পৰিয়ালৰ কথা আমি শুনিছোঁ, কুইপ’ই সদিচ্ছা প্রকাশ কৰিলে আমি বিবেচনা কৰিমঃ পৰেশ বৰুৱা
নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ কুইপ’ৰ দুই বিষয়াক শীঘ্রে মুক্তি দিবলৈ আলফা (স্বাধীন)ৰ প্রতি দল–সংগঠনে আহ্বান জনোৱাৰ সময়তে আজি বিদ্রোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ মন্তব্য– ‘আমি হত্যাকাৰী নহয়, আমাৰ এক মহান উদ্দেশ্য আছে৷ এইক্ষেত্রত কোনো সমাধানসূত্র ওলালে আমি নাকচ নকৰোঁ৷ কোনোবাই যদি বিষয়টোৰ ক্ষেত্রত উদ্যোগ লয়, তেন্তে আমি ইয়াক বিবেচনা কৰিবলৈ ৰাজি৷’
‘নিউজ লাইভ’ৰ চীফ মেনেজিং এডিটৰ জাৰিৰ হুছেইনৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত পৰেশ বৰুৱাই কয়– ‘এয়া এক অনাকাংক্ষিত ঘটনা৷ এই পৰিস্থিতি আমি উদ্ভাৱন কৰা নাই৷ সোমবাৰৰ পাছত অসমৰ জনতাই গম পাব, পৰিস্থিতি কি হ’ব৷ কুইপে বিভিন্ন সংগঠনৰ লগত বুজাবুজি কৰিছে, তেন্তে আমাৰ লগত কিয় নকৰে? একাংশ জাতীয় সংগঠনৰ নেতাক কুইপে ধন প্রদান কৰে৷ কিয় এই ধনৰ প্রয়োজন? তেওঁলোকে একো ইছ্যু নথকা বিষয় এটাক লৈ টায়াৰ জ্বলাবলৈ, ভোজ খাবলৈ এই ধনৰ প্রয়োজন নেকি? জাতীয় সংগঠনৰ নেতাক আমাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে কুইপে৷ তেওঁলোকে মনোভাব সলনি কৰিব লাগিব৷ পৰিয়ালৰ কথা আমি শুনিছোঁ, কুইপে সদিচ্ছা প্রকাশ কৰিলে আমি বিবেচনা কৰিম৷ বিষয়টো আমাৰ নহয়, অসমৰ সকলো লোকৰ সৈতে জড়িত হৈ আছে৷’