নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত চাউলৰ বৃহৎ কেলেংকাৰি উন্মোচন মৰিগাঁও জিলা যোগান বিভাগৰ

🔹 নগাবন্ধা সমবায় সমিতিৰ গুদামত জব্দ অতিৰিক্ত ৮৮ কুইণ্টল চাউল

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিল : লাহৰীঘাটত সমবায় সমিতিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ বৃহৎ পৰিমাণৰ চাউল কেলেংকাৰি। বৃহৎ বগা চাউলৰ কেলেংকাৰি উন্মোচন কৰিলে মৰিগাঁও জিলা যোগান বিভাগে। লাহৰীঘাটৰ নগাবন্ধা সমবায় সমিতিত এজেন্টসকলক কমকৈ চাউল দিয়াৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিল। সেই অভিযোগৰ ভিত্তিত কালি আবেলি মৰিগাঁও জিলা যোগান বিভাগৰ সহকাৰী সঞ্চালক মতিনুৰ ৰহমানে নগাবন্ধা সমবায় সমিতিত তদন্ত কৰে। সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ তদন্তত সমিতিৰ গুদামত ৮৮ কুণ্টইল চাউল বেছিকৈ পায়। এই ৮৮ কুণ্টইল চাউল ক’ৰ পৰা গুদামত আহিল। সেয়া এক ৰহস্য হৈ পৰিছে। পূৰ্বৰে পৰা উত্থাপন হোৱা এজেন্টসকলক কমকৈ চাউল দিয়াটো সঁচা প্ৰমাণিত হ’ল। সহকাৰী সঞ্চালকগৰাকীয়ে সমবায় সমিতিৰ গুদামত মজুত থকা ৪৮৪ কুণ্টইল চাউল বাজেয়াপ্ত কৰে। আনকি সমবায় সমিতিৰ বিভিন্ন ধৰণৰ নথি-পত্ৰ জব্দ কৰে। সমবায় সমিতিখনে এজেন্টক কমকৈ চাউল বিতৰণ কৰি ৰাহি চাউলখিনি অধিক দামত ক’লা ব্যৱসায়ীৰ হাতত তুলি দিয়ে। নগাবন্ধা সমবায় সমিতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সহকাৰী সঞ্চালক মতিনুৰ ৰহমানে প্ৰকাশ কৰে। আনহাতে, লাহৰীঘাট অঞ্চলত বগা চাউলৰ ব্যৱসায়ৰ এটা ডাঙৰ চক্ৰ আছে। যাৰ পৰিপ্ৰেক্ষিতত সহকাৰী সঞ্চালক মতিনুৰ ৰহমানৰ বলিষ্ঠ পদক্ষেপত লাহৰীঘাটৰ বগা চাউলৰ কেলেংকাৰিত ৪খন সমবায় সমিতিক নিলম্বন কৰাৰ লগতে ১খন সমবায়ৰ অনুজ্ঞা-পত্ৰ বাতিল কৰা হৈছে। শীঘ্ৰে লাহৰীঘাটত অব্যাহত থকা ক’লা ব্যৱসায় সমূলি উৎখাত কৰাৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব যোগান বিভাগৰ সহকাৰী সঞ্চালকগৰাকী।

প্ৰেৰক আবুল কালাম

You might also like