নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ননৈ চেৰফাঙৰ কোনো শিক্ষাৰ্থীৰ সপোন পূৰণত আৰ্থিক দীনতাক প্ৰত্যাহ্বান হ’বলৈ নিদিওঁ’ 

🔹 বিটিআৰৰ কাৰ্যবাহী পাৰিষদ সঞ্জিত তান্তীৰ পাঁচ লাখ টকাৰ চেক বিতৰণ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চ : বিটিআৰৰ কাৰ্যবাহী পাৰিষদ সঞ্জিত তাঁন্তীৰ দ্বাৰা জ্ঞান স্বৰাং বিথাংখী আঁচনিৰ জৰিয়তে এশগৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঁচ লাখ টকাৰ চেক বিতৰণ কৰা হয় ৷ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে সপোন পূৰণৰ পথত এখোজ পিছুৱাই আহিবলগীয়া হোৱা শিক্ষাৰ্থীসকলৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱা প্ৰমোদ বড়োৰ বিটিআৰ চৰকাৰৰ জ্ঞান স্বৰাং বিথাংখী আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক পাঁচ হাজাৰকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে ৷ আজি ননৈ চেৰফাং সমষ্টিৰ বামুণজুলিত অনুষ্ঠিত এখন সভাত বিটিআৰৰ কাৰ্যবাহী পাৰিষদ সঞ্জিত তান্তীয়ে আঁচনিখনৰ জৰিয়তে এশগৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত পাঁচ হাজাৰ টকাকৈ মুঠ পাঁচ লাখ টকাৰ চেক বিতৰণ কৰে ৷ নিজৰ কৰ্মপটুতা আৰু বিচক্ষণতাৰ বাবে বিটিচিৰ ৰাজনীতিত জিলিকি উঠা সঞ্জিত তাঁন্তীয়ে সদায়ে সমষ্টিৰ আৰ্তজনৰ কাষত থিয় দি আহিছে ৷ বিটিআৰৰ বিভিন্ন আঁচনিৰ উপৰি নিজাকৈ বিভিন্নজনক আৰ্থিক দিশত সহযোগিতা আগবঢ়াই আহিছে ৷ যাৰ বাবে ননৈ চেৰফাং সমষ্টিৰ ৰাইজৰ বাবে নয়নৰ মণি হৈ পৰিছে ই এম সঞ্জিত তাঁন্তী ৷ বিশেষকৈ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতিকে অনগ্ৰসৰ ননৈ চেৰফাং সমষ্টিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে যথেষ্ট আগভাগ লৈছে কাৰ্যবাহী পাৰিষদগৰাকীয়ে ৷ আজিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি ই এম সঞ্জিত তাঁন্তীয়ে আৰ্থিক দুৰৱস্থাৰ বাবে কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ’ব নোৱাৰে, তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিশ্চিতি প্ৰদান কৰে ৷ ইতিমধ্যে ননৈ চেৰফাং সমষ্টিৰ দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই এমগৰাকীয়ে বিনামূলীয়া কম্পিউটাৰ শিক্ষা আৰু নাৰ্ছিং পাঠ্যক্ৰমৰ ব্যৱস্থা কৰাৰ লগতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰাসকলৰ বাবেও সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰি আহিছে ৷ বিজেপিৰ ননৈ চেৰফাং মণ্ডলৰ সভাপতি অশোক মাহাতোৰ সভাপতিত্বত বামুণজুলিত অনুষ্ঠিত চেক বিতৰণ কাৰ্যসূচীত ননৈ চেৰফাং টিচিএলচিচিৰ অধ্যক্ষ দীপক নায়ক, ননৈ চেৰফাং মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ দাস, প্ৰাক্তন সভাপতি নৱিন টিমচিনা, ওদালগুৰি জিলা কিষাণ মৰ্চাৰ সম্পাদক ৰাতুল ডেকা প্ৰমুখ্যে তিনি শতাধিক লোক উপস্থিত থাকে ৷

প্ৰেৰক পিংকু কলিতা

You might also like