নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

য’ত অসমীয়াই সংখ্যালঘু, তাত স্বাধীন অসমৰ প্ৰাসংগিকতা ক’ত : মুখ্যমন্ত্ৰী ড০ শৰ্মা

🔹 কলাক্ষেত্ৰত আলফাৰ প্ৰাক্তন সদস্যক সাহায্য প্ৰদান অনুষ্ঠান

🔹 দহ দিনৰ বাবে পৰেশ বৰুৱাক অসমলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ২ মাৰ্চ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নিৰ্যাতিত আলফা, নিৰুদ্দিষ্ট আলফাৰ পৰিয়ালৰ লগতে ৮৫২জন আলফাৰ প্ৰাক্তন সদস্য-সদস্যাক আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। গৃহ আৰু ৰাজনৈতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ আঘাতপ্ৰাপ্ত সদস্য, নিৰুদ্দিষ্ট সদস্যৰ পৰিয়াল, নিৰ্যাতিত সদস্য আৰু ৮৫২জন আলফাৰ প্ৰাক্তন সদস্য-সদস্যাক আত্মসংস্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখ্য যে আলফাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত কেইদিনমান পূৰ্বে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ নেতৃত্বৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ হয়। কলাক্ষেত্ৰত অনুষ্ঠিত এই সাহায্য প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়- য’ত অসমীয়াই সংখ্যালঘু, তাত স্বাধীন অসমৰ প্ৰাসংগিকতা ক’ত ? এই কথা পৰেশ বৰুৱাক টেলিফোন কৰিলেও কোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি তেওঁ কয়- যিখন বৰপেটা, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, দৰঙৰ কল্পনা কৰি হাতত অস্ত্ৰ তুলি লৈছিল, আজি তাৰ মানুহে এটা বিশেষ সম্প্ৰদায়ৰ জনসংখ্যাৰ বাবে মাটি হেৰুৱাইছে। পৰেশ বৰুৱাক ১০ দিনৰ বাবে অসমলৈ আহি থাকি চাই যাবলৈও আহ্বান জনায় । ১০ দিন থাকিলে ম্যানমাৰলৈ পৰেশ বৰুৱাৰ উভতি যাবলৈ মন নোযোৱাৰ কথাও উল্লেখ কৰে ড০ শৰ্মাই। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ৮০ৰ অসমীয়াৰ সংজ্ঞা আৰু আজিৰ অসমীয়াৰ সংজ্ঞা সলনি হৈছে । যোৱা দুটা বছৰত ৰাজ্যত শান্তি দেখা পাইছোঁ। তদুপৰি আলফাৰ শান্তি চুক্তিক ভৱিষ্যত প্ৰজন্মই মূল্যাংকন কৰিব বুলি কৈ ড০ শৰ্মাই কয়- আলফাক সন্ত্ৰাসবাদী বুলি ক’লে মই বিশ্বাস নকৰোঁ। দেশ আৰু জননীৰ বিৰুদ্ধে নহয় আলফা । তদুপৰি এৰি অহা সংগঠনটোক সহায় কৰাৰ মানসিকতা থাকিব নালাগে বুলিও বুজনি দিয়ে মুখ্যমন্ত্ৰীয়ে ।

You might also like