নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন পত্নী কিৰণৰ লগত জন্মদিন পালন আমিৰৰ

🔹 বলীউডৰ অভিনেতাৰ ভিডিঅ’ক লৈ আলোড়ন

বিশেষ বাৰ্তা, ১৪ মার্চ : আইন মতে বিচ্ছেদ হ’লেও বন্ধুত্ব অটুট ৰাখিছে অভিনেতা আমিৰ খান আৰু কিৰণ ৰাৱে৷ নিজৰ ৫৯সংখ্যক জন্মদিনতো দ্বিতীয় প্রাক্তন পত্নীক লগত ৰাখিলে ‘মিষ্টাৰ পার্ফেক্টচনিষ্ট’ আমিৰে৷ আজি পুৱাৰ ভাগতে জন্মদিন পালন কৰে আমিৰ খানে৷ বহু অতিথিৰ উপস্থিতিত আমিৰ খানক জন্মদিন পালন কৰা দেখিবলৈ পোৱা গ’ল৷ উদযাপনৰ মুহূর্তত নজৰ কাঢ়িলে আমিৰৰ কাষত কিৰণ ৰাৱৰ উজ্জ্বল উপস্থিতিয়ো ৷ আনকি কেক কাটি কিৰণ ৰাওক খুৱাই দিয়ে বলীউডৰ ছুপাৰ ষ্টাৰগৰাকীয়ে৷ উপস্থিতসকলৰে মত বিনিময় কৰাও দেখিবলৈ পোৱা গ’ল আমিৰ খানক৷ ইফালে, ফটোচিকাৰীসকলেও শুভেচ্ছাৰে ওপচাই দিলে আমিৰ খানক৷ আমিৰ–কিৰণৰ ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়াত আলোড়ন তুলিছে৷

You might also like