আজি প্ৰকাশ পাবলগীয়া ক’ভিডৰ SOPত কি কি থকাৰ সম্ভাৱনা?
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ আজি বিয়লি ৩ বজাত ঘোষণা কৰা হ’ব ক’ভিডৰ নতুন এছঅ’পি। ৰাজ্য চৰকাৰে এই নতুন এছঅ’পিত নাগৰিকৰ সুৰক্ষাৰ বাবে এনে নীতি-নিৰ্দেশনা জাৰি কৰিব পাৰে।
সম্ভাৱ্য নীতি-নিৰ্দেশনা
- চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰ উপস্থিতি।
- ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে চলিব শিক্ষানুষ্ঠান।
- দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত সীমিতসংখ্যক কৰ্মচাৰীৰ উপস্থিতি।
- বিবাহ আৰু ঘৰুৱা অনুষ্ঠানত ১০০জন লোক সমৱেত হ’ব পাৰিব।
- শেষকৃত্য অনুষ্ঠানত ২০জনতকৈ অধিক লোক থাকিব নোৱাৰিব।
- ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত গুৰুত্ব।
- গৰ্ভৱতী মহিলা কৰ্মচাৰী, ৫ বছৰৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব।
- অটোৰিক্সা, অলা, উবেৰ বা আন যান-বাহনত এজন চালক আৰু দুজন যাত্ৰী যাব পাৰিব।
- ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। অন্যথা ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।
- খন দোকানত একে সময়তে ৫জন লোকহে সমৱেত হ’ব পাৰিব।
- চিটীবাছ বা বাছত ৫০ শতাংশ যাত্ৰীহে উঠাব পাৰিব।