নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আমি বৰপেটাৰ লগত কোনোপধ্যে নাথাকোঁ, বজালী জিলাৰ লগত থাকিম’

🔹 বিধায়ক ফণীধৰ তালুকদাৰক সাক্ষাৎ সহস্ৰাধিক লোকৰ

🔹 ভৱানীপুৰ-সৰভোগ সমষ্টিক বজালী জিলাৰ পৰা কৰ্তনৰ আশংকা

🔹 কাইলৈ বজালীৰ পুঠিমাৰীত বিশাল ৰাজহুৱা সভা

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : বজালীক বৰপেটা জিলাৰ উপ-জিলা হিচাপে যোৱা ১২ ছেপ্তেম্বৰৰ নিশা ৰাজ্য চৰকাৰে জাৰি কৰা এক অধিসূচনাযোগে ঘোষণা কৰাৰ পাছতে নিশাই ৰাইজ ৰাজপথলৈ ওলাই টায়াৰ জ্বলাই, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰি ৰজাঘৰীয়াক তীব্ৰ সকীয়নি প্ৰদান কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ১৫ দিনৰ ভিতৰত পুনৰ বজালীক জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰাত ৰাইজ অলপ ক্ষান্ত হৈছে যদিও এতিয়া আন এক আশংকাত ভুগিছে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৰাইজ, বিশেষকৈ পূৰ্বৰ ভৱানীপুৰ সমষ্টিবাসী ৰাইজ৷ বিভিন্ন সামাজিক মাধ্যমযোগে জানিব পৰা অনুসৰি, চৰকাৰে বজালীক জিলাৰ মৰ্যাদা দিব যদিও এইবাৰ ভৱানীপুৰ-সৰভোগক বাহিৰ কৰি পাকা-বেতবাৰীৰ বজালীত অন্তৰ্ভুক্ত কৰিব৷ অৰ্থাৎ বজালী সমষ্টি আৰু পাকা বেতবাৰী সমষ্টি মিলাই হ’ব বজালী জিলা আৰু ভৱানীপুৰ-সৰভোগ যাব বৰপেটা জিলালৈ ৷ এই খবৰে এতিয়া ত্ৰস্তমান কৰিছে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ ৰাইজক, কাৰণ যি বজালী জিলা কৰ্তনৰ অধিসূচনাৰ পাছতে বজালী সমষ্টিৰ দল-সংগঠন, ৰাইজৰ লগতে ভৱানীপুৰ-সৰভোগ সমষ্টিৰ দল-সংগঠন, ৰাইজেও স্বতঃস্ফূৰ্তভাৱে বজালীক জিলাৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব বুলি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি সৰভোগ, বৰনগৰ, হাউলী, বৰপেটাৰোডৰ ৰাইজে যোৱা ১৪ ছেপ্তেম্বৰত পাঠশালা হৰিমন্দিৰত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত হাতে হাতে প্লেকাৰ্ড লৈ আমি বজালী জিলাত থাকিম, আমাক বজালী জিলা লাগিবই, আমি কোনো কাৰণতে বৰপেটাৰ লগত থাকিব নিবিচাৰোঁ আদি বিভিন্ন শ্লোগান প্ৰদান কৰাৰ উপৰি ৰাজহুৱাভাৱে বিশাল সভাত বজালী জিলাৰ বাসিন্দা হোৱাৰ ঘোষণা কৰিছিল৷ এই প্ৰতিবাদৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনাগত ১৫ দিনৰ ভিতৰত পুনৰ বজালীয়ে জিলাৰ মৰ্যাদা ঘূৰাই পাব বুলি কোৱা কথাষাৰৰ পাছত সামাজিক মাধ্যমযোগে পাকা-বেতবাৰীক বজালীত অন্তৰ্ভুক্ত কৰি বজালী জিলা ঘোষণা কৰা আৰু ভৱানীপুৰ-সৰভোগক বজালী জিলাৰ পৰা বাদ দি বৰপেটাৰ লগত চামিল কৰিব বিচৰাৰ যি খবৰ ওলাই আছে, সেই খবৰে এতিয়া ক্ষোভিত কৰি তুলিছে বৃহত্তৰ ভৱানীপুৰবাসীৰ লগতে সৰভোগবাসী ৰাইজক৷ ইয়াৰ পৰিপ্ৰেক্ষিততে আজি পুৱাৰ ভাগতে সৰভোগ, চকচকা, বৰপেটাৰোড, হাউলী, গোৱৰ্ধনা ভৱানীপুৰ, সৰুপেটা, পুঠিমাৰী, মেধিকুছি, শিয়ালমাৰী, ওদালগুৰি আদিকে ধৰি বিভিন্ন অঞ্চলৰ সহস্ৰাধিক লোকৰ উপৰি ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন নেতৃস্থানীয় কৰ্মীয়ে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰক তেওঁৰ বজালীৰ হাঠিনাপুৰস্থিত বাসগৃহত সাক্ষাৎ কৰি কোনো কাৰণতে আৰু কোনো পৰিস্থিতিতে উক্ত অঞ্চলৰ ৰাইজে বৰপেটা জিলাৰ লগত নথকাৰ অংগীকাৰ কৰি বিধায়কগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিষয়টো অৱগত কৰা আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থ ৰক্ষাৰ বাবে অনুৰোধ জনায়৷ যদিহে কিবা কাৰণত ভৱানীপুৰ-সৰভোগ সমষ্টি বজালী জিলাৰ পৰা বাদ পৰিব লাগে, তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি অনাগত দিনত সেই অঞ্চলৰ দলীয় কৰ্মীসকলে কোনো কাৰণতে বিজেপিৰ কাম-কাজত সহযোগ নকৰে বুলি বিধায়কগৰাকীক অৱগত কৰে৷ ইপিনে, সহস্ৰাধিক লোকক বিধায়ক ফণীধৰ তালুকদাৰে দুই-এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীক লগ কৰি ৰাইজৰ সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইপিনে, বজালী জিলাৰ পৰা ভৱানীপুৰ-সৰভোগ সমষ্টি কৰ্তন কৰি বৰপেটা জিলাৰ সৈতে চামিল কৰাৰ ব্লুপ্ৰিন্ট ৰচনাৰ উমান পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে ভৱানীপুৰ সমষ্টিৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও দল-সংগঠন ৷ বজালী জিলাৰ পৰা কোনো কাৰণতে ভৱানীপুৰ-সৰভোগ সমষ্টিক বাদ দিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰি কাইলৈ ১৫টা সংগঠনে একত্ৰিত হৈ বজালীৰ পুঠিমাৰীত এক বিশাল ৰাজহুৱা সভাৰ আহ্বান কৰিছে আৰু এই সভাত ভৱানীপুৰ সমষ্টিৰ ৰাইজক উপস্থিত থাকিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like