নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাউৰী ‘ক’লা’ বিশেষণক নস্যাৎ কৰি বিশ্বৰ প্রকৃতিবিদৰ মাজত নব্য চিন্তাৰ উন্মেষঃ কেমেৰাত বন্দী বগা কাউৰী

নিয়মীয়া বার্তা, ১৪ মে’ : ‘কাউৰী ক’লা’ এই বিশেষণেৰে বিভিন্ন গীত–কবিতা ৰচকৰ হাতত সৃষ্টি হোৱাৰ উপৰি তুচ্ছ–তাচ্ছিল্যৰ অর্থত ব্যৱহৃত উপমাসূচক মন্তব্যক সম্পূর্ণ নস্যাৎ কৰি সম্প্রতি কাউৰী বগালৈ পৰিৱর্তিত হৈছে ৷ প্রকৃতিৰ খেয়ালীৰ সৃষ্টিত ৰং সলনি কৰা বগা কাউৰী শেহতীয়াকৈ ধৰা পৰিছে প্রকৃতিপ্রেমী তথা অইল ইণ্ডিয়াৰ জন পৰিক্রমা বিভাগৰ আলোকচিত্র গ্রহণকাৰী নগেন বৰুৱাৰ কেমেৰাৰ লেন্সত৷ প্রকৃতিৰ জগতৰ এই ঘটনাই বিশ্বৰ প্রকৃতিবিদসকলৰ মনলৈ নব্য চিন্তাধাৰাৰ উন্মেষ ঘটাব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে প্রকৃতিপ্রেমী সংগঠন নেচার্চ বেকনৰ সঞ্চালক তথা পৰিৱেশ সংৰক্ষণকাৰী আৰু বিশিষ্ট লেখক সৌম্যদ্বীপ দত্তই ৷

আনহাতে নগেন বৰুৱাৰ কেমেৰাৰ লেন্সত বন্দী কৰা এই শুধ বগা কাউৰীটোক চিনাক্ত কৰা ঘটনাটো বিশ্বৰ ভিতৰতে বিৰল বুলি ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিছে ৷ প্রকৃতিৰ জগতলৈ নতুন সম্ভাৱনাক সংযোগ ঘটোৱা এই বিৰল ঘটনাটোক লৈ তেওঁ উৎসাহিত হৈ পৰাৰ লগতে উল্লেখ কৰিছে যে এইবিধ চৰাই কাউৰী প্রজাতিৰে হয় অর্থাৎ ‘হাউচ ক্র’ ৷ কোনো কাৰণত বগা ৰঙলৈ পৰিৱর্তিত হৈছে ৷ পুনৰ প্রকৃতিবিদগৰাকীয়ে কয় কাউৰী ডেউকা সামান্য পৰিমাণে বগা দেখিছো ৷ কিন্তু এইদৰে সম্পূর্ণ বগা কাউৰী আগতে দেখা নাই ৷ বিগত সপ্তাহত দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য ক্ষেত্রীয় কার্যালয়ৰ সমীপত উদ্ধাৰ হোৱা এইবিধ চৰাই পুনৰ ইয়াৰ কাষৰীয়া অঞ্চলত দেখা পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সৌম্যদ্বীপ দত্তই ৷ নগেন বৰুৱাৰ কেমেৰাৰ লেন্সত সাধাৰণ কাউৰীৰ লগতে অজ্ঞাতে আবদ্ধ হোৱা বগা কাউৰীবিধৰ ফটোৱে তীব্র কৌতূহলৰো সৃষ্টি কৰিছে প্রকৃতিপ্রেমীসকলৰ মাজত ৷

You might also like