নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণ লকডাউন নিদিয়াকৈ ক’ভিড ব্যৱস্থাপনাত সফল হৈছে অসম

মঙলবাৰ পর্যন্ত ৰাজ্যত ৪৪,৪৮,৫৪২ লোকক ভেকচিন প্রদান

নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ভিডৰ দ্বিতীয়টো ঢ়ৌৰ মুখামুখি হ’বলৈ যিসময়ত দেশৰ প্রায়বোৰ ৰাজ্যই লকডাউন দিবলৈ বাধ্য হৈছে, সেই সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে অতি দূৰদৃষ্টিৰে সুপৰিকল্পিতভাৱে লকডাউন অবিহনে আংশিক লকডাউনৰ জৰিয়তে অসমত ক’ভিডৰ দ্বিতীয়টো ঢ়ৌ প্রতিহত কৰিবলৈ সক্ষম হৈছে৷ ব্যাপক হাৰত ভেকচিন প্রদান, ক’ভিড টেষ্ট কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰি অতি কম দিনৰ ভিতৰতে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ অনাটো চৰকাৰখনৰ অন্যতম সফলতা বুলিব লাগিব৷ যোৱা ৮ জুন পর্যন্ত ৰাজ্যখনৰ ৪৪,৪৮,৫৪২গৰাকী লোকক ভেকচিন প্রদান কৰে৷ ইয়াৰে ৮,৬০,৫৪৯গৰাকীক প্রথম ড’জ আৰু ৮,৬০,৫৪৯গৰাকী লোকক দ্বিতীয় ড’জ ভেকচিন প্রদান কৰিবলৈ সক্ষম হয়৷

আনকি যোৱা ২৬ মে’ পর্যন্ত গুৱাহাটী মহানগৰীৰ ৫ লাখ লোকক ভেকচিন দিয়া হয়৷ যি মহানগৰীৰ মুঠ বাসিন্দাৰ ৪০ শতাংশ৷ তদুপৰি দ্বিতীয় ঢ়ৌৰ ক’ভিড ৰোধ কৰাৰ বাবে বিভিন্ন চিকিৎসালয়ত অতিৰিক্ত আইচিইউ বিছনা আৰু অক্সিজেনযুক্ত বিছনা স্থাপনৰ লগতে সৰুসজাইত ডি আৰ ডি অ’ৰ দ্বাৰা আৰু জি এম চি এইচৰ পার্কিঙত আইচিইউযুক্ত বিছনা স্থাপনেৰে মুঠ ৫০০খন বিছনাযুক্ত নতুন হাস্পতাল স্থাপন কৰিছে৷ বর্তমানৰ চৰকাৰখনৰ এটা মাহ সম্পূর্ণ হোৱাৰ দিনটোতে অর্থাৎ ১০ জুনত সৰুসজাইৰ ৩০০খন বিছনাযুক্ত ক’ভিড হাস্পতালখন মুখ্যমন্ত্রী ড০ শর্মাই সেৱাৰ বাবে শুভ উদ্বোধন কৰিব৷ তদুপৰি প্রায়কেইখন মেডিকেল কলেজ আৰু অন্যান্য চিকিৎসালয়তো অক্সিজেন প্রকল্প স্থাপন কৰিছে৷ অক্সিজেন পৰিবাহী ৰে’লেৰে ৰাজ্যখনলৈ নিয়মীয়াকৈ অক্সিজেন সৰবৰাহ কৰা হৈছে৷

আগন্তুক সময়ত ক’ভিডৰ তৃতীয় ঢ়ৌৱে শিশুকো সংক্রমিত কৰাৰ আশংকালৈ লক্ষ্য ৰাখি প্রতিখন মেডিকেল কলেজ, জিলা স্বাস্থ্য চিকিৎসালয়ত শিশুৰ বাবে বিছনা স্থাপনকে ধৰি সতর্কতামূলক পদক্ষেপো গ্রহণ কৰিছে৷ ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত যাতে অক্সিজেনৰ অভাৱ নহয় তথা অসমে চুবুৰীয়া ৰাজ্যলৈ এই সংকটকালত অক্সিজেন যোগান ধৰিব পাৰে, তাৰ বাবে নিজাববীয়াকৈ বহু উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে নতুকৈ স্থাপন কৰা অক্সিজেন উদ্যোগলৈ এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা, বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা, বর্তমান চলি থকা উদ্যোগৰ সম্প্রসাৰণৰ ক্ষেত্রতো এশ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা, বর্তমান উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰাৰ দৰেও ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে৷

