নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী কামত গাফিলতিৰ অভিযোগত পশ্চিম নলবাৰীৰ SDCক নিলম্বন

বিশেষ বাৰ্তা, ১৭ মে’ : নিৰ্বাচনী কামত গাফিলতি কৰাৰ অভিযোগত পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পণা শৰ্মা (এ আৰ এল এছ)ক অৱশেষত চাকৰিৰ পৰা নিলম্বন কৰে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে। জানিব পৰা মতে, অসমৰ মুখ্য নিৰ্বাচন আয়োগৰ এক নিৰ্দ্দেশ(চিঠি নম্বৰ– CEO /MIS/ 2023/ 1l/ vol.1/21 dated 16/05/2024 ৰ যোগে দেশৰ নিৰ্বাচন আয়োগৰ এক নিৰ্দ্দেশৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়াগৰাকীক আজি চাকৰিৰ পৰা নিলম্বন কৰা হয়।উল্লেখ্য যে নলবাৰীৰ জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বত থকা জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ স’তে ৰাজহ চক্ৰ বিষয়াগৰাকীৰ দীৰ্ঘদিন সংঘাত অব্যাহত থকাৰ সময়তে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহনৰ নিশা নলবাৰী গৰ্ডন স্কুলৰ ষ্ট্ৰং ৰুমত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছে গৈ যে আইএছ বৰ্ণালী ডেকাৰ বিৰুদ্ধে সেই নিশাই নলবাৰী সদৰ থানাত গোচৰ তৰিব লগীয়া হয় ৰাজহ চক্ৰ বিষয়াই। অভিযোগ অনুসৰি, ষ্ট্ৰং ৰুমত আয়ুক্ত গৰাকীৰ স’তে হোৱা তৰ্ক যুদ্ধৰ দৃশ্য মোবাইলেৰে ভিডিঅ’ কৰিছিল ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে। ষ্ট্ৰং ৰুমত কোনো ধৰনৰ ভিডিঅ’ তোলাটো নিষিদ্ধ যদিও অৰ্পণা শৰ্মাই তুলিছিল ভিডিঅ’। অভিযোগ মতে, উক্ত নিশা ১ মান বজাত নিৰ্বাচনী ষ্ট্ৰং ৰুমত জিলা আয়ুক্ত বৰ্ণালী ডেকাই নিজৰ কৰ্তব্যত গাফিলতি কৰা ৰাজহ চক্ৰ বিষয়াগৰাকী থকা নিৰ্দিষ্ট ক্ষেত্ৰলৈ আহি অন্যান্য বিষয়া- কৰ্মচাৰীৰ সম্মুখতে অপদস্থ কৰে। আনকি গালি-গালাজো কৰে। এই ঘটনাৰ কিছু সময় পাছত আয়ুক্তগৰাকীয়ে পুনৰ তেওঁৰ ( ৪০নং টিহু সমষ্টি) কাউণ্টাৰলৈ আহে আৰু পুনৰীক্ষণ কৰিবলৈ ধৰে। এইবাৰো তেওঁক ককৰ্থনা কৰিবলৈ ধৰাত পৰিবেশ আৰু অধিক বেয়া হোৱাৰ আশংকা কৰি অৰ্পণা শৰ্মাই তেওঁৰ মোবাইল ফোনেৰে সমগ্ৰ ঘটনা ৰেকৰ্ডিং কৰিবলৈ লয়। ইয়াতেই আয়ুক্ত গৰাকীয়ে খঙত অগ্নিশৰ্মা হৈ ৰেকৰ্ডিং বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। তেতিয়া ৰেকৰ্ডিং বন্ধ কৰে যদিও এইবাৰ তেওঁৰ ৰেকৰ্ডিংটো ‘ডিলিট’ কৰি দিয়াৰ বাবে তেওঁৰ ফালে চোঁচা লয়। সেই মুহূৰ্ততেই ৰাজহ চক্ৰ বিষয়াগৰাকীৰ মোবাইলটো স্পৰ্শ কৰে যদিও তেওঁৰ এই পদক্ষেপ সফল হবলৈ নিদি সেই স্থান ত্যাগ কৰি গুচি আহে। লগে লগে তেওঁ স্বামীক মাতি গৰ্ডনৰ পৰা লৈ যাবলৈ কয়। ইয়াৰ পিছতেই নিৰ্বাচনী কৰ্তব্যৰত চক্ৰ বিষয়া অৰ্পণা শৰ্মাই নলবাৰী থানাত আয়ুক্তগৰাকীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে। ইপিনে, যোৱা ২৪ জানুৱাৰী, ২০২৪ ত জিলা আয়ুক্ত বৰ্ণালী ডেকাই মুক্তিযোদ্ধাসকলৰ বাবে চক্ৰ বিষয়াগৰাকীৰ পৰা ৬২খন গামোচা বিচাৰে। ইয়াৰ বাবে তেওঁ দিবলৈ অপাৰগতা প্ৰকাশ কৰাত তেওঁৰ ওপৰত খৰ্গহস্ত হৈ পৰে। সেই তেতিয়াৰ পৰাই তেওঁ বিভিন্ন অজুহাতত চক্ৰ বিষয়াগৰাকীক মানসিক হাৰাশাস্তি কৰি আহিছে বুলি পূৰ্বে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে অৰ্পণা শৰ্মাই। আনকি তেওঁৰ মানসিক নিৰ্যাতনত অতিষ্ঠ হৈ যোৱা ১১ মাৰ্চত চাকৰিৰ পৰা ইস্তফাও বিচাৰিছিল অৰ্পণা শৰ্মাই।এনে ঘটনাসমূহ অসম চৰকাৰৰ মুখ্য সচিব,বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক লিখিতভাৱে অৰ্পনা শৰ্মাই অবগত কৰি অহাৰ পিছত এইলৈ অভিযোগ, প্ৰতিঅভিযোগেৰে এখন শীতল যুদ্ধ চলি থকাৰ সময়তে অৱশেষত চাকৰিৰ পৰা ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে নিলম্বন হৱ লগীয়া হোৱাৰ পিছত আৰক্ষীৰ ওচৰত গোচৰ তৰিও সুফল নোপোৱা নিলম্বিত বিষয়াগৰাকীৰ পৰৱৰ্তী পদক্ষেপ কি হৱ সেয়া লক্ষণীয় হিচাপে বিবেচিত হৈছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like