নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ পূর্বতকৈ যথেষ্ট সুস্থিৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত সেই বিষয়ে প্রকাশ কৰি কয় যে আগতকৈ গগৈৰ স্বাস্থ্যৰ অৱস্থা এতিয়া ভাল৷ বুধবাৰে গগৈয়ে হাস্পতালত হুইল চেয়াৰত বহি ঘূৰিব পাৰিছে৷ কালিৰে পৰা তেওঁ কার্বন–ডাই–ক্সাইড এৰি দিব পৰা হৈছে৷ শৰীৰৰ পৰা কার্বন–ডাই–ক্সাইড এৰিব নোৱাৰা বাবেই গগৈয়ে সমস্যাত ভুগিছিল৷ এতিয়া তেওঁৰ সেই সমস্যা নাই৷ আজি তেওঁ চিকিৎসালয়ৰ কোঠাত টিভি এটাও বিচাৰিছে৷ ইপিনে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে আজি জি এম চি এইচৰ বিছনাৰ পৰাই অসমবাসী ৰাইজলৈ এক অডিঅ’ ক্লিপযোগে বার্তা প্রেৰণ কৰিছে৷ অত্যন্ত আৱেগিক অডিঅ’ ক্লিপটোত গগৈয়ে কয় যে তেওঁ এতিয়াৰ পৰা সমাজসেৱক হিচাপে কাম কৰি যাব বিচাৰিছে৷ ৰাইজৰ আশীর্বাদ বা ভগৱানৰ আশীর্বাদ নোপোৱাহেঁতেন আজি তেওঁ এই কাম কৰিবলৈ সম্ভৱ নহ’লহেঁতেন৷ অসমবাসী ৰাইজে তেওঁক সদায় মৰম কৰিব বুলি আশা ব্যক্ত কৰি গগৈয়ে কয় যে তিতাবৰবাসী, যোৰহাটবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজ, যুৱক–যুৱতী, ছাত্র–ছাত্রী, চাহ শ্রমিক, কৃষক, ৰোৱনী–বোৱনী, ক্ষুদ্র ব্যৱসায়ী সকলোৰে পৰা যি মৰম–চেনেহ পাইছে, তেওঁ ভাবে সেই মৰম–চেনেহেই তেওঁৰ ৰাজনৈতিক জীৱনৰ মূলমন্ত্র৷ সেই মূলমন্ত্রক লৈয়ে তেওঁ ভৱিষ্যতে কাম কৰি থাকিব পাৰিব বুলি প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে আশা ব্যক্ত কৰে৷