ক’ভিড পৰীক্ষণৰ ক্ষেত্রতো বর্তমান দৈনিক এক লাখৰো অধিক লোকক পৰীক্ষা কৰি থকা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই একপ্রকাৰ নিয়মিত ৰূপত বিভিন্ন মেডিকেল কলেজলৈ গৈ ক’ভিড চিকিৎসা সেৱা আৰু ইয়াৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো দিন–ৰাতি একাকাৰ কৰি ক’ভিড ব্যৱস্থাপনাৰ বুজ লোৱা দেখা গৈছে৷ মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ এনে নেৰানেপেৰা প্রচেষ্টাৰ ফলস্বৰূপেই ৰাজ্যখনত এতিয়া ক’ভিডত আক্রান্তৰ হাৰ ২.৯৬ শতাংশলৈ নামি অহাটো ৰাজ্যখনৰ বাবে এক শুভ সংবাদ বুলিব লাগিব৷ সম্প্রতি ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ সুস্থ হোৱা লোকৰ হাৰ ৮৭.৭৫ শতাংশ৷ মৃত্যুৰ হাৰ বর্তমান ০.৮৪ শতাংশলৈ নামি আহিছে৷ যোৱা বছৰ ক’ভিডৰ প্রথমটো ঢ়ৌৰ সময়ত এই অতিমাৰী নিয়ন্ত্রণ কৰিবলৈ সক্ষম হোৱা ৰাজ্যসমূহৰ ভিতৰত দেশৰ ভিতৰতে অসমে যিদৰে শীর্ষস্থানত অৱস্থান কৰিছে, এই দ্বিতীয় ঢ়ৌও প্রথম ঢ়ৌৰ ক্ষেত্রত লাভ কৰা প্রমাণিত কৌশল আৰু সম্প্রতি গ্রহণ কৰা অতিৰিক্ত কৌশলেৰে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ চৰকাৰে গ্রহণ কৰা সময়োচিত পদক্ষেপ আৰু ৰাইজে চৰকাৰক আগবঢ়াই অহা সহযোগিতাই ক’ভিডৰ দ্বিতীয় ঢ়ৌৰ যুঁজতো সক্ষম ৰাজ্যৰ ভিতৰত অসমক শীর্ষস্থানলৈ লৈ যাব বুলি সহজেই অনুমান কৰিব পাৰি৷
নার্ছিং হোমৰ মইমতালিক নাকী লগালে ড০ শর্মা চৰকাৰে
ৰাজ্যৰ স্বাস্থ্যখণ্ডত নার্ছিং হোমসমূহৰ গুৰুত্ব উলাই কৰিব নোৱাৰি৷ অসমৰ চৰকাৰী স্বাস্থ্যখণ্ড বিশেষকৈ ক’ভিড চিকিৎসাৰ ক্ষেত্রত বেচৰকাৰী চিকিৎসালয়তকৈ হাজাৰগুণে উন্নত যদিও আঢ়্যৱন্ত লোককে ধৰি মধ্যবিত্ত বহু লোকৰে এতিয়াও প্রথম পছন্দৰ ক্ষেত্র হৈ আহিছে ব্যক্তিগত নার্ছিং হোমসমূহ৷ পূর্বৰ স্বাস্থ্যমন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বাৰম্বাৰ জনসাধাৰণক ক’ভিড ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰী মেডিকেল কলেজ, জিলা হাস্পতাল বা চৰকাৰী চিকিৎসালয়লৈ আহিবলৈ আহ্বান জনাই আহিছে৷ কিন্তু একাংশ লোকে এতিয়াও চৰকাৰী চিকিৎসালয়তকৈ নার্ছিং হোমকে গুৰুত্ব দি নার্ছিং হোমলৈ আহে৷ ইয়াৰ লগে লগে বিশেষকৈ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৰ সময়ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত থকা বেচৰকাৰী খণ্ডৰ নার্ছিং হোমসমূহে ক’ভিডৰ চিকিৎসাৰ নামত লাখে লাখে ধন আদায় কৰি ৰোগী তথা পৰিয়ালক পৰিশ্রান্ত কৰি আহিছে৷ বিভিন্ন পক্ষৰ পৰা অহা তেনে অভিযোগৰ পৰিপ্রেক্ষিতত অৱশেষত অসম চৰকাৰে নার্ছিং হোমসমূহক ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে আদায় ল’বলগীয়া মাচুলৰ পৰিমাণ নির্ধাৰণ কৰি দিয়ে৷

সম্প্রতি ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ ৪৪খন প্রধান চিকিৎসালয়ত ক’ভিড ৰোগৰ চিকিৎসা চলে৷ মুঠ ১,৩৬৮খন আছুতীয়া বিছনাৰ লগতে ৩৮৭খন আইচিইউ বিছনাত সেই চিকিৎসা চলাই আহিছে৷ ব্যক্তিগত খণ্ডৰ নার্ছিং হোমসমূহে ক’ভিড ৰোগীৰ চিকিৎসাৰ নামত যাতে জধেমধে নিজ খেয়ালখুচি অনুসৰি মাচুল আদায় ল’ব নোৱাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে এখন কমিটী গঠন কৰি দিয়ে৷ পৰৱর্তী পর্যায়ত সেই কমিটীয়ে নার্ছিং হোমসমূহৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকে আদায় কৰিবলগীয়া মাচুল পর্যন্ত নির্ধাৰণ কৰি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ বিশেষ তৎপৰতাত যোৱা চাৰি জুনৰ পৰা কার্যকৰী হোৱাকৈ চৰকাৰে মাচুল নির্ধাৰণ কৰাৰ লগতে স্বাস্থ্যসেৱা বিভাগৰ সঞ্চালক, বিভিন্ন জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু উপায়ুক্তসকলক নির্ধাৰিত নিৰিখতকৈ যাতে কোনো নার্ছিং হোমে ক’ভিড ৰোগীৰ চিকিৎসাৰ নামত অধিক মাচুল আদায় ল’ব নোৱাৰে, সেয়া নিৰীক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰে৷

