নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টংলাত দিব্যাংগক হুইলচকী প্ৰদান বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিল : পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ প্ৰশংসনীয় পদক্ষেপ। পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত দুখীয়া-দৰিদ্ৰ পৰিয়ালৰ কাষত সহায়ৰ হাত আগবঢ়াইছে বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে। নিজৰ সমষ্টিৰ প্ৰান্তে-প্ৰান্তে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা পৰিয়াল বিকলাংগ, শয্যাগত ৰোগী সকলক আৰু দৰিদ্ৰ পৰিয়ালৰ প্ৰতি সহানুভূতিশীল মনোভাৱেৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজৰ গাঁঠিৰ ধন দি সকাহ দি আহিছে বহুতো পৰিয়ালক। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ টংলাৰ ৰূপাখাট ভিচিডিচিৰ অন্তৰ্গত হাতীবান্ধা গাঁও নিৱাসী চন্দ্ৰকান্ত বৰ্মন নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনক সাহাৰ্য প্ৰদান বিধানসভাৰ অধ্যক্ষ তথা পানেৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ। আৰ্থিক দৰিদ্ৰতাই জুৰুলা কৰা বিশেষভাৱে সক্ষম ব্যক্তিগৰাকীৰ কৰুণ জীৱনগাথা দেখি নিজৰ ধনেৰে প্ৰদান কৰে হুইল চকী। বিগত সময়ত বিশেষভাৱে সক্ষম চন্দ্ৰকান্ত বৰ্মন নামৰ ব্যক্তিগৰাকীৰ ওচৰত খবৰ ল’বলৈ আহৰি নহ’ল কোনো এগৰাকী জনপ্ৰতিনিধিৰ। ইফালে দৈনিক দিন হাজিৰা কৰা শ্ৰমিক পৰিয়ালটোৱে ক’তো কাৰো পৰা সঁহাৰি নোপোৱাত অৱশেষত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আহ্বান জনোৱাত পৰিয়ালটোৰ আৰ্থিক দৰিদ্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ ধনেৰে এখন হুইল চকী তেওঁলোকৰ বাসগৃহত দলীয় কৰ্মীৰ সৈতে নিজে উপস্থিত হৈ কিশোৰ গৰাকীৰ হাতত অৰ্পন কৰে। দৰিদ্ৰ পৰিয়ালটিয়ে আৰ্থিক অনাটন হোৱাৰ বাবে চিকিৎসাৰ অভাৱত জীৱনতো এনেদৰে অতিবাহিত কৰিবলগীয়া হৈছে। কিন্তু অৱশেষত বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে সমীৰক এখন হুইল চকী প্ৰদান কৰি জীৱনৰ বাটত আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়াইছে। অধ‍্যক্ষগৰাকীৰ এই প্ৰসংশনীয় পদক্ষেপক অঞ্চলবাসীৰ লগতে পৰিয়ালৰ লোকে ধন্যবাদ জ্ঞাপন কৰে।

প্ৰেৰক পিংকু কলিতা

You might also like