর্থ নুবুজি ‘মহালয়া’ৰ মুহূর্তখিনিত বহুত মানুহে ‘মহালয়া’ৰ শুভেচ্ছা যচাও দেখা যায়৷ এই সময়খিনি কিন্তু শুভেচ্ছা জ্ঞাপনৰ সময় নহয়, স্বর্গগামী পুৰুষসকলৰ চিন্ময় আত্মাৰ প্রতি শ্রদ্ধা নিবেদন অথবা সেই আত্মাসমূহৰ পৰা কৃপাদৃষ্টি কামনা কৰাৰহে প্রকৃত সময়৷ মহালয়াৰ আগমনৰ পিছতে আমাৰ পৰৱর্তী মাতৃপক্ষ বা দেৱীপক্ষ অর্থাৎ শুক্ল প্রতিপদৰ পৰা সৃষ্টিৰ আধাৰ দেৱী নৱদুর্গাৰ আগমন হয়৷ অর্থাৎ দেৱী নৱদুর্গাৰ ‘নৱৰাত্রি’ পূজা আৰম্ভ হয়৷ আই আদ্যশক্তি–মহামায়াৰ ৯টা ৰূপৰ পূজা–অর্চনা ৯ দিন ধৰি পালন কৰা হয় একাদিক্রমে মহানৱমী তিথিলৈ৷ যোনীপীঠ কামাখ্যা ধামত শুক্ল পক্ষৰ প্রতিপদ তিথিৰ দিনাৰ পৰা আৰম্ভ হয়৷ যদিওবা ৰাজহুৱাভাৱে আমাৰ পূজা মণ্ডপসমূহত মহাষষ্ঠীৰ দিনাৰ পৰাহে আৰম্ভ হয় বিল্ব বোধনৰ মাজেৰে৷
বিজয়া দশমী তিথিৰ দিনা দেৱী নৱদুর্গাক ‘নৱপত্রিকা’ ৰূপত বিসর্জন দিয়া হয় অপৰাজিতা পূজাভাগ সম্পন্ন হোৱাৰ পিছত৷ অর্থাৎ দশমীৰ লগে লগে দেৱীক বিজয় সম্ভাষণ যাচি শাৰদীয় দেৱী পূজাৰ পৰিসমাপ্তি ঘটোৱা হয়৷ ইয়াক বিজয়া দশমী বুলি কোৱা হয়৷ বিজয়া দশমী অর্থাৎ দেৱীৰ বিদায় লগ্ণৰ পিছতে তেওঁৰ আন এটি ৰূপ মাতা লক্ষ্মী দেৱীৰ পূজা অর্থাৎ দশমীৰ পিছত একাদিক্রমে পূর্ণিমা তিথিত আই লখিমী দেৱীৰ শ্রীচৰণত পূজাভাগি অর্পণ কৰিহে দেৱী পক্ষৰ পূজা–পার্বণসমূহৰ অন্ত পেলায়৷ গতিকে শুল্ক প্রতিপদৰ পৰা শুক্ল পূর্ণিমা তিথিলৈকে অর্থাৎ লক্ষ্মী আইৰ পূজা সম্পন্ন কৰিহে দেৱী পক্ষটিৰ সমাপ্তি ঘটায়৷
প্রকৃততে আমাৰ দেশ ভাৰতবর্ষৰ উৎসৱ–পার্বণসমূহ ধর্ম অর্থাৎ জাতি–ধর্ম নির্বিশেষে নিজৰ নিজৰ লোকাচাৰ–পৰম্পৰা তথা নীতি–নিয়ম অনুসৰি পালন কৰা হয়৷ সেয়ে আমাৰ সামাজিক অথবা বাৎসৰিক উৎসৱ–পার্বণক বিশেষকৈ নিজ নিজ ধর্মকে প্রাধান্য দি বিশ্বাস আৰু হূদয়ৰ আকুল আহ্বানেৰে অধিক হূদয়স্পর্শী আৰু অতি মনোৰম তথা মনোমোহা কৰি তোলে৷ আজি সাম্প্রতিক ইণ্টাৰনেটৰ যুগত অৱশ্যে আমাৰ দেশত সৌ প্রাচীন কালৰে পৰা চলি অহা দুর্গা পূজা–লক্ষ্মী পূজা–কালীপূজা–সৰস্বতী পূজা অথবা ৰাস পূজা–দৌল পূজাকে আদি কৰি বিভিন্ন পূজা–পার্বণত যিদৰে আধুনিক–ইণ্টাৰনেট অথবা বিজ্ঞান–প্রযুক্তিৰ প্রভাৱ পৰিছে, তালৈ চাই ইয়াক পূজা বুলি নকৈ ইয়াক মেলামুখৰ এক হাই–উৰুমিভৰা উৎসৱ বুলিহে ক’ব পাৰি৷
দীপাৱলী–ফাকুৱা–বিহু আদিকে ধৰি ভাদ্র মাহৰ জন্মাষ্টমী সবাৰো বাবে নিজ নিজ ধর্মীয় উৎসৱ হ’লেও বর্তমান আমাৰ সমাজখনে আমোদ–প্রমোদৰ এক উৎসৱ হিচাপেহে ইয়াক উদযাপন কৰা দেখা যায়৷ কিন্তু ‘মহালয়া’ বোলা বিশেষ এই উৎসৱটোৰ বিশেষত্ব হ’ল এই উৎসৱত কোনো আমোদ–প্রমোদৰ বিষয়বস্তুৰ কথা আহিব নোৱাৰে৷ ই এক ব্যতিক্রমী বৈদিক সনাতন ধর্মৰ বিশেষ প্রক্রিয়া৷ এই ‘মহালয়া’ সকলোৱে পালন কৰা বিধৰ নহ’বও পাৰে৷ যিহেতু জাতি–ধর্ম নির্বিশেষে ইয়াক নিজ নিজ নীতি–নিয়ম অনুসৰিহে পালন কৰা হয়৷ বহুতৰ বাবে ই বোধগম্য নহ’বও পাৰে৷ অথবা বুজিবৰ বাবে কাৰো আজিকালি সময় বা সুবিধা–সুযোগো নাই৷ সেয়ে সর্বসাধাৰণৰ মাজত ইয়াৰ বহু প্রচলনো নাই৷ অথবা এই মহালয়াৰ বিষয়ে জনাৰ বাবে কাৰো মনত উদ্বেগো ঘটা নাই৷ ইয়াৰ কাৰণ হ’ল আজি এই বস্তুবাদৰ যুগত আধ্যাত্মিকতাবাদ নিষ্প্রয়োজন৷ গতিকে এই ‘মহালয়া’ৰ তাৎপর্য আজিৰ আধুনিক যুগৰ প্রজন্মৰ বাবে বুজি পোৱাটো আকাশ–পাতালৰ প্রভেদ৷ যাৰ ফলস্বৰূপে আজি আৰু ‘মহালয়া’ পর্ব পালনৰ ক্ষেত্রত কোনো আগবাঢ়ি অহা দেখা নাযায়৷ তথাপি তাৰ মাজতো আমি দেখা পাওঁ অনেক লোকে নিজ বাসগৃহত এই পর্ব পালন নকৰিলেও সমগ্র ভাৰতবর্ষৰ তীর্থস্থান অর্থাৎ প্রয়াগ–হৰিদ্বাৰ–হূষীকেশ আদি তীর্থস্থানসমূহত এই ‘মহালয়া’ৰ শ্রাদ্ধ–পিণ্ডদান আদি কৰা দেখা যায়৷

You might also like