মুঠতে প্রশাসন ব্যৱস্থাৰ জৰিয়তে প্রথমবাৰৰ বাবে ৰাজ্য চৰকাৰে নার্ছিং হোমসমূহক ক’ভিড ৰোগীৰ চিকিৎসা সেৱাৰ ক্ষেত্রত চৰকাৰৰ আওতালৈ অনাৰ ব্যৱস্থা গ্রহণ কৰে৷ ‘ক্লিনিকেল এষ্টাব্লিছমেণ্ট (ৰেজিষ্ট্রেচন এণ্ড ৰেগুলেচন) এক্ট–২০১০ অনুসৰি ক’ভিড ৰোগীৰ বাবে বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ত অসম চৰকাৰে নির্ধাৰণ কৰি দিয়া মাচুল এনেধৰণৰ– ছুপাৰ স্পেচিয়েলিটী হাস্পতালত জেনেৰেল ৱার্ডত প্রতিদিনে পাঁচ হাজাৰ টকা, শ্বেয়াৰ কেবিনত প্রতিদিনে ৬,৫০০ টকা, ভেণ্টিলেটৰ অবিহনে আইচিইউত প্রতিদিনে ১০ হাজাৰ টকা, ভেণ্টিলেটৰসহ আইচিইউত প্রতিদিনে ১৫ হাজাৰ টকা, ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ বাহিৰে আন হাস্পতালত জেনেৰেল ৱার্ডত প্রতিদিনে চাৰি হাজাৰ টকা, শ্বেয়াৰ কেবিনত প্রতিদিনে পাঁচ হাজাৰ টকা, ভেণ্টিলেটৰ অবিহনে আইচিইউত প্রতিদিনে ৯ হাজাৰ টকা আৰু ভেণ্টিলেটৰসহ আইচিইউত ১২ হাজাৰ টকা৷

এই মাচুলৰ ভিতৰত ৰেজিষ্ট্রেচন মাচুল, বিছনাৰ মাচুল, খাদ্য, নার্ছিং মাচুল, কনছালটেণ্ট মাচুল, আৰ এম অ’ এম ডি, এনাস্থেছিয়া, অক্সিজেন, মেডিচিন প্রট’কল, পেথল’জী আৰু ৰেডি’ল’জী পৰীক্ষা মাচুল, ক’ভিড টেষ্টকে ধৰি প্রয়োজনীয় ৰেডি’ল’জিকেল ইমেজিং আৰু ডায়েগন’ষ্টিক টেষ্ট, ছেনিটাইজেচন, পিপিই কিট, এন–৯৫ মাস্ক আদি সংযুক্ত হৈ থাকিব৷ অৱশ্যে বুকুৰ চিটি/এইচআৰ চিটি, ডিমাৰ, ৰেমডেচিভিৰ, ট’কলিজুমাব আদি চিকিৎসা আৰু পৰীক্ষা আদি সেই মাচুলৰ ভিতৰত সংযোজিত নহ’ব৷ চৰকাৰে নির্ধাৰণ কৰি দিয়া উক্ত মাচুলৰ নিৰিখ নার্ছিং হোমসমূহে সঠিকভাৱে আদায় কৰিছে নে নাই, সেয়া স্বাস্থ্য সেৱা সঞ্চালকে মনিট’ৰিং কৰাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালকে গুণগত সেৱা আগবঢ়াইছে নে নাই, সেয়া নিৰীক্ষণ কৰিব৷ চৰকাৰে বান্ধি দিয়া সেই নিৰিখ উলংঘা কৰা নার্ছিং হোমৰ বিৰুদ্ধে দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ আৰু ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত ব্যৱস্থা গ্রহণ কৰাৰো কর্তৃত্ব দিছে৷ ৰাজ্য চৰকাৰৰ এই কঠোৰ সিদ্ধান্তই ক’ভিড মহামাৰীৰ সময়ত যিসমূহ নার্ছিং হোমে ৰোগীক চিকিৎসা সেৱাৰ নামত লুণ্ঠন চলাই আহিছে, সেইসকলৰ ক্ষেত্রত চৰকাৰখনে সঠিক সময়ত সঠিক পদক্ষেপ গ্রহণ কৰা বুলিব লাগিব৷

You might also like