নিয়মীয়া বাৰ্তা, ২৭ জুনঃ যোৱা শনিবাৰে সন্ধিয়া নিৰুদ্দেশ হোৱা আৰু পিছদিনা কলহী নদীত মৃতদেহ উদ্ধাৰ হোৱা কামৰূপৰ ছয়গাঁও সমষ্টিৰ হাতীপাৰাৰ যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ ৰহস্য জনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বকো প্ৰেছ ক্লাবে। মৃত সাংবাদিকগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি আজি বকো প্ৰেছ ক্লাৱৰ উদ্যোগত বকোস্থিত কেন্দ্ৰীয় শ্বহীদ বেদীৰ সম্মুখত ক’লা বেজ পৰিধান কৰি শোক প্ৰকাশ কৰাৰ লগতে যি কোনো প্ৰকাৰে ঘটনাৰ লগত জড়িত দোষীক আটক কৰি শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। ঘটনা সন্দৰ্ভত সাংবাদিকৰ কৰ্মজীৱনৰ সু নিশ্চিত নিৰাপত্তাৰ দাবীত অনুষ্ঠিত কৰে এখন প্ৰতিবাদী সভা। অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি, গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক কিশোৰজ্যোতি শৰ্মা, বাৰ্তাজীৱী সংঘৰ প্ৰচাৰ সম্পাদক হেমন্ত বৰ্মনে অংশগ্ৰহণ কৰা সভাখন সঞ্চালনা কৰে বকো প্ৰেছ ক্লাৱৰ কাৰ্য্যকৰী সভাপতি গোবিন্দ দলৈয়ে। বকো প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক বিষ্ণু ৰাম দাসে আত ধৰা অনুষ্ঠানত ৰহস্যজনকভাৱে সদ্য মৃত্যুবৰণ কৰা সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ আত্মাৰ সদগতি কামনা কৰি মৌন শোক প্ৰাৰ্থনা জনোৱা হয় আৰু শোকবাৰ্তা প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ইফালে বকো প্ৰেছ ক্লাৱৰ সকলো সাংবাদিকৰ উপস্থিতিত সংবাদ আৰু সাংবাদিকৰ কৰ্মজীৱনৰ লগতে সামাজিক দায়িত্ব বোধৰ ওপৰত আলোকপাত কৰি সাংবাদিকৰ কৰ্মজীৱনৰ বিভিন্ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। সভাত সাংবাদিকৰ নিৰাপত্তাৰ স্বাৰ্থত জনসংযোগৰ কাৰ্ড খন আৱশ্যক বুলি সাংবাদিকসকলক সচেতন হ’বলৈ আহ্বান জনায় কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধিয়ে। সভাত মফচলীয় সাংবাদিকৰ কৰ্মজীৱনৰ দিনবোৰৰ বিষয়ে আলোচনা কৰে কিশোৰজ্যোতি শৰ্মা আৰু হেমন্ত বৰ্মনে। প্ৰতিবাদী সভাত যুৱ সাংবাদিক আব্দুল ৰৌফ আলমগীৰে শেষৰজন সাংবাদিক হওক আততায়ীৰ হাতত মৃত্যুবৰণ কৰা সাংবাদিক বুলি প্ৰকাশ কৰি অনাগত দিনত যাতে এনে ঘটনা সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনায়।
প্ৰেৰক বিষ্ণু ৰাম দাস