নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ ফেব্রুৱাৰীত প্রধানমন্ত্রীৰ ভ্রমণঃ তিনি বৃহৎ উদ্যোগ ৰাষ্ট্রক উৎসর্গা কৰিব মোদীয়ে

নিয়মীয়া বার্তা,  ২১ ফেব্রুৱাৰীঃ অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এক যুগান্তকাৰী সংযোজনেৰে ২২ ফেব্রুৱাৰীত তিনিটাকৈ বৃহৎ উদ্যোগ ৰাষ্ট্রৰ বাবে উৎসর্গিত কৰিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি ভৱনত কালি আয়োজিত এখন সংবাদ মেলত অইল ইণ্ডিয়া কর্তৃপক্ষই এই সুখবৰ জনায়৷ সোমবাৰে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত আই এন ডি এম এ এক্স ইউনিট, ডিব্রুগডৰ মধুবনত ভাৰতীয় তৈল নিগম (অইল)ৰ ছেকেণ্ডাৰী টেংক ফার্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱত গেছ কম্প্রেছৰ ষ্টেচন স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে৷

ইয়াৰ ফলত পূব ভাৰতৰ আর্থ–সামাজিক বিকাশ তথা অসমত এক নতুন যুগৰ সূচনা হ’ব বুলি উল্লেখ কৰে অইল কর্তৃপক্ষই৷ ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰৰ নতুন আই এন ডি এম এ এক্স ইউনিটৰ বিন্যাস আৰু ২,৬০০ কোটি টকাৰ বিনিয়োগসহ উচ্চ এল পি জি আৰু গধুৰ ফিডষ্টকৰ পৰা হাই অক্টেন গেছলিন উৎপাদনৰ বাবে থলুৱাভাৱে ইণ্ডিয়ান অইল আৰু এণ্ড ডিৰ দ্বাৰা উন্নত প্রযুক্তি ব্যৱহাৰ কৰা হ’ব বুলি সংবাদ মেলত অৱগত কৰে ইণ্ডিয়ান অইল তথা এ অ’ ডিৰ ৰাজ্যিক মুখ্য কার্যবাহী সঞ্চালক জি ৰমেশে৷

তেওঁ পুনৰ কয় যে বঙাইগাঁও শোধনাগাৰৰ আই এন ডি এম এ এক্স ইউনিটৰ ডিজাইন ক্ষমতা হৈছে ০.৭৪ এম এম টি পি এ আৰু ই শোধনাগাৰ খাৰুৱা তেল প্রচেছিং ক্ষমতা ২.৩৫ এম এম টি টি এৰ পৰা ২.৭ এম এম টি পি এলৈ বৃদ্ধি কৰিব৷ প্রকল্পটোৰ দ্বাৰা উত্তৰ–পূব ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে গুৰুত্বপূর্ণ ব্যৱস্থা তথা ৰন্ধন গেছৰ যোগানৰ দিশত এয়া তাৎপর্যপূর্ণ অগ্রগতি বুলি ৰমেশে সদৰী কৰে৷

আনহাতে, প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রৰ বাবে উৎসর্গা কৰিব লগা প্রকল্পকেইটাই স্থানীয় নিয়োগৰ ক্ষেত্রতো যথেষ্ট প্রভাৱ পেলাব বুলি কৈ প্রত্যক্ষ আৰু পৰোক্ষভাৱে ১৭ নিযুত লোকে প্রতিঘণ্টাতে সংস্থাপনৰ সুবিধা লাভ কৰিব বুলিও সংবাদ মেলত ৰমেশে উল্লেখ কৰে৷

আনহাতে, প্রধানমন্ত্রীয়ে লগতে ধেমাজিত এখন নতুন অভিযান্ত্রিক মহাবিদ্যালয় আৰু শুৱালকুছিতো অভিযান্ত্রিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যখনৰ প্রযুক্তিগত শিক্ষাৰ পটভূমিৰ পৰিৱর্তন সাধন কৰিব বুলি অইলৰ বিষয়াবর্গই সংবাদ মেলত সদৰী কৰে৷

You might also like