নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত ৩,৭৫১ঃ মৃত ৫৫

নিয়মীয়া বাৰ্তা ১০ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰৰ দিনটোত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৩,৭৫১জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ৪৩০জন কামৰূপ মহানগৰ জিলাৰ৷ তদুপৰি কাছাৰত ৩৬৬জন, শোণিতপুৰত ২৩১জন আৰু ডিব্রুগড়ত ২২২জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,১৫,৮০৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ৩.২৪ শতাংশ৷ কালিৰ তুলনাত বুধবাৰে সামান্য পৰিমাণে বৃদ্ধি পাইছে আক্রান্তৰ হাৰ৷ কালি ৰাজ্যত আক্রান্তৰ হাৰ আছিল ২.৯৬ শতাংশ৷

ইপিনে, বুধবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ৫৫জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৭জন ডিব্রুগড়ৰ৷ তদুপৰি শোণিতপুৰত ৫জন, ধুবুৰী–যোৰহাট–কাম মহানগৰত ৪জনকৈ, কাছাৰ–গোলাঘাট–হোজা তিনিজনকৈ, কোকৰাঝাৰৰ দুজন, বৰপেটা–চৰাইদেউ–চি হাছাও–গোৱালপাৰা– এজনকৈ লোকৰ মৃত্যু ঘটিছে৷ বুধবাৰে ক’ভিডৰ পৰা সুস্থ হৈছে ৪,৩৫৫জন৷ বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪৮,৪৯৯জন৷

উল্লেখ্য যে ক’ভিডৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীত কাইলৈ মুকলি কৰা হ’ব ৩০০খন বিছনাযুক্ত এখন নতুন ক’ভিড হাস্পতাল৷ প্রতিৰক্ষা গৱেষণা উন্নয়ন সংস্থাই সৰুসজাই ক্রীড়া প্রকল্পত নির্মাণ কৰা হাস্পতালখন মুকলি কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই হাস্পতালখনত ১০০খন আই চি ইউ আৰু ২০০খন অক্সিজেনৰ সুবিধাযুক্ত বিছনা আছে৷ তদুপৰি হোম আইছ’লেচনত থকা ৰোগীসকলৰ স্বাস্থ্যৰ নিৰীক্ষণ আৰু পৰামর্শ প্রদানৰ বাবে মুকলি কৰা হৈছে ‘নিষ্ঠা ক’ভিড সঞ্চাৰ’ নামৰ এক সেৱা৷

You might